ETV Bharat / international

দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব জ' বাইডেন আৰু ঝি জিনপিং - আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে অতি শীঘ্ৰে সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে শেহতীয়াকৈ ফোনযোগে বিভিন্ন বিষয়ত আলোচনা কৰিছে । এইবাৰ চলিত বৰ্ষৰ শেষৰ ফালে বৈঠকত মিলিত হোৱাৰ পৰিকল্পনা কৰিছে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে ।

virtual meeting
দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব জ' বিডেন আৰু ঝি জিনপিং
author img

By

Published : Oct 7, 2021, 12:34 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , ৭ অক্টোবৰ : বিভিন্ন সময়ত আমেৰিকা আৰু চীনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত প্ৰশ্ন উত্থাপন হয় যদিও শেহতীয়াকৈ দুয়োখন দেশৰ মাজত পুনৰ বন্ধুত্ব সুদৃঢ় হোৱা যেন অনুমান কৰিব পাৰি । বিগত ৯ ছেপ্টেম্বৰত দুয়োখন দেশৰে ৰাষ্ট্ৰপতি ক্ৰমে জ' বাইডেন (Joe Biden) আৰু ঝি জিনপিঙে (Xi Jinping) ফোনযোগে কথা পাতিছে । আনহাতে দুয়োখন দেশৰ মাজৰ সমস্যা সমাধানৰ বাবেও বিশেষ পদক্ষেপ লোৱা দেখা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানক (US National Security Advisor Jake Sullivan) ।

তেওঁ Zurichত চীনা শীৰ্ষ কূটনীতিবিদ Yang Jiechiৰ সৈতে সাক্ষাৎ কৰাৰ পিছতে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিয়ে ফোনত বাৰ্তালাপ কৰিছে । ফোনত হোৱা আলোচনাত ছুলিভানে এনে বিষয়সমূহ উত্থাপন কৰে য'ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বান আৰু সম্পৰ্কত বিপদাশংকা নিয়ন্ত্ৰণৰ উপায়ৰ মোকাবিলা কৰিবলৈ একেলগে কাম কৰাৰ আগ্ৰহ দেখুওৱাৰ কথাও আছে । আলোচনাত উত্থাপন কৰা বিষয়সমূহৰ ভিতৰত আছিল মানৱ অধিকাৰ, জিনজিয়াং(Xinjiang), হংকং(Hong Kong), দক্ষিণ চীন সাগৰ(South China Sea) আৰু টাইৱান(Taiwan) সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপকে ধৰি পিআৰচিৰ কাৰ্যকলাপ আদি ।

ইফালে ছুলিভানে এই সপ্তাহত Brussels, Belgium, Paris আৰু Franceলৈও ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে । ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে অতি শীঘ্ৰে সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে । এই বছৰৰে শেষৰ ফালে ভাৰ্চুৱেল দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতা মিলিত হ'ব বুলি এক খবৰ লাভ কৰা গৈছে ।

লগতে পঢ়ক :আমেৰিকা আৰু চীনে অনুসৰণ কৰিব টাইৱান চুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.