নিউজ ডেস্ক, ২০ জানুৱাৰী: বুধবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে শপত গ্ৰহণ কৰাৰ লগতে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও শপত গ্ৰহণ কৰিব । আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰা ভাৰতীয় মূলৰ কমলা হেৰিছ । তেওঁ এগৰাকী অভূতপূৰ্ব প্ৰচিকিউটৰ (অধিবক্তা) আছিল যিয়ে ট্ৰাম্পৰ নিযুক্তি আৰু আদালতৰ মনোনীতৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । এইদৰে হেৰিছে নম্ৰভাৱে প্ৰশ্ন কৰা শৈলীটোৱে তেওঁক ডেমক্ৰেটিক ষ্টাৰ সজাইছিল ।
১৯৬৪ চনত জন্মলাভ কৰা ৫৬ বৰ্ষীয় কমলা হেৰিছে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হোৱাৰ অভিলেখ গঢ়ে। ডেমক্ৰেটসকলে আশা কৰিছে যে তেওঁৰ নেতৃত্বত দেশ শক্তিশালী হিচাপে গঢ় লৈ উঠিব । লগতে যিসকল ডেমক্ৰেট ভোটাৰে বাইডেনক লৈ সূক্ষ্ম সন্তুষ্টি লাভ কৰিছে বিশেষকৈ আফ্ৰিকান, আমেৰিকান আৰু যুৱ প্ৰজন্মৰ সেইসকলক সক্ৰিয় হিচাপে হেৰিছৰ নেতৃত্ব আগবঢ়াবলৈ সহায় কৰিব বুলি আশা ব্যক্ত কৰে ।
![আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব কমলা হেৰিছে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10302815_harris.jpg)
উল্লেখ্য যে, কমলা হেৰিছৰ পিতৃ আছিল জামাইকান মূলৰ অৰ্থনীতিবাদ তথা ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ ড'নাল্ড হেৰিছ আৰু মাতৃ বায়'মেডিকেল বিজ্ঞানী চেন্নাইৰ শ্যামলা গোপালন । হেৰিছৰ মাতৃ শ্যামলা গোপালনে ১৯ বছৰ বয়সতে কেলিফৰ্ণিয়াৰ বাৰ্কেলীলৈ গৈছিল । সেই সময়তে শ্যামলাই ড'নাল্ড হেৰিছক লগ পাই বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ সুখৰ সংসাৰত দুগৰাকী কন্যা সন্তান আছিল । কমলা হেৰিছ আৰু তেওঁৰ ভগ্নী মায়া হেৰিছ । হেৰিছে তেওঁৰ জনসভাত সদায় 'মাতৃভূমি' সম্পৰ্কত বক্তব্য প্ৰদান কৰিছিল ।
মন কৰিবলগীয়া যে, ড'নাল্ড ট্ৰাম্প, মাইক পেন্স আৰু জ' বাইডেনতকৈও কম বয়সীয়া মহিলা উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ । কমলা হেৰিছ হ’ল আমেৰিকাৰ সৰ্বোচ্চ ৰাজনৈতিক কাৰ্যালয়ৰ বাবে নিৰ্বাচনত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা তথা প্ৰথমগৰাকী ভাৰতীয় মূলৰ কৃষ্ণাংগ আমেৰিকান মহিলা