ETV Bharat / international

COVID-১৯ ত আক্ৰান্ত মাতৃয়ে জন্ম দিয়া শিশুৰ দেহত নাই ভাইৰাছ - পেৰু

COVID-১৯ আক্ৰান্ত মাতৃয়ে জন্ম দিলে COVID-১৯ আক্ৰান্ত মুক্ত সন্তান । পেৰুত সংঘটিত হৈছে এই ঘটনা ।

Babies born to COVID-19 mothers in Peru test negative for virus

author img

By

Published : Apr 9, 2020, 2:37 PM IST

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বিশ্বত কৰ'ণাতংক । ইয়াৰ মাজতে পেৰুৰ পৰা আহিছে এটি সুঃখবৰ । পেৰুত COVID-১৯ ত আক্ৰান্ত দুগৰাকী মাতৃয়ে জন্ম দিলে দুটাকৈ সন্তান । লক্ষ্যণীয় যে, শিশু কেইটাৰ দেহত নাই কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এগাৰ্ডো ৰেবাগালিটি মাৰ্টিন নেশ্যনেল হাস্পতালত জৈৱ সুৰক্ষা প্ৰট'কল মানি চলাৰ বাবেই এইটো সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰা হৈছে ।

শিশু কেইটি জন্ম হোৱাৰ পাচতেই স্বাস্থ্য বিষয়া, স্ত্ৰী-ৰোগ বিশেষজ্ঞ, প্ৰসূতি, মহামাৰী বিশেষজ্ঞ, নাৰ্ছ, অন্যান্য লোক শিশু আৰু মাতৃৰ সুৰক্ষাত নিয়োজিত আছিল । দুয়োগৰাকী মাতৃৰে COVID-১৯ ৰ চিকিৎসা চলি আছে ।

প্ৰথম শিশুটি ২৭ মাৰ্চত, ৩২ সপ্তাহৰ পাচত জন্ম হৈছিল । যাৰ ওজন আছিল ১ কিল' ৭৭ গ্ৰাম । আনহাতে দ্বিতীয় শিশুটোৰ জন্ম হৈছিল ৩৮ সপ্তাহৰ পাচত । যাৰ ওজন আছিল ৩ কিল' ৩০০ গ্ৰাম । যোৱা ৩১ মাৰ্চত জন্ম হৈছিল দ্বিতীয় শিশুটি ।

শিশু দুটাৰ প্ৰথম স্বাৱ (Swab) টেষ্টত কৰ'ণা ভাইৰাছৰ ফলাফল নিগেটিভ পোৱা গৈছে । বৰ্তমান দ্বিতীয় স্বাৱ টেষ্টৰ ফলাফৰ বাবে অপেক্ষাৰত চিকিৎসক সকল ।

ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰত "কৰ'ণা ভাইৰাছ বংশাণু"ৰ ওপৰত গৱেষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.