ETV Bharat / international

100 দিনত 100 মিলিয়ন পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি জ' বাইডেনৰ

সংযুক্ত ৰাষ্ট্ৰৰ আভ্যন্তৰীণ প্ৰশাসনৰ স্বাস্থ্য দলৰ সদস্যসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে জ' বাইডেনে ৷ 100 দিনত 100 মিলিয়ন পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি সংযুক্ত ৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ ৷

author img

By

Published : Dec 9, 2020, 10:23 AM IST

Biden vows 100 million shots in first 100 days
100 দিনত 100 মিলিয়ন পালি ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি

নেচনেল ডেস্ক, 9 ডিচেম্বৰ: সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে সদ্য নিৰ্বাচিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনে তেওঁৰ প্ৰথম তিনিমাহৰ আভ্যন্তৰীণ প্ৰশাসনৰ কালছোৱাত 100 মিলিয়ন লোকৰ মাজত ক'ভিড-19 প্ৰতিষেধক প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

মঙলবাৰে তেওঁৰ মহামাৰী প্ৰতিক্ৰিয়া দলটোক পৰিচয় কৰাই দি দেলাৱৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ বাইডেনে তেওঁ পৰিচালনা কৰিবলগীয়া নতুন প্ৰশাসনৰ প্ৰথম তিনিটা অগ্ৰাধিকাৰৰ বিষয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক:ইংলেণ্ডৰ প্ৰথমটো ক’ভিড ভেকচিন গ্ৰহণ কৰিব ভাৰতীয় মূলৰ ব্যক্তিয়ে

ভাইৰাছ বিধক প্ৰতিহত কৰিবলৈ 100 দিনৰ বাবে সকলো আমেৰিকানকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই তেওঁ একে সময়তে একেলগে 100 মিলিয়ন ভেকচিন বিতৰণ কৰিব বুলি এক নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

তেওঁ কয় যে, তেওঁৰ বিশ্বাস আছে যে বিদ্যালয়সমূহ পুনৰ আৰম্ভ কৰিব পৰাকৈ তেওঁj শাসনৰ প্ৰথম 100 দিনতে ভাইৰাছবিধক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক:COVID-১৯ঃ য়ুহানত 'পেকেজড ফ্ৰ'জেন খাদ্য'তো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি

দেলাৱৰৰ উইলমিংটনত উপস্থিত থাকি বাইডেনে কয় যে, ক'ভিড -19 ক প্ৰতিহত কৰিবলৈ বাচনি কৰি উলিওৱা তেওঁৰ দলটোক পৰিচয় কৰাই দিবলৈ পাই তেওঁ যথেষ্ট সুখী অনুভৱ কৰিছে ৷ বাইডেনে ভাৰতীয়-আমেৰিকান চিকিৎসক বিবেক মুৰ্থীক চাৰ্জন জেনেৰেল হিচাপে মনোনীত কৰাৰ পৰিৱৰ্তে জেভিয়াৰ বেকেৰাক স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ সচিব হিচাপে মনোনীত কৰিছে ৷

লগতে পঢ়ক:কৰ’ণা মহামাৰী অন্তৰ সপোন দেখিব পাৰে বিশ্বইঃৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.