ETV Bharat / international

কৰ'ণা প্ৰতিষেধকৰ বাবে ভাৰতক ধন্যবাদ কানাডাৰ - canada thanks india

আষ্ট্ৰাজিনেকা প্ৰতিষেধক অনুমোদন কৰাৰ এসপ্তাহ পাচত শেহতীয়াকৈ ভাৰতে কানাডাক ৫০০,০০০ ড'জ কোভিডৰ প্ৰতিষেধক প্ৰেৰণ কৰে । চলিত সপ্তাহত পুনৰ ৯৪৪,৬০ ড'জ প্ৰতিষেধক ভাৰতে কানাডালৈ প্ৰেৰণ কৰিব । ইয়াৰ ভিতৰত ৪৪৪,৬০০ ড'জ ফাইজাৰৰ আৰু ৫০০,০০০ ড'জ আষ্ট্ৰাজিনেকা প্ৰতিষেধক ।

ভাৰতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কানাডাৰ
ভাৰতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কানাডাৰ
author img

By

Published : Mar 4, 2021, 10:27 AM IST

নিউজ ডেস্ক,৪ মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে COVID-১৯ ভাইৰাছৰ টীকাকৰণৰ কাৰ্যসূচী । ইতিমধ্যে ভাৰতে কেবাখনো দেশলৈ প্ৰেৰণ কৰিছে ভাৰতত প্ৰস্তুত কৰা কৰ'ণা প্ৰতিষেধক । আষ্ট্ৰাজিনেকা প্ৰতিষেধক অনুমোদন জনোৱাৰ এসপ্তাহ পাচত শেহতীয়াকৈ কানাডালৈ ৫০০,০০০ ড'জ প্ৰতিষেধক প্ৰেৰণ কৰে ভাৰতে । ওকভিলৰ সাংসদ আৰু ৰাজহুৱা সেৱা আৰু ক্ৰয় মন্ত্ৰী অনিতা আনন্দে কয় যে, চলিত সপ্তাহতে আৰু ৯৪৪,৬০ ড'জ প্ৰতিষেধক ভাৰতে প্ৰেৰণ কৰিব । ইয়াৰ ভিতৰত ৪৪৪,৬০০ ড'জ ফাইজাৰৰ আৰু ৫০০,০০০ ড'জ আষ্ট্ৰাজিনেকা প্ৰতিষেধক । চলিত মাহৰ শেষ ভাগলৈকে প্ৰায় ৬.৫ নিযুততকৈও অধিক কৰ'ণা প্ৰতিষেধক দেশখনে লাভ কৰিব বুলি ধাৰণা কৰিছে ।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাকাংক্ষী জাষ্টিন টিৰুডোৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতে কানাডাৰ COVID-১৯ টীকাকৰণ প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল । মোডীৰ এই কাৰ্যক জাষ্টিনে ভূয়সী প্ৰশংসা কৰি কয় যদি বিশ্বই COVID-১৯ ক প্ৰতিহত কৰি জয় কৰিবলৈ সক্ষম হয়, তেন্তে ভাৰতৰ অত্যধিক প্ৰতিষেধক প্ৰস্তুতকৰণ ক্ষমতা আৰু বিশ্বৰ সৈতে এই ক্ষমতাৰ ভাগ-বতৰা কৰাত মোডীৰ নেতৃত্ব গুৰুত্বপূৰ্ণ বিবেচিত হ'ব । যাৰ বাবে মোডীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে দেশখনে ।

লগতে পঢ়ক: গোলকীয় প্ৰত্যাহ্বানক লৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কমলা হেৰিছৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.