ETV Bharat / international

নিৰ্বাচনত জয়ী হ'লে আমেৰিকানবাসীয়ে লাভ কৰিব ক'ভিড ভেকচিনঃ জ' বিডেন - বিশ্ব

জ' বিডেন নিৰ্বাচনত জয়ী হলে আমেৰিকানবাসীক ক'ভিড-19 ভেকচিন প্ৰদান কৰিব ৷ নিৰ্বাচনী বিতৰ্কত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰাৰ্থী গৰাকীৰ ৷ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকো কটাক্ষ প্ৰাৰ্থী গৰাকীৰ ৷

Biden pledges free Covid-19 vaccine for all if elected
নিৰ্বাচনত জয়ী হলে আমেৰিকানবাসী লাভ কৰিব ক'ভিড ভেকচিনঃ জ' বিডেন
author img

By

Published : Oct 24, 2020, 1:24 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যদিহে ডেমক্ৰেটিক দলৰ মনোনিত প্ৰাৰ্থী জ' বিডেন নিৰ্বাচিত হয় তেতিয়াহ'লে তেওঁ সকলো আমেৰিকাৰ নাগৰিকক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰা হ'ব ৷

Xinhua নিউজ এজেঞ্চিৰ তথ্য অনুসৰি, শুকুৰবাৰে ডেলাৱেৰৰ উইলমিঙটনত এক ভাষণ প্ৰসংগত প্ৰাৰ্থীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰে ৷

তেওঁ ট্ৰাম্পক আকৌ কটাক্ষ কৰি কয় যে, ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দি ভাগৰি পৰিছে যাৰবাবে তেওঁ আমেৰিকাক ত্যাগ কৰিছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, 3 নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে অন্তিমবাৰ বিতৰ্কত অংশগ্ৰহণ কৰাৰ সময়ত জ' বিডেনে আমেৰিকাৰ নাগৰিকক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ তেওঁ আকৌ কয় যে, যদিহে তেওঁ নিৰ্বাচিত হয় তেতিয়াহ'লে বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ সৈতে ভেকচিন সন্দৰ্ভত আলোচনা কৰিব আৰু ভেকচিন উন্নীত কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : দুৰ্গা পূজাৰ সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

ইফালে, অন্তিম বিতৰ্কত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এসপ্তাহৰ ভিতৰত ভেকচিন মুকলি হোৱাৰ কথা উল্লেখ কৰিছিল কিন্তু জ' বিডেনে সেয়া সম্ভৱপৰ নহয় বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, এই পৰ্যন্ত বিশ্বৰ আটাইতকৈ ক'ভিড-19 ত ক্ষতিগ্ৰস্ত হোৱা দেশখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ এই পৰ্যন্ত দেশখনত 84,84,991 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে আৰু 2,23,914 জন লোক এই ভাইৰাছত মৃত্যু বৰণ কৰিছে ৷

লগতে পঢ়ক : তেল, গেছ কোম্পানীৰ CEOৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.