ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ মাৰ্চ: আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে ১.৯ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ক'ভিড সাহায্য বিধেয়কত স্বাক্ষৰ কৰে । ২২০-২১১ৰ সম্পূৰ্ণ পক্ষপাতমূলক ভোটৰ জৰিয়তে প্ৰতিনিধি মণ্ডলে অনুমোদন জনোৱাৰ পিছত বৃহস্পতিবাৰে এই বিধেয়কত বাইডেনে স্বাক্ষৰ কৰে । ছিনহুৱা সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা সপ্তাহত, সমভাৱে বিভক্ত চিনেটে ৫০ ৰ পৰা ৪৯ ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত কৰে ।
ইফালে, পিউ ৰিছাৰ্চ চেণ্টাৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক জৰীপত দেখুওৱা হৈছে যে, এই সাহায্য বিধেয়কৰ প্ৰতি মাৰ্কিন নাগৰিকে সমৰ্থন জনাইছে আৰু ৭০ শতাংশ নাগৰিক চৰকাৰৰ পক্ষত আছে । কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আৰু ৰাষ্ট্ৰসংঘৰ জ্যেষ্ঠ উপদেষ্টা জেফৰি চাকছে বুধবাৰে ছিনহুৱা সংবাদ গোষ্ঠীৰ আগত প্ৰকাশ কৰে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত আমেৰিকাৰ নাগৰিকতকৈ অধিক মেৰুকৰণ কৰা হৈছে ।
মহামাৰীৰ নিয়ন্ত্ৰণৰ বাবে সকলোকে আহ্বানো জনায় জেফৰি চাকছে । তেওঁ লগতে কয় যে, চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগে, কিন্তু ডেম'ক্ৰেট আৰু ৰিপাব্লিকানৰ মাজত ৰাজনৈতিক বিভাজন অতি শক্তিশালী ।
এই ব্যৱস্থাত, ক'ভিড সাহায্য বিধেয়কৰ জৰিয়তে COVID-১৯ টীকাকৰণ আৰু পৰীক্ষাৰ বাবে পুঁজি প্ৰদান কৰাৰ লগতে নিবনুৱাসকলে অতিৰিক্ত লাভ অৰ্জন কৰিব আৰু কৰ্মৰত আমেৰিকানসকলক প্ৰত্যক্ষ পৰিশোধ কৰা হ'ব । সৰু ব্যৱসায়, ৰাজ্য আৰু স্থানীয় চৰকাৰ আৰু বিদ্যালয়সমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । আমেৰিকাৰ নাগৰিকসকলৰ অত্যধিক সমৰ্থন লাভ কৰা ই এক ঐতিহাসিক আইন বুলি অভিহিত কৰি বাইডেনে হোৱাইট হাউচ ওভেল কাৰ্যালয়ত কয় যে, বিধেয়কখনে "এই দেশৰ মেৰুদণ্ড" পুনৰ নিৰ্মাণত সহায় কৰিব ।
লগতে পঢ়ক:অক্সফ'ৰ্ডৰ COVID-১৯ প্ৰতিষেধকে তেজ গোট মৰাৰ মাত্ৰা অধিক নকৰে !