ETV Bharat / international

COVID-১৯ৰ প্ৰট'কল মানি শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব জ' বাইডেনে

শীঘ্ৰেই শপত গ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱা কমলা হেৰিছে । COVID-১৯ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ চৰকাৰে বিভিন্ন নিশেধাজ্ঞা জাৰি কৰাৰ মাজতে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শপত গ্ৰহণ সমাৰোহ ।

ৰাজধানীৰ বাহিৰৰ স্থানত COVID-১৯ৰ প্ৰট'কল মানি শপত গ্ৰহণ কৰিব জ' বিদেনে

author img

By

Published : Dec 16, 2020, 2:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: ২০২১ৰ ২০ জানুৱাৰীত কেপিট'ল ভৱনৰ বাহিৰত শপত ল'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জ' বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হোৱা কমলা হেৰিছে । অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত বাইডেনৰ দলে মঙলবাৰে এক বিস্তৃত বিৱৰণ আগবঢ়াইছে । COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে আমেৰিকাৰ চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশ মানি চলি অনুষ্টুপীয়াকৈ শপত গ্ৰহণ সমাৰোহ আয়োজন কৰা হৈছে । বিদেনৰ দলৰ মতে, এই সমাৰোহত ডনাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰিবনে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

ভোটদানৰ সময়ত প্ৰৱঞ্চনা কৰাকে ধৰি বিভিন্ন মিছা অভিযোগ কৰি অহা ট্ৰাম্পে হোৱাইট হাউচৰ বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়া-কৰ্মচাৰীক বাইডেনৰ শপত গ্ৰহণ সমাৰোহত তেওঁৰ অংশগ্ৰহণৰ বিষয়ে স্পষ্ট কৰা নাই । বহু লোকে ভাৱিছিল যে, পৰাজয়ৰ পিছত তেওঁ এই শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব । আন বহুতো লোকে এতিয়াও আশা কৰি আছে যে, পৰম্পৰাৰ খাতিৰত তেওঁ এই অনুষ্ঠানত অংশ ল'ব । চলিত সপ্তাহত মহামাৰীৰ ভেকচিন আমেৰিকাত উপলব্ধ হ'লেও সাধাৰণ ৰাইজৰ মাজত টীকাকৰণ অভিযান ফলপ্ৰসু কৰি তুলিবলৈ অতি কমেও এমাহ সময়ৰ প্ৰয়োজন হ'ব ।

সেয়ে, শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ৱাছিংটন ডিচিলৈ নাহিবলৈ বিদেনৰ সমৰ্থকক আহ্বান জনোৱা হৈছে । কিয়নো, মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি বাইডেনৰ শপত গ্ৰহণ সমাৰোহ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে প্ৰকাশ কৰিছে । শপত লোৱাৰ পিছতে বাইডেনে কৰ'ণা মহামাৰীৰে যুঁজি সমগ্ৰ দেশ বাসীৰ মাজত একতাৰ বাণী বিলাই দেশখনত শান্তি-সম্প্ৰীতি বজাই ৰাখি সুস্থিৰ পৰিৱেশ গঢ়ি তোলা সন্দৰ্ভত উদ্বোধনী ভাষণ আগবঢ়াৱ । আয়োজক সমিতিয়ে ঘোষণা কৰিছে যে, প্ৰাক্তন খাদ্য আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত ড০ ডেভিদ কেছলাৰক মুখ্য চিকিত্‍সা পৰামৰ্শদাতাৰ দায়িত্ব অৰ্পণ কৰা হ'ব ।

ড০ ডেভিদ কেছলাৰে দেওবাৰে ফক্স নিউজৰ সাংবাদিকৰে হোৱা এক সাক্ষাত্‍কাৰত কয় যে, 'আমি সকলো মাৰ্কিন নাগৰিকক ঘৰৰ পৰাই শপত গ্ৰহণ সমাৰোহত অংশ লোৱাৰ বাবে আহ্বান জনাইছো । ইয়াৰ দ্বাৰা প্ৰতিগৰাকী নাগৰিকে নিজৰ লগতে পৰিয়াল আৰু আন বহু লোকক মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব । পূৰ্বৰ দৰে পৰম্পৰাগত ৰীতি অনুসৰি এইবাৰো কংগ্ৰেছৰ সদস্যৰ সৈতে দুপৰীয়াৰ আহাৰ অথবা অনুষ্ঠানৰ পূৰ্বে দায়িত্ব এৰিবলগীয়া ৰাষ্ট্ৰপতিৰ সৈতে চাহ মেলৰ আয়োজন কৰা হ'বনে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই । আনহাতে, ট্ৰাম্পে শেহতীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনক এতিয়াও শুদ্ধ আৰু বিধিসন্মতভাৱে অনুষ্ঠিত হৈছে বুলি মানি লোৱা নাই ।' লগতে তেওঁ এই অনুষ্ঠানত ট্ৰাম্পৰ অংশগ্ৰহণ সন্দৰ্ভত একো ক'ব নিবিচাৰে বুলিও স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:গৰাখহনীয়াৰ ফলত পদপথত আশ্ৰয় বাঘবৰবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.