ETV Bharat / international

ব্ৰাজিলত চৰকাৰী ৱেবছাইটৰ পৰা আঁতৰিল কোভিড-১৯ ৰ তথ্য - ব্ৰাজিল

বিগত চাৰি দিনত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাত চৰকাৰী ৱেবছাইটৰ পৰা তথ্য সমূহ আঁতৰ কৰাৰ সন্দেহ কৰা হৈছে ।

Brazil removes COVID-19 data from govt website

author img

By

Published : Jun 7, 2020, 6:17 PM IST

ব্ৰাজিল, 7 জুনঃ কোভিড-১৯ ৰ সংক্ৰমণ ৰোধত ব্যৰ্থ হোৱা অভিযোগত ব্ৰাজিলৰ সংবাদ মাধ্যম আৰু বিৰোধী কংগ্ৰেছ দলৰ দ্বাৰা বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ আহিছিল ব্ৰাজিল চৰকাৰ । সংবাদ মাধ্যম তথা বিৰোধী দলৰ কটু সমালোচনাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্ৰাজিল ৰাষ্ট্ৰপতি জাইৰে বলসোনাৰোয়ে স্বাস্থ্য বিভাগৰ ৱেবছাইটৰ পৰা কোভিড-১৯ সম্পৰ্কীয় মাহটোৰ সকলো তথ্য আঁতৰ কৰাৰ সিদ্ধান্ত লয় । সেই অনুসৰি শনিবাৰে স্বাস্থ্য বিভাগে ৰাজ্য আৰু নগৰ পালিকাৰ পৰা প্ৰেৰণ কৰা সকলো তথ্য চৰকাৰী ৱেবছাইটৰ পৰা আঁতৰ কৰে ।

চৰকাৰী ৱেবছাইটৰ পৰা সকলো তথ্য আঁতৰাই পেলোৱাৰ পাছত বিভাগটোৱে শেহতীয়া ২৪ ঘণ্টাত দেশখনত ২৭,০৭৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে ৯০৪ জনৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰে । নতুনকৈ তথ্যত প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত আৰোগ্য লাভ কৰিছে ১০,২০৯ জনে । ব্ৰাজিলত কোভিড-১৯ ত আক্ৰান্ত হৈ বিগত চাৰি দিনত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাত চৰকাৰী ৱেবছাইটৰ পৰা তথ্য সমূহ আঁতৰ কৰাৰ সন্দেহ কৰা হৈছে ।

উল্লেখ্য যে, কোভিড-১৯ ৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দ্বিতীয় স্থান আছে ব্ৰাজিল । ব্ৰাজিলত বৰ্তমানলৈ ৬৭৬,৪৯৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৩৬,০৪৪ জনৰ । ইয়াৰে ৩০২,০৮৪ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমান সক্ৰিয় হৈ আছে ৩৩৮,৩৬৬ টা ঘটনা । কোভিড-১৯ ত আক্ৰান্ত দেশৰ শীৰ্ষ আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.