নিউজ ডেস্ক, ৭ জুনঃ মহাহাৰী কৰ'ণা ভাইৰাছে আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰাস কৰাৰ সময়তে বৰ্তমান যুক্তৰাষ্ট্ৰখনৰ সৰ্বেত্ৰ চলিছে প্ৰতিবাদ । আমেৰিকাৰ মিনিয়াপোলিছত এজন আৰক্ষী বিষয়াৰ আক্ৰমণত নিহত হোৱা আফ্ৰিকা-আমেৰিকা কৃষ্ণাংগ জৰ্জ ফ্লয়ড নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যুৰ পাচতেই আমেৰিকাৰ সৰহ সংখ্যক ৰাষ্ট্ৰত সাব্যস্ত হৈছে প্ৰতিবাদ ।
বৰ্ণবৈষম্যৰ বিৰুদ্ধে চলা এই প্ৰতিবাদৰ অংশ স্বৰূপে তথা জৰ্জ ফ্লয়ডক সন্মান জনোৱা উদ্দেশ্যৰে শনিবাৰে মিনিয়াপোলিছ পাৰ্কত বহু সংখ্যক লোক একত্ৰিত হৈ জৰ্জ ফ্লয়ডৰ নাম লিখা বেলুন উৰুৱাই দিয়ে।