নিউজ ডেস্ক, ৬ জুনঃ শুকুৰবাৰে জৰ্জিয়াত সংঘটিত হয় শোকাৱহ বিমান দুৰ্ঘটনা । এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে নিহত হয় ৫ জন লোকৰ । ফ্লৰিডাৰ এটা পৰিয়ালৰ ৪ জন সদস্যই বিমানখনেৰে ইণ্ডিয়ানালৈ অন্তিম সৎকাৰত অংশ গ্ৰহণ কৰিবলৈ যোৱা সময়তে দুৰ্ঘটনাগ্ৰস্থ হয় বিমানখন । ফলত বিমান চালককে ধৰি পৰিয়ালটোৰ আটাইকেইজন সদস্য নিহত হয় ।

পুটনাম দেশৰ শ্বেৰীফ হাৱাৰ্ড ছীলচে্ স্থানীয় সংবাদ আউটলেটৰ আগত প্ৰকাশ কৰে যে, আটলাণ্টাৰ দক্ষিণ-পূবৰ প্ৰায় ১৬১ কিলোমিটাৰ নিলগত সংঘটিত দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হয় । মৃত্যু হোৱা সকলৰ ভিতৰত দুজন শিশু আছিল বুলিও জানিব পৰা গৈছে ।