ETV Bharat / international

জৰ্জিয়াৰ চিনেট নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বাইডেন - সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন

জৰ্জিয়াৰ চিনেটৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে ডেমক্ৰেট আৰু ৰিপাব্লিকানৰ মাজৰ যুঁজ ৷ জৰ্জিয়াৰ নিৰ্বাচনত ডেম'ক্ৰেট প্ৰাৰ্থীক সহায় কৰিবলৈ সাজু সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন ৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰ'ব'কল ৰেকৰ্ড বাইডেন আৰু হেৰিছৰ ৷

Biden flexes Georgia muscle
জৰ্জিয়াৰ চিনেট নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বাইডেন
author img

By

Published : Jan 3, 2021, 12:57 PM IST

নেচনেল ডেস্ক, 3জানুৱাৰী : জৰ্জিয়াত অনুষ্ঠিত হ'ব লগীয়া চিনেটৰ নিৰ্বাচনত ডেম'ক্ৰেট প্ৰাৰ্থীক সহায় কৰিবলৈ সাজু হৈছে সংযুক্ত ৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন ৷ জানিব পৰা মতে জৰ্জিয়াৰ এই নিৰ্বাচনে বাইডেনৰ শাসনৰ প্ৰথম বছৰকেইটাত দলটোৰ নিয়ন্ত্ৰণ নিৰ্ধাৰণ কৰিব ৷

মঙলবাৰে অনুষ্ঠিত হ'ব লগীয়া এই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডনাল্ড ট্ৰাম্পৰ লগতে ৰিপাব্লিকানসকলে জৰ্জিয়াৰ নিৰ্বাচনত কাৰচাজি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে ৰিপাব্লিকানৰ প্ৰাৰ্থীক জৰ্জিয়াৰ পৰা ক্ষমতাচ্যুত কৰাৰ বাবে বাইডেন আৰু তেওঁৰ দলে 18 মিলিয়ন ডলাৰ খৰছ কৰিছে বুলি জানিব পৰা গৈছে ৷

মঙলবাৰৰ নিৰ্বাচনৰ পূৰ্বে বাইডেন আৰু সদ্য নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ৰ'ব'কলো ৰেকৰ্ড কৰে বুলি জানিব পৰা গৈছে ৷ নিৰ্বাচনৰ দিনটোত ৰাতিপুৱা আৰু আবেলি ড্ৰাইভ-টাইম ৰেডিঅ'ৰ উপৰিও জৰ্জিয়াৰ বজাৰে সমাৰে দুয়োগৰাকীয়ে সংবাদমাধ্যমৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে ৷

জানিব পৰা মতে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সোমবাৰে বাইডেন আটলান্টাত উপস্থিত থকাৰ দিনটোতে ট্ৰাম্পে উত্তৰ জৰ্জিয়াৰ ডেল্টন চহৰত এক নিৰ্বাচনী ৰেলীত অংশ ল'ব ৷ ঠিক একেদৰে উপ ৰাষ্ট্ৰপতি মাইক পেন্স জৰ্জিয়াত উপস্থিত হোৱাৰ পৰিৱৰ্তে দেওবাৰে হেৰিছ চাভানাহত উপস্থিত থাকিব ৷

লগতে পঢ়ক: নান্সি পেলচী আৰু চিনেটৰ নেতা মিট্চ মিকানলক গ্ৰাফিটিৰে আক্ৰমণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.