নিউজ ডেস্ক, 24 অক্টোবৰ : ডেম’ক্ৰেটিক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত প্ৰাৰ্থী আমেৰিকাৰ জ’ বিডেনৰ ভাষ্য ৷ তেওঁ কয় যে, ‘‘মই সদায় নিজকে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ সৈতে গভীৰভাৱে জড়িত বুলি অনুভৱ কৰো ৷ কাৰণ, মোৰ আইৰিছ পূৰ্বপুৰুষে আমেৰিকাত ভাল জীৱন অতিবাহিত কৰিবলৈ যি বলিদান দিছিল, সেই মূল্য অনুভৱ কৰো ৷"
লগতে তেওঁ কয় যে, ‘‘আমি সদায় ভাৰতীয় ৰীতি-নীতিৰ দৰে ডাঙৰৰ প্ৰতি থকা কৰ্তব্য, সন্মান, আত্ম-অনুশাসন, ব্যৱহাৰ আদিৰ ওপৰত গুৰুত্ব দিওঁ ৷ সেয়েহে মই নিজকে ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ বুলি ভাৱো ৷"
বিডেনে তেওঁৰ পৰিয়ালৰ লগতে ভাৰতীয় আমেৰিকানসকলে দিয়া বলিদান সম্পৰ্কে মন্তব্য আগবঢ়ায় ৷ তেওঁৰ সহযোগী কমলা হেৰিছ সন্দৰ্ভত বিডেনে কয় যে, ‘‘কমলা হেৰিছ স্মাৰ্ট আৰু নিৰ্বাচনৰ বাবে সাজু ৷ কমলাৰ মাতৃ শ্যামলা গোপালনৰ পৰা বহুখিনি অনুপ্ৰেৰণা লাভ কৰো ৷ যেতিয়া কমলাই তেওঁৰ মাতৃৰ কথা কয়, সঁচাকৈয়ে আমি গৰ্ব অনুভৱ কৰো ৷"
আনহাতে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰি বিডেনৰ মন্তব্য, ‘‘ৰাষ্ট্ৰপতি ট্ৰাম্পে আমাৰ মূল্য ভাগ-বতৰা নকৰে ৷ আজিৰ আমেৰিকা আমাৰ সপোনৰ আমেৰিকাৰ দৰে অনুভৱ নহয় ৷"
শুকুৰবাৰে Curb Event Centerত ট্ৰাম্প আৰু বিডেনৰ অন্তিমখন বাকযুদ্ধ সম্পন্ন হৈছিল ৷ আগন্তুক 3 নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
লগতে পঢ়ক : আমেৰিকাত নৌসেনা বাহিনীৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : দুজনৰ মৃত্যু