নেচনেল ডেস্ক, 1 জানুৱাৰী: 2021 ত ৰাষ্ট্ৰখনক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাই সংযুক্ত ৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে বৃহস্পতিবাৰে দেশবাসীলৈ নৱবৰ্ষৰ বাৰ্তা প্ৰেৰণ কৰে ৷ অনাগত দিন সমূহৰ বাবে মনত আশা লৈ আগবাঢ়িছে বুলি জানিবলৈ দি বাইডেনে কয়, "ৰাষ্ট্ৰ হিছাপে আমি যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো সেই প্ৰত্যাহ্বান আমি একেটা ৰাতিৰ ভিতৰতে পাৰ হৈ যাব নোৱাৰো ৷ কিন্তু, যিহেতু আমি এতিয়া নতুন বৰ্ষ এটালৈ আগবাঢ়িছো মই ভাল দিনৰ আশাৰে মনত সম্পূৰ্ণ আশা লৈ আগবাঢ়িছো ৷
-
The challenges we face as a nation will not disappear overnight, but as we look forward to the start of a new year, I’m filled with fresh hope about the possibilities of better days to come.
— Joe Biden (@JoeBiden) December 31, 2020 " class="align-text-top noRightClick twitterSection" data="
After a year of pain and loss, let us unite, heal, and rebuild in 2021.
">The challenges we face as a nation will not disappear overnight, but as we look forward to the start of a new year, I’m filled with fresh hope about the possibilities of better days to come.
— Joe Biden (@JoeBiden) December 31, 2020
After a year of pain and loss, let us unite, heal, and rebuild in 2021.The challenges we face as a nation will not disappear overnight, but as we look forward to the start of a new year, I’m filled with fresh hope about the possibilities of better days to come.
— Joe Biden (@JoeBiden) December 31, 2020
After a year of pain and loss, let us unite, heal, and rebuild in 2021.
2021 চনত সকলোবোৰ নতুনকৈ আৰম্ভ কৰাৰ বাবে দেশবাসীক ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাই তেওঁ লগতে কয় যে ,"After a year of pain and loss, let us unite, heal, and rebuild in 2021."
উল্লেখ্য যে ক'ৰণা অতিমাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ লগতে কৃষ্ণাংগ আমেৰিকান জৰ্জ ফ্লইড, ব্ৰেঅ'না টেইলৰ আৰু আহমেদ আৰবেৰীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত দেশখনত উদ্ভৱ হোৱা প্ৰতিবাদী পৰিৱেশ আদিৰ দৰে বিভিন্ন ঘটনাক্ৰমৰ ফলস্বৰূপে সংযুক্ত ৰাষ্ট্ৰৰ বাবে 2020 বৰ্ষটো যথেষ্ট অস্থিৰ আছিল ৷
2020 ৰ শেষৰ ভাগলৈ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে বাইডেনে সকলোকে ঐক্যবদ্ধ হোৱাৰ বাবে আহ্বান জনাই অহা পৰিলক্ষিত হৈছে ৷ নৱেম্বৰ মাহতো বাইডেনে এইবুলি মন্তব্য কৰিছিল যে যিহেতু নিৰ্বাচনী প্ৰচাৰ শেষ হৈছে সেয়ে সকলোৱে খঙ আৰু তিক্ততা পাহৰি এখন ৰাষ্ট্ৰ হিছাপে একগোট হৈ সকলো সমস্যাক প্ৰতিহত কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ব লাগে ৷
লগতে পঢ়ক: জ' বাইডেনৰ দলক ট্ৰাম্প নেতৃত্বৰ বাধা !