ETV Bharat / international

ভাৰত-চীন সীমান্তৰ উত্তেজনাকলৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন - ভাৰত চীন সীমান্তৰ উত্তেজনাকলৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই কংগ্ৰেছক জনোৱা মতে বেইজিঙে ইয়াৰ বৰ্ধিত শক্তি প্ৰদৰ্শন কৰিবলৈ সমন্বিত হৈছে । চৰকাৰৰ সকলো শক্তি ব্যৱহাৰ কৰিব বিচাৰে আৰু আঞ্চলিক চুবুৰীয়াসকলক তেওঁলোকৰ হাতত লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । এই বছৰত কিছু শক্তিৰ পুলবেক স্বত্বেও উত্তেজনা কিন্তু হ্ৰাস হোৱা নাই ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাকলৈ আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদন

author img

By

Published : Apr 14, 2021, 1:51 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত আছে । এই বছৰত কিছু শক্তিৰ পুলবেক স্বত্বেও উত্তেজনা কিন্তু হ্ৰাস হোৱা নাই । আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই কংগ্ৰেছক জনোৱা মতে বেইজিঙে ইয়াৰ বৰ্ধিত শক্তি প্ৰদৰ্শন কৰিবলৈ সমন্বিত হৈছে । চৰকাৰৰ সকলো শক্তি ব্যৱহাৰ কৰিব বিচাৰে আৰু আঞ্চলিক চুবুৰীয়াসকলক তেওঁলোকৰ হাতত লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।

ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ে (ওডিএনআই) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছক দিয়া শেহতীয়া প্ৰতিবেদনত কৈছে যে বেইজিঙে বিদেশত ইয়াৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক উপস্থিতি সম্প্ৰসাৰিত কৰিবলৈ বহু বিলিয়ন ডলাৰৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বিআৰআই)ৰ প্ৰচাৰ অব্যাহত ৰাখিব । আনহাতে ৱেষ্ট আৰু শোষণমূলক প্ৰথা হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যাৰ ফলত আন্তৰ্জাতিক পৰ্যায়ত সমালোচনাৰ সন্মুখীন হৈছে ।

বিআৰআই হৈছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ২০১৩ চনত শাসনলৈ অহাৰ সময়ত আৰম্ভ কৰা এক বহু বিলিয়ন ডলাৰৰ পদক্ষেপ । ইয়াৰ লক্ষ্য হৈছে দক্ষিণ-পূব এছিয়া, মধ্য এছিয়া, উপসাগৰীয় অঞ্চল, আফ্ৰিকা আৰু ইউৰোপক স্থল আৰু সাগৰীয় পথৰ নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা ।

প্ৰতিবেদন অনুসৰি ১৯৭৫ চনৰ পিচত ভাৰত-চীনৰ সীমান্ত সংঘৰ্ষ ২০২০ চনৰ মে’ মাহৰ পৰা অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যোৱা ৫ মে'ত পাংগং হ্ৰদ অঞ্চলত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ সৈন্যবাহিনীৰ মাজত সীমান্তত যোৱা ৫ মে'ত সীমাৰ অচলাৱস্থাৰ সূত্ৰপাত হৈছিল আৰু দুয়োপক্ষই ক্ৰমান্বয়ে হাজাৰ হাজাৰ সৈন্যৰ লগতে গধুৰ অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা তেওঁলোকৰ নিযুক্তি বৃদ্ধি কৰিছিল । লগতে কোৱা হৈছে যে চলিত বছৰৰ ফেব্ৰুৱাৰীৰ মাজভাগলৈকে একাধিক পৰ্যায়ৰ আলোচনাৰ পিছত দুয়োপক্ষই বিতৰ্কিত সীমান্তৰ কিছুমান স্থানৰ পৰা বাহিনী আৰু অস্ত্ৰ-শস্ত্ৰসমূহ ঘূৰাই পঠিয়াইছে ।

ইফালে প্ৰতিবেদন অনুসৰি দক্ষিণ চীন সাগৰত, বেইজিঙে প্ৰতিদ্বন্দীসকলক ভয় খুওৱাৰ লগতে নিয়ন্ত্ৰণ অব্যাহত ৰখাৰ উদ্দেশ্যে দক্ষিণ-পূব এছিয়াৰ দেশসমূহক প্ৰত্যাহ্বানৰ উদ্দেশ্যে বৰ্ধিত সংখ্যক বায়ু, নৌ আৰু সামুদ্ৰিক আইন প্ৰৱৰ্তনকাৰী মঞ্চ ব্যৱহাৰ কৰিব । চীনে একেদৰে পূব চীন সাগৰৰ প্ৰতিদ্বন্দিতাপূৰ্ণ অঞ্চলসমূহৰ ওপৰত জাপানক হেঁচা প্ৰয়োগ কৰি আছে ।

চীনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামৰিক আৰু অৰ্থনৈতিক প্ৰভাৱ দ্ৰুতগতিত সম্প্ৰসাৰিত কৰি আহিছে, যাৰ ফলত অঞ্চলটোৰ বিভিন্ন দেশ আৰু ইয়াৰ বাহিৰত উদ্বেগৰ সৃষ্টি হৈছে । ই দক্ষিণ চীন সাগৰ আৰু পূব চীন সাগৰ দুয়োটাতে তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ আঞ্চলিক বিবাদত লিপ্ত হৈ আছে।

বেইজিঙে অঞ্চলটোত নিয়ন্ত্ৰণ কৰা বহুতো দ্বীপ আৰু প্ৰাচীৰ নিৰ্মাণ আৰু সামৰিককৰণ কৰিছে। দুয়োটা ক্ষেত্ৰ খনিজ, তেল আৰু অন্যান্য প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ বুলি কোৱা হয় আৰু বিশ্বব্যাপী বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ। চীনে দক্ষিণ চীন সাগৰৰ প্ৰায় সকলোখিনি দাবী কৰিছে । ভিয়েটনাম, ফিলিপাইনছ, মালয়েছিয়া, ব্ৰুনেই আৰু টাইৱানৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰটোৰ ওপৰতো হস্তক্ষেপ বিচাৰিছে ।

প্ৰতিবেদন অনুসৰি বেইজিঙে টাইৱান কৰ্তৃপক্ষক একত্ৰীকৰণৰ বাবে হেঁচা দিব আৰু আমেৰিকা-টাইৱানৰ সম্পৰ্ক বৃদ্ধি হোৱা বিষয়বোৰকো গৰিহণা দিব । আনহাতে পৰিপূৰক স্বাৰ্থৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে চীনৰ বৰ্ধিত সহযোগিতাৰ ভিতৰত আছে প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতা ।

প্ৰতিষেধকৰ বিষয়টো উল্লেখ কৰা হৈছে প্ৰতিবেদনত । চীনে "প্ৰতিষেধক কূটনীতি" ব্যৱহাৰ কৰি ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব, যাৰ ফলত দেশবোৰে বিকশিত কৰি থকা ক'ভিড-১৯ প্ৰতিষেধকৰ প্ৰৱেশাধিকাৰ ৰখাৰ পক্ষপাতী হ'ব । অ'ডিএনআইৰ মতে ই প্ৰযুক্তি আৰু মানৱ অধিকাৰৰ বাবে নতুন আন্তঃৰাষ্ট্ৰীয় নিয়মৰ প্ৰচাৰ কৰিব যিয়ে ব্যক্তিগত অধিকাৰৰ ওপৰত ৰাজ্যৰ সাৰ্বভৌমত্ব আৰু ৰাজনৈতিক স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিগত প্ৰতিযোগিতাৰ বাবে শীৰ্ষ ভাবুকি হৈ থাকিব চীন । কিয়নো চীনা কমিউনিষ্ট পাৰ্টিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য প্ৰযুক্তি খণ্ড আৰু মালিকানাধীন বাণিজ্যিক আৰু সামৰিক প্ৰযুক্তি আৰু প্ৰতিৰক্ষা, শক্তি, বিত্ত আৰু অন্যান্য খণ্ডৰ সৈতে জড়িত সহযোগী কোম্পানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছে।

প্ৰতিবেদন অনুসৰি চীনে বিশ্বজুৰি ইয়াৰ বৰ্ধিত ৰাজনৈতিক, অৰ্থনৈতিক আৰু নিৰাপত্তাৰ স্বাৰ্থক অধিক সমৰ্থন কৰিবলৈ ইয়াৰ বিশ্বব্যাপী চোৰাংচোৱাৰ নিযুক্তি অব্যাহত ৰাখিব যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰতা আৰু অংশীদাৰিত্বক ক্ৰমান্বয়ে প্ৰত্যাহ্বান জনোৱা হ'ব ।

লগতে পঢ়ক:কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ: বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.