ETV Bharat / international

ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত

author img

By

Published : Jan 7, 2021, 6:12 PM IST

আমেৰিকান স্থলসেনাৰ চিআইঅ’ৰ পদমৰ্যদা ভাৰতীয় স্থলসেনাৰ এগৰাকী লেফটেনেন্ট জেনেৰেল বিষয়াৰ সমপৰ্যায়ৰ ৷ অৰ্থাৎ তেওঁ এগৰাকী তিনি তাৰকাযুক্ত বিষয়া ৷

ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত
ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ আমেৰিকান সেনাৰ চিআইঅ’ নিযুক্ত

নিউজ ডেস্ক, 7 জানুৱাৰী : আমেৰিকান সেনাৰ শীৰ্ষ পদবীত অধিস্থিত হৈছে এগৰাকী ভাৰতীয় মুলৰ আমেৰিকান লোক ৷ 2020ত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে আমেৰিকান স্থলসেনাৰ বাবে গঠন কৰা মুখ্য যোগাযোগকাৰী বিষয়া হিচাপে নিযুক্ত হৈছে ভাৰতীয় মুলৰ ব্যক্তি ৷ চিআইঅ’ হিচাপে জনাজাত এইটো পদবীত প্ৰথমগৰাকী বিষয়া হিচাপে নিযুক্ত হৈছে ভাৰতীয় মুলৰ ড৹ ৰাজ আয়াৰ ৷

প্ৰথমবাৰৰ বাবে আমেৰিকান সেনাৰ শীৰ্ষ পদবীত অধিষ্ঠিত হোৱা ড৹ ৰাজ আয়াৰ মুলত তামিলনাডুৰ তিৰুচিৰাপল্লীৰ বাসিন্দা আছিল আৰু বেংগালুৰুত তেওঁ ডাঙৰ-দীঘল হৈছিল ৷ এনআইটি টিৰচিৰ পৰা তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা বিষয়ত স্নাতক শিক্ষা গ্ৰহণ কৰাৰ লগতে আমেৰিকাৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও মিচিগান বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যিক প্ৰশাসন বিষয়তো স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিল ৷ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা ড৹ ৰাজ আয়াৰে টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷

ভাৰতীয় স্থলসেনাৰ তিনি তাৰকাযুক্ত লেফটেনেন্ট জেনেৰেলৰ সমপৰ্যায়ৰ পদবী হৈছে আমেৰিকান সেনাৰ মুখ্য যোগাযোগকাৰী বিষয়াৰ পদবী ৷ এই পদবীত অধিষ্ঠিত হোৱা ড৹ ৰাজ আয়াৰ হৈছে প্ৰথমগৰাকী অসামৰিক ব্যক্তি যিয়ে সমগ্ৰ আমেৰিকান স্থলসেনাৰ তথ্য-প্ৰযুক্তি বিভাগৰ তদাৰক কৰিব ৷ ইতিমধ্যে এই পদত যোগদান কৰা আয়াৰে ইয়াৰ পূৰ্বে আমেৰিকান সেনাৰ সচিবৰ মুখ্য পৰামৰ্শদাতা হিচাপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট ৷

বৰ্তমানে ড৹ ৰাজ আয়াৰে আমেৰিকান স্থলসেনাৰ আধুনিকীকৰণৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ লগতে ইয়াক চোৱাচিতা কৰিব ৷ ইয়াৰ উপৰিও তেওঁ আমেৰিকান স্থলসেনাৰ হৈ চীন আৰু ৰাছিয়াৰ তথ্য-প্ৰযুক্তিখণ্ডৰ ওপৰতো অহনিৰ্শে চকু ৰাখিব ৷

লগতে পঢ়ক : প্ৰচণ্ড শীতকো নেওচি কৰ্তব্য সমাপন কৰিছে আইটিবিপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.