ETV Bharat / international

বিডেন-হেৰিছক প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ অভিনন্দন

2020 আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা জ' বিডেন আৰু কমলা হেৰিছক অভিনন্দন জ্ঞাপন কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে ৷

বিডেন হেৰিছক প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ অভিনন্দন

author img

By

Published : Nov 9, 2020, 9:18 AM IST

Updated : Nov 9, 2020, 11:09 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ৰাষ্ট্ৰপতি নিৰ্বাচিত জ' বিডেন আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছক অভিনন্দন প্ৰদান কৰে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে ৷ এক বাৰ্তাযোগে প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা জ' বিডেনক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰদান কৰা ভাষণক লৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছকো তেওঁৰ ঐতিহাসিক জয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

যদিও বুশ্ব আৰু বিডেনৰ মাজত স্পষ্ট ৰাজনৈতিক বিৰোধ আছে তথাপিও বুশ্বে বিডেনক এগৰাকী ভাল ব্যক্তি বুলিয়ে কয় ৷ ডেম'ক্ৰেটছ দলৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'লেও বিডেনে এতিয়া সমগ্ৰ আমেৰিকাবাসীকে শাসন কৰিব ৷ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি অবামাৰ দৰেই ৰাষ্ট্ৰপতি নিৰ্বাচিত বিডেনেও আমেৰিকাক এখন মহান ৰাষ্ট্ৰ হিচাপে গঢ় দিবলৈ সক্ষম হ'ব বুলি কয় বুশ্বে ৷

বিডেনে ৰাষ্ট্ৰপতি ট্ৰাম্পক পৰাজিত কৰি আমেৰিকাৰ 46 সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে ৷ 78 বছৰীয়া বিডেন হৈছে আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ জ্যেষ্ঠ ৰাষ্ট্ৰপতি ৷

চাৰি দশকধৰি ৱাশ্বিংটনত এগৰাকী ছিনেটৰ, এগৰাকী উপ-ৰাষ্ট্ৰপতি আৰু এতিয়া ৰাষ্ট্ৰপতি হিচাপে হোৱাইট হাউচলৈ এই যাত্ৰাত 74 মিলিয়ন ভোট লাভ কৰে বিডেনে ৷

লগতে পঢ়ক : বিডেন হেৰিছৰ বাবে প্ৰথম প্ৰত্যাহ্বান কোভিড-19

Last Updated : Nov 9, 2020, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.