ETV Bharat / international

ৰিপাব্লিকানৰ ৰাষ্ট্ৰীয় সন্মিলন আৰু ট্ৰাম্পৰ ভাষণ

"মোৰ পিতৃয়ে শক্তিশালী পদক্ষেপ লৈছে ৷ তেওঁ কি বিশ্বাস কৰে সেয়া তেওঁৰ জ্ঞাত আৰু তেওঁৰ চিন্তাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ তেওঁৰ সৈতে সহমত হওঁক বা নহওঁক, তেওঁৰ স্থান ক'ত সেয়া আপোনালোকে জানে ৷ মোৰ পিতৃৰ কথা কোৱাৰ ধৰণটো বহুতৰে সহ্য নহয় আৰু তেওঁৰ টুইটসমূহো ৷ কিন্তু ইয়াৰ ফলাফলে তেওঁৰ বিষয়েই প্ৰকাশ কৰে ৷" ইভাংকাই পিতৃ ট্ৰাম্প সন্দৰ্ভত এইদৰে কয় ৷

Decoding Republican National Convention And Trump Speech
ৰিপাব্লিকানৰ ৰাষ্ট্ৰীয় সন্মিলন আৰু ট্ৰাম্পৰ ভাষণ
author img

By

Published : Aug 29, 2020, 10:15 AM IST

ইন্টাৰনেশ্যনেল ডেক্স, 29 আগষ্টঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজি আনুষ্ঠানিকভাৱে তেওঁৰ পুন-মনোনয়ন দাখিল কৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে তেওঁ নিজৰ মনোনয়ন দাখিল কৰে ৷

হোৱাইট হাউচত কোনোধৰণৰ সামাজিক দুৰত্ব আৰু মাস্ক নিপিন্ধাকৈ কন্যা ইভাংকা ট্ৰাম্পৰ সৈতে আহি উপস্থিত হোৱাৰ লগতে নিজৰ মনোনয়ন দাখিল কৰে ৷

ৰিপাব্লিকানৰ ৰাষ্ট্ৰীয় সন্মিলন আৰু ট্ৰাম্পৰ ভাষণ

ইভাংকাই নিজৰ ভাষণত তেওঁৰ পিতৃক ৰাইজৰ ৰাষ্ট্ৰপতি বুলি উল্লেখ কৰাৰ লগতে তেওঁ আমেৰিকাক পুনৰবাৰ এখন মহান ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি উল্লেখ কৰে ৷

"মোৰ পিতৃয়ে শক্তিশালী পদক্ষেপ লৈছে ৷ তেওঁ কি বিশ্বাস কৰে সেয়া তেওঁৰ জ্ঞাত আৰু তেওঁৰ চিন্তাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ তেওঁৰ সৈতে সহমত হওঁক বা নহওঁক, তেওঁৰ স্থান ক'ত সেয়া আপোনালোকে জানে ৷ মোৰ পিতৃৰ কথা কোৱাৰ ধৰণটো বহুতৰে সহ্য নহয় আৰু তেওঁৰ টুইটসমূহো ৷ কিন্তু ইয়াৰ ফলাফলে তেওঁৰ বিষয়েই প্ৰকাশ কৰে ৷" ইভাংকাই পিতৃ ট্ৰাম্প সন্দৰ্ভত এইদৰে কয় ৷

ট্ৰাম্পে নিজৰ ভাষণত তেওঁৰ প্ৰতিদ্বন্দী জ্ বিদেন আৰু তেওঁৰ 47 বৰ্ষীয় কাৰ্যকালক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ট্ৰাম্পৰ মতে, ডেম'ক্ৰেটছসকল হৈছে অতিশয় মৌলবাদী বাঁওপন্থী চিন্তাধাৰাৰে পুষ্ট ৷ যাৰ বাবেই ডেম'ক্ৰেটছসকলৰ শাসনত থকা মিনিয়াপোলিছ অথবা কেনোছাত বৰ্ণবাদ আৰু ক'লা লোকসকলৰ জীৱনক লৈ ব্যাপক হিংসা সংঘটিত হৈছে ৷ "এয়া আমাৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন ৷ পূৰ্বতে কোনো ভোটাৰে দুটা দল, দুটা আদৰ্শ, দুটা চিন্তাধাৰা, দুটা কৰ্মনীতিৰ সন্দৰ্ভত স্পষ্টভাৱে নিৰ্দিষ্ট কৰিব পৰা নাছিল ৷ এই নিৰ্বাচনে আমেৰিকাৰ সপোন সুৰক্ষিত কৰিব নে আমাৰ স্পষ্টবাদী ভাগ্যক সামাজিকভাৱে ধ্বংস কৰিবলৈ অনুমতি প্ৰদান কৰিব সেয়া নিশ্চিত কৰিব ৷" ট্ৰাম্পে এইদৰে কয় ৷

ট্ৰাম্পে নিজৰ 71 মিনিটৰ দীঘলীয়া ভাষণত কয় যে, "আৰু এই নিৰ্বাচনে নিৰ্ধাৰিত কৰিব যে, আমি আমেৰিকান জীৱন ধাৰণৰ মান ৰক্ষা কৰিব নে, ইয়াক ধ্বংস কৰিবলৈ মৌলবাদী আন্দোলনক প্ৰশ্ৰয় দিম ৷ ডেমক্ৰেট ৰাষ্ট্ৰীয় সন্মিলনত জ্ বিদেন আৰু তেওঁৰ দলে আমেৰিকাক বাৰে বাৰে এখন বৰ্ণবাদী, অসামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰতাৰিত দেশ বুলি উল্লেখ কৰিছে ৷ আজি মই আপোনালোকক সুধিব বিছাৰিছো, ডেমক্ৰেটছসকলে কিদৰে আমাৰ দেশক ৰক্ষা কৰিব, যিহেতু অধিকাংশ সময় তেওঁলোকে আমাক কন্দুৱাইছে ৷"

বিগত সপ্তাহত ভাৰ্চুৱেলী অনুষ্ঠিত হৈ যোৱা ডেম'ক্ৰেটিক সন্মিলনৰ ওপৰত ৰিপাব্লিকান সন্মিলনে কিদৰে অধিক অধিগ্ৰহণ কৰিব ? বহুতেই হোৱাইট হাউচে আমেৰিকান ৰাষ্ট্ৰপতিৰ লগতে তেওঁৰ দলক ৰক্ষণাবেক্ষণ দিয়া বুলি সমালোচনা কৰিছে ৷ সঁচাকৈ ট্ৰাম্পক তেওঁৰ নীতিৰ দ্বাৰা অধিক স্পষ্ট ৰূপত দেখুৱাবলৈ চেষ্টা কৰা হৈছে নেকি ? নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুখ্য দিশসমূহ কি হিচাপে প্ৰকাশ পাব ?

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাই আমাৰ #BattlegroundUSA2020 শীৰ্ষক এই প্ৰতিবেদনত ৰিপাব্লিকান ৰাষ্ট্ৰীয় সন্মিলন আৰু ট্ৰাম্পৰ মনোনয়ন দাখিলৰ ভাষণৰ বিষয়ে দাঙি ধৰিছে ৷

ৱাশ্বিংটন ডিচিস্থিত জ্যেষ্ঠ সাংবাদিক তথা নিৱন্ধকাৰ সীমা চিৰোহীয়ে কয় যে, "হোৱাইট হাউচ লনত 1500ৰো অধিক লোক আছিল আৰু তেঁওলোকৰ অধিকাংশই মাস্ক পৰিধান কৰা নাছিল ৷ এয়া স্পষ্টভাৱে দেখা গৈছিল ৷ যেন মহামাৰী নাই, তেনেকৈয়ে তেঁওলোক একেবাৰে ওচৰা ওচৰিকৈ বহিছিল ৷ এগৰাকী বক্তাই মহামাৰী সন্দৰ্ভত অতীত কালত ভাষণ প্ৰদান কৰে ৷ সেয়ে ইয়াক এক অন্য বিশ্ব যেনহে লাগিছিল ৷ হোৱাইট হাউচৰ এখন প্ৰৱেশদ্বাৰত প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰি ৰাখিছিল ৷ ৱাশ্বিংটনত অহাকালি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হ'ব ৷ মোৰ লাগিছিল যে, এয়া দুখন পৃথক পৃথক দেশত হৈ আছে ৷ সন্মিলনৰ সময়ত এয়া দেখা গৈছিল যদিও আজি ইয়াক শব্দৰে প্ৰকাশ কৰিব পৰাকৈ যথেষ্টখিনি হৈ গৈছে ৷"

"আজি এটা কাহিনী শুনিব যে, আমেৰিকা কি আৰু ট্ৰাম্পৰ নীতিৰ ফালৰ পৰা ই কি হ'ব আৰু কিছুদিন পূৰ্বৰ বিদেনৰ নীতিৰ পৰা আমেৰিকা কি হ'ব ৷ এক কথাত দুয়োটা দিশেই সমানে বৈধ আৰু সমানে অবৈধ ৷ তেওঁলোকৰ সাফল্য নিৰ্বাচনৰ ফলাফলেহে নিৰ্ধাৰিত কৰিব ৷" দা হিন্দু সংবাদপত্ৰৰ সহযোগী সম্পাদক ভাৰ্গিছ কে জৰ্জে এইদৰে কয় ৷

"এইটো নিৰ্বাচনত ট্ৰাম্প আৰু বিদেনে প্ৰকাশ কৰা নীতিৰ ওপৰত লক্ষ্য কৰিলে দুয়োটা কাহিনীয়ে দেখায় যে, আমি ভাইৰাছক কোনোধৰণে খাতিৰ নকৰো ৷ আমি এনে এক সভ্যতা যিয়ে কেতিয়াও আত্মসমৰ্পন কৰা নাই কিন্তু ইয়াৰ বিপৰীতে যুদ্ধ কৰিছো আৰু ভাইৰাছটো ধ্বংস কৰিম ৷ এয়া আমেৰিকাই বিশ্ববাসীৰ প্ৰতি প্ৰকাশ কৰা তেওঁলোকৰ শক্তিশালী ভাষ্য ৷ সেয়া হৈছে এখন দেশ যিয়ে আমেৰিকাক বিশ্বাস কৰে, সেইখন দেশে ইৰাকত গৈ যুদ্ধ কৰি মধ্য-প্ৰাচ্যত গণতন্ত্ৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷" 2016ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ৱাশ্বিংটনত থকা ভাৰ্গিছে লগতে এইদৰে উল্লেখ কৰে ৷

ৰিপাব্লিকান আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক আদৰ্শজনিত প্ৰচাৰ নীতি সন্দৰ্ভত তেওঁৰ ধাৰণা কৰে যে, প্ৰধানমন্ত্ৰী মোডীৰ হিন্দু-হিন্দুত্ব ধাৰণাৰ দৰেই ট্ৰাম্পেও বৃহৎ কেথলিক বিশ্বাসক লৈয়ে নিজৰ প্ৰচাৰত নামিছে ৷

মনোনয়ন দাখিলৰ ভাষণত ট্ৰাম্পে বিদেনৰ ওপৰত আঙুলি টোৱাই কয় যে, জ্ বিদেন নিৰ্বাচিত হ'লে চীনে আমাৰ দেশ দখল কৰিব ৷ ইয়াৰ লগতে জেৰুজালেমলৈ আমেৰিকাৰ দূতাৱাস স্থাপন আৰু ইউএই আৰু ইজৰাইলৰ মাজত সম্পাদিত চুক্তি সন্দৰ্ভতো ট্ৰাম্পে উল্লেখ কৰে ৷

"যেতিয়া মই কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰিছিলো, সমগ্ৰ মধ্য-প্ৰাচ্যই একপ্ৰকাৰে হাহাকাৰময় অৱস্থাত আছিল ৷ আইছিছে ধ্বংসলীলা চলাই গৈছিল আৰু ইৰাণৰ উত্থান ঘটিছিল তথা আফগানিস্থানত যুদ্ধৰ বিভীষিকা আৰম্ভ হৈছিল ৷ মই একপক্ষীয় তথা ভয়ংকৰ ইৰাণ পাৰমানৱিক চুক্তিৰ পৰা আঁতৰি আহিছিলো ৷ মোৰ পূৰ্বৰ বহুটো ৰাষ্ট্ৰপতিক বাদ দি মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিলো ৷ ইজৰাইলৰ ৰাজধানীলৈ আমাৰ দূতাৱাস স্থাপন কৰিছো, আমি ইয়াক নিৰ্মাণ কৰিছো ৷ গোলান উচ্চতাত আমি ইজৰাইলৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰিছো আৰু চলিত মাহতেই বিগত 25 বছৰৰ ভিতৰত মধ্য-প্ৰাচ্যৰ প্ৰথমখন শান্তি চুক্তি স্বাক্ষৰ কৰাত সহায় কৰিছো ৷ আইছিছৰ 100 শতাংশ কেলিফেট আৰু ইয়াৰ প্ৰতিষ্ঠাপক আবু বাকৰ অল-বাগদাদীক নিধন কৰিছো ৷ একে সময়তে বিশ্বৰ প্ৰখ্যাত সন্ত্ৰাসবাদী কাছেম চুলেইমানিকো নিধন কৰিছো ৷ পূৰ্বৰ প্ৰশাসনৰ দৰে মই নতুন যুদ্ধৰ পৰা আমেৰিকাক আঁতৰাই আনি আমাৰ সৈনিকসকলক নিজ দেশলৈ ওভোটাই আনিছো ৷" ট্ৰাম্পে এইদৰে কয় ৷

মাইথোচ লেবৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰিয়াংক মাথুৰক স্মিতা শৰ্মাই মধ্য-প্ৰাচ্যত ট্ৰাম্পৰ শান্তি নীতি আৰু বাগদাদী আৰু কাছেম চুলেইমানিৰ নিধনৰ পিচত এয়া নিৰ্বাচনৰ বিষয় হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে, "সাধাৰণতে বৈদেশিক নীতি আমেৰিকাৰ নিৰ্বাচনৰ বিষয় নহয় ৷ কিন্তু এয়া দুটা দিশত সম্ভৱ ৷ এয়া বিশেষ হ'ব পাৰে কাৰণ ইজৰাইল হৈছে বৈদেশিক নীতিৰ এক বিশেষ শাখা ৷ সোপন্থীসকলৰ বাবে বিশ্বাস হৈছে এক বৃহৎ অংশ ৷ ইজৰাইল সোপন্থী চিন্তাৰ সৈতে বিশ্বাসী ৷" শান্তি চুক্তিৰ ভাল-বেয়ালৈ লক্ষ্য নকৰি একমাত্ৰ ধৰ্মীয় কাৰণ সন্দৰ্ভত আঙুলিয়াই দি এইদৰে কয় মাথুৰে ৷ "কাছেম চুলেইমানি অথবা বাগদাদি ওছামা বিন লাডেনৰ দৰে বৃহৎ নাম নহয় ৷ আপুনি ক'ব পাৰে যে, ইয়াক পুনৰবাৰে কৰিবলৈ চেষ্টা কৰা হৈছে ৷ তেওঁলোকে এয়া আমাৰ বিন লাডেন আছিল আৰু তাক আমি নিধন কৰিছো বুলি প্ৰমাণ কৰিব বিছাৰিছে ৷ কিন্তু অধিকাংশ আমেৰিকানে নাজানে যে, কাছেম চুলেইমানি কোন হয় ৷" ওবামাৰ সময়ত লাডেনক হত্যা কৰাৰ পিচত আমেৰিকাৰ নেভী ছীলে পালন কৰা উৎসৱৰ বিষয়ে ৰোমন্থন কৰি এইদৰে উল্লেখ কৰে মাথুৰে ৷

এই আলোচনাত পোষ্টেল বেলটক লৈ উত্থাপন হোৱা বিতৰ্ক সন্দৰ্ভতো গুৰুত্ব প্ৰদান কৰা হয় ৷ কোভিড-19 আৰু ভোটাৰৰ অধিকাৰক আগত ৰাখি পোষ্টেল বেলটৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ আলোচনাত অংশগ্ৰহণকাৰীসকলে এইটো মানি লয় যে, নিৰ্বাচনৰ ফলাফল কিছুসংখ্যক ভাৱে জটিলতৰ হৈ পৰিব পাৰে কিয়নো 4 নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বিপৰীতে এসপ্তাহ পিছুৱাই দিয়া হ'ব পাৰে ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত 3 সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.