ETV Bharat / international

সামাজিক দূৰত্বই কৰ'ণা ভাইৰাছৰ পৰা জীৱন ৰক্ষাৰ একমাত্ৰ উপায় - Indian-American CEO

বৰ্তমানলৈকে বিশ্বৰ 175 দেশত 782,365 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 37,582 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷ ইয়াৰে আমেৰিকাত সৰ্বাধিক 161,807 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

সামাজিক দূৰত্বই কৰ'ণা ভাইৰাছৰ পৰা জীৱন ৰক্ষাৰ একমাত্ৰ উপায়

author img

By

Published : Mar 31, 2020, 11:49 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 মাৰ্চ: সামাজিক দূৰত্ব বজাই ৰখাই ঘাতক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্যতম উপায় ৷ ভাৰতীয়-আমেৰিকান CEO আৰু এক হেলথ টেক ষ্টাৰ্টআপৰ সংস্থাপকৰ মতে, ই মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰাৰ লগতে আমেৰিকাৰ মানুহৰ শৰীৰৰ তাপমাত্ৰাক ভিতৰত স্থাপিত ডিজিটেল থাৰ্মমিটাৰৰ জৰিয়তে পৰ্যবেক্ষণ কৰে ৷

কোৱা হয় যে,250 মিলিয়নতকৈ অধিক আমেৰিকানক দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ ফলত ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে ৷ ইয়াৰে 1 লাখ 60 হাজাৰতকৈও অধিক লোক এই ভাইৰাছত বৰ্তমানলৈকে সংক্ৰমিত হৈছে তথা 3 হাজাকৰতকৈও অধিক লোক এই ভাইৰাছৰ ফলত মৃত্যুমুখত পৰিছে ৷

কিঞ্চা হেল্থৰ CEO আৰু সংস্থাপক ইন্দৰ সিঙে কেবাটাও সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত উল্লেখ কৰে যে,আমেৰিকাৰ ৰিয়েল টাইম ডাটাৰ পৰা পোৱা তথ্য অনুসৰি সামাজিক দূৰত্বই জ্বৰক ৰোধ কৰাত সহায় কৰিছে ৷ US Todayক দিয়া এক সাক্ষাৎকাৰত ইন্দৰ সিঙে স্কুল আৰু ব্যৱসায় সমূহ বন্ধ কৰি এই ভাইৰাছৰ তসংক্ৰমণৰ শৃংখলা ভংগ কৰা হৈছে তথা এই কাৰ্যই কাম কৰাৰ লগতে বিগত দিনৰ তুলনাত জ্বৰত আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাইছে ৷

তথ্য মতে, কেলিফৰ্ণিয়াৰ চাণ্টা ক্লাৰা সংক্ৰমণ জড়িত ৰোগ 17 মাৰ্চত আশ্ৰয় শিবিৰ ঘোষণা কৰাৰ পাছত 60 শতাংশ হ্ৰাস হৈছে ৷ একে সময়তে ফ্ল'ৰিডাৰ মিয়ামীত সংক্ৰমণ জড়িত ৰোগৰ স্তৰ বৃদ্ধি পাইছে ৷

বৰ্তমানলৈকে বিশ্বৰ 175 দেশত 782,365 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 37,582 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷ ইয়াৰে আমেৰিকাত সৰ্বাধিক 161,807 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

লগতে পঢ়কঃ কোভিড-19 : মৃতকৰ সংখ্যাৰ শীৰ্ষত আমেৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.