ETV Bharat / international

আমেৰিকাত ক'ৰণাৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন ব্যক্তিক চিনাক্ত - আমেৰিকাত ক'ৰণাৰ নতুন প্ৰবাহ

আমেৰিকাত ক'ৰণা ভাইৰাছৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন ৰোগী ক'লডা ৰাজ্যত পোৱা গৈছে ৷ এই কথা সদৰি কৰিছে ৰাজ্যখনৰ ৰাজ্যপাল জ'ৰেড প'লিছে ৷

First case of UK coronavirus variant detected in US
আমেৰিকাত ক'ৰণাৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন চিনাক্ত
author img

By

Published : Dec 30, 2020, 12:09 PM IST

Updated : Dec 30, 2020, 12:31 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক'লডা ৰাজ্যত প্ৰথমজন ক'ৰণা ভাইৰাছৰ নতুন প্ৰবাহত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷ এই কথা সদৰি কৰিছে ৰাজ্যখনৰ ৰাজ্যপাল জ'ৰেড প'লিছে ৷

এক ট়ুইট যোগে এই তথ্য প্ৰকাশ কৰি তেওঁ কয়,ৰোগীৰ জনৰ লক্ষণ সমূহ ব্ৰিটেইনত অব্যাহত থকা ক'ৰণা নতুন প্ৰবাহৰ লক্ষণৰ লগত মিল থকা দেখা গৈছে ৷ ইতিমধ্যে ৰোগীজন সম্পূৰ্ণ নিৰীক্ষণৰ আওতাত ৰখা হৈছে বুলি জানিবলৈ দিছে ৰাজ্যপাল গৰাকীয়ে ৷

তেওঁ লগতে উল্লেখ কৰে যে, এই নতুন COVID-19 প্ৰবাহৰ বিষয়ে তেওঁ লোকৰ ওচৰত যথেষ্ট নাই ৷ গতিকে এই ক্ষেত্ৰত সকলোকে অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী সকলে ৷

উল্লেখ্য যে,জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯,৫২১,৬১৩ ক'ৰণা আক্ৰান্ত হোৱা বিপৰীতে ৩৩৭,৮২৯ জন ক'ৰণা ৰোগীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : বিদ্যালয়ৰ অভাৱত হাতত কিতাপ-বহী লৈ প্ৰতিবাদ শতাধিক ছাত্ৰ-ছাত্ৰীৰ

Last Updated : Dec 30, 2020, 12:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.