ETV Bharat / international

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মতামত মাইক্ৰ’ছফ্ট চি.ই.অৰ

মাইক্ৰ’ছফ্ট কৰ্প’ৰেচনৰ চি.ই.অ’ সত্য নডেলাই সোমবাৰে ভাৰতবৰ্ষৰ বহু বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মতামত ব্যক্ত কৰে ৷ নতুনকৈ নাগৰিকত্ব লাভ কৰাসকলৰ দ্বাৰা দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

Hope every single immigrant in India may equally benefit: Microsoft CEO
সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মতামত মাইক্ৰ’ছফ্ট চি.ই.অৰ
author img

By

Published : Jan 14, 2020, 11:02 AM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ আমেৰিকান বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ’ছফ্ট কৰ্প’ৰেচনৰ চি.ই.অ’ সত্য নডেলাই সোমবাৰে ভাৰতবৰ্ষৰ বহু বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত মতামত ব্যক্ত কৰে ৷ তেওঁ উল্লেখ কৰে যে এই আইনৰ জৰিয়তে যিসকল নাগৰিকে নতুনকৈ নাগৰিকত্ব লাভ কৰিব সেইসকলৰ পৰা দেশৰ এক সমৃদ্ধ ভৱিষ্যত গঢ় লৈ উঠিব বুলি আশা কৰিব পাৰি ৷ লগতে দেশৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

নাডেলাই লগতে উল্লেখ কৰে যে প্ৰত্যেকখন দেশেই নিজৰ সীমাৰ পৰিসৰ বৃদ্ধি কৰা উচিত আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ উপৰি প্ৰব্ৰজনৰ নীতি নিৰ্ধাৰণ কৰাৰ দৰকাৰ ৷ ইয়াৰোপৰি তেওঁ কয় যে ‘মই ভাৰতীয় ঐতিহ্যৰ দ্বাৰা আবৃত তথা এখন বৈচিত্ৰ্য়ৰে পৰিপূৰ্ণ দেশত ডাঙৰ হৈছো ৷ কিন্তু বৰ্তমান মই আমেৰিকাৰ নিবাসী হিচাপে নিজকে অনুপ্ৰৱেশকাৰীৰূপে অনুভৱ হয়’ ৷

আনহাতে সত্য নডেলা আমেৰিকাত বসবাস কৰা প্ৰবাসী ভাৰতীয় যদিও বৰ্তমান তেওঁ আমেৰিকাৰ প্ৰযুক্তি জগতৰ এজন মুখ্যতম ব্যক্তি ৷ আনহাতে ৱাজফীডৰ সম্পাদক বেন স্মিথে এক সাক্ষাৎকাৰত উল্লেখ কৰে যে সংশোধিত নাগৰিকত্ব আইন যথেষ্ট দুৰ্ভাগ্যজনক আৰু দুখজনক ৷ টুইটাৰৰ জৰিয়তে বেনে ভাৰতৰ নতুন আইন নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মাইক্ৰ’ছফ্ট কৰ্প’ৰেচনৰ চি.ই.অ’ সত্য নডেলাক প্ৰশ্ন কৰে ৷ (তেওঁ কয়) মোৰ অনুভৱ হয় যে বৰ্তমান এই আইনখনক লৈ যিবোৰ হৈ আছে ই যথেষ্ট দুখজনক ৷ লগতে কয় যে ‘মই এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰি ইন্ফোচিচৰ পৰৱৰ্তী চি.ই.অ’ হিচাপে চাবলৈ পচন্দ কৰিম’ ৷

আৰু পঢ়কঃভাৰত-ইৰাণৰ পৰিপক্ক সম্পৰ্কত ট্ৰাম্পৰ মন্তব্যই আঘাত নকৰেঃ ইৰাণৰ মন্ত্ৰী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.