ইন্টাৰনেশ্বনেল ডেস্ক, 24 ছেপ্টেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কটাক্ষ কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক ৷ খানে পাকিস্তানৰ চুবুৰীয়া দেশ সম্পৰ্কত আফগানিস্তান আৰু ভাৰতবৰ্ষৰ নাম লোৱাৰ সময়তে ব্যংগাত্মক সুৰত প্ৰত্যুত্তৰ প্ৰদান কৰে ট্ৰাম্পে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, খান এক 'বন্ধুত্বপূৰ্ণ চুবুৰী'ত বসবাস কৰে ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই বৈঠকত উপস্থিত সকলোকে হাঁহিৰ খোৰাক যোগায় ৷
উল্লেখ্য যে, ছেপ্টেম্বৰৰ 23 তাৰিখে নিউয়ৰ্কত ড'নাল্ড ট্ৰাম্পৰ সৈতে মিলিত হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ ছেপ্টেম্বৰৰ 27 তাৰিখে অনুষ্ঠিত হ'বলগা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে খান আমেৰিকা ভ্ৰমণৰত ৷