ETV Bharat / international

বিশ্ব প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা পাব বিডেনৰ কাৰ্যকালত! - ট্ৰান্স-আটলান্টিক অংশীদাৰিত্ব

প্ৰাক্তন দূত অশোক সজ্জনাৰৰ মতে বিডেনৰ কাৰ্যকালত সংযুক্ত ৰাষ্ট্ৰ আৰু সহযোগী দেশসমূহৰ মাজত স্বাভাৱিক কূটনৈতিক বিনিময় পুনৰুদ্ধাৰ কৰা হ'ব ৷ তেওঁৰ মতে পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মাৰ্কিন বৈদেশিক নীতি বুজি পোৱাত ব্যৰ্থ হোৱাৰ পৰিৱৰ্তে বিডেনৰ কালছোৱাত দ্বিপাক্ষিক সম্বন্ধ স্থাপনৰ ক্ষেত্ৰত অধিক স্থিৰতা আহিব বুলি আশা কৰিব পৰা যায় ৷

বিশ্ব প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব বিডেন প্ৰেচিডেঞ্চিয়ে

author img

By

Published : Nov 11, 2020, 10:00 AM IST

নতুন দিল্লী, 11 অক্টোবৰ: প্ৰায় 75 নিযুত ভোট লাভ কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হৰুৱাই সংযুক্ত ৰাষ্ট্ৰ হোৱাইট হাউচ দখল কৰা ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনৰ সাফল্যই ভাৰত, চীন তথা সমগ্ৰ বিশ্বৰ বাবেনো কি অৰ্থ বহন কৰে ?

ট্ৰাম্পে লাভ কৰা 48 শতাংশ ভোটৰ বিপৰীতে বিডেনে ৰাষ্ট্ৰ খনৰ প্ৰায় 50 শতাংশকতৈও অধিক ভোট লাভ কৰে ৷ বিডেনৰ সাফল্যই বিশ্বৰ বাবে কি অৰ্থ বহন কৰিব বা এই সাফল্যৰ পাছৰ পৰ্যায়ত কি হ'ব এই বিষয়ে অধিক বিশ্লেষণ কৰিবৰ বাবে প্ৰাক্তন কূটনীতিবিদ অশোক সজ্জনাৰৰ সৈতে ইটিভি ভাৰতে বিশেষভাৱে এক বাৰ্তালাপত মিলিত হয় ৷

সাক্ষাৎকাৰৰ কিছু অংশ:

ভাৰতৰ লগতে বেইজিঙৰ পৰা বাৰ্লিনলৈ বিডেনৰ বিজয়ে কেনে অৰ্থ বহন কৰে ? এই বিষয়ত আপোনাৰ কি মন্তব্য

বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জ' বিডেনৰ সাফল্যই বিশ্ব প্ৰেক্ষাপটত কেবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব ৷ প্ৰথম কথা এইয়ে যে ট্ৰাম্পে নিজৰ কাৰ্যকালত আন্তৰাষ্ট্ৰীয় সম্পৰ্কৰ স্বাভাৱিক আচৰণখিনি তেওঁক কাম আৰু নীতিৰ মাধ্যমেৰে সম্পূৰ্ণৰূপে বিঘ্নিত কৰি পেলাইছিল ৷

এই কথা কব পাৰি যে বিশ্বই প্ৰত্যক্ষ কৰিব গৈ থকা প্ৰথমটো পৰিৱৰ্তন হৈছে এইয়ে যে সংযুক্ত ৰাষ্ট্ৰ তথা সহযোগী মিত্ৰ ৰাষ্ট্ৰ আৰু অন্যন্য ৰাষ্ট্ৰ সমূহৰ সৈতে কূটনৈতিক বিনিময় পুনৰ স্বাভাৱিক হ'ব ৷ এইক্ষেত্ৰত যথেষ্ঠ স্থিৰতাৰ আশা কৰিব পৰা যায় ৷ বিডেনৰ পৰা আমি যথেষ্ঠ সম্ভাৱনাৰ আশা কৰিব পাৰো, যিহেতু ট্ৰাম্পে বৈদেশিক নীতিৰ ক্ষেত্ৰত বিস্তাৰিত জ্ঞান নথকাৰ বাবে নিজৰ ইচ্ছানুযায়ী কাম কৰিছিল ৷ এতিয়া এই ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন হ'ব ৷

ইয়াৰ উপৰিও এনে বহু আন্ত:ৰাষ্ট্ৰীয় চুক্তি আছে যিসমূহ ট্ৰাম্পে প্ৰত্যাহাৰ কৰিছিল ৷ ইয়াৰ ভিতৰত অন্যতম জলবায়ু পৰিৱৰ্তন চুক্তি ৷ বিডেন প্ৰশাসনে লব লগা অন্যতম প্ৰধান সিদ্ধান্তটো হৈছে জলবায়ু পৰিৱৰ্তন চুক্তিত পুনৰ যোগদান কৰি ইয়াৰ বাবে কাম কৰা ৷ দ্বিতীয়তে WHO (ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা) টো সংযুক্ত ৰাষ্ট্ৰই পুনৰ যোগদান কৰিব ৷

আপুনি ভাৱে নেকি যে গণতান্ত্ৰিক নিয়ন্ত্ৰণহীন চীনৰ বাবে বিডেনৰ বিজয়ে অন্য এক প্ৰত্যাহ্বান থিয় কৰিব ?

ৰাষ্ট্ৰপতি বিডেনে চীনৰ প্ৰত্যাহ্বানক কিদৰে প্ৰত্যুত্তৰ দিব সেইয়া প্ৰত্যক্ষ কৰাটো যথেষ্ট কৌতূহলপূৰ্ণ হ'ব ৷ চীনৰ পৰা আহিব পৰা ভাবুকিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে সংযুক্ত ৰাষ্ট্ৰত দ্বি-দলীয় সমৰ্থন আছে ৷ চীনক এতিয়া কেৱল ভাবুকি বা প্ৰত্যাহ্বান হিচাপে নহয় বৰঞ্চ এক শত্ৰু হিচাপে দেখা গৈছে, যিয়ে সংযুক্ত ৰাষ্ট্ৰক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰখনক বিশ্বৰ প্ৰথম শক্তিৰ স্থিতিৰ পৰা আঁতৰ কৰিবৰ বাবে লক্ষ্য স্থিৰ কৰি লৈছে ৷ সম্ভাৱনীয়তা আছে যে জ' বিডেন হয়টো চীনলৈ যাব আৰু কোনো ধৰণৰ ব্যৱসায়িক তথা প্ৰযুক্তিগত চুক্তিৰ কথা আলোচনা কৰিব ৷

বিডেনৰ সফলতাক কেনেভাৱে গ্ৰহণ কৰা হৈছে আৰু সংযুক্ত ৰাষ্ট্ৰৰ মুখ্য সম্পৰ্কৰ ক্ষেত্ৰত কি সূচায় ?

বিডেনৰ সফলতাক যথেষ্ঠ ধনাত্মকভাৱে লোৱা হৈছে আৰু বিশ্বৰ অধিকাংশ দেশেই এই সফলতাক সম্পূৰ্ণ অন্তৰেৰে আদৰণি জনাইছে ৷ যিমানদূৰ ইউৰোপৰ কথা ভৱা যায়, এইবুলি কব পাৰি যে প্ৰত্যেকখন ইউৰোপিয়ান দেশে এক স্বস্তিৰ নিশ্বাস লৈছে ৷ তেওঁলোকে আশা ৰাখিছে যে ট্ৰান্স-আটলান্টিক অংশীদাৰিত্বৰ ক্ষেত্ৰত ট্ৰাম্পে লৈ অনা অপ্ৰত্যাশাজনক স্থিতি তথা বিভাজন এতিয়া অতীত হ'ব ৷ এতিয়া এই আটাইকেইখন দেশেই যথাযথ ভাৱে এখনে আনখনৰ সৈতে স্বাভাৱিক কূটনৈতিক নীতি নিয়মৰ মাজেৰে স্বাভাৱিক সম্পৰ্ক ৰক্ষা কৰিবলৈ সমৰ্থ হ'ব ৷

ভাৰতেও বিডেন আৰু কমলা হেৰিছৰ বিজয়ক আদৰণি জনাইছে ৷ ভাৰতৰ ৰাষ্ট্ৰপতি নৰেন্দ্ৰ মোডীয়েও সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে যে সংযুক্ত ৰাষ্ট্ৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব ৷

শেষত, ভাৰত - সংযুক্ত ৰাষ্ট্ৰৰ সম্পৰ্কৰ কোনো সাম্ভাৱ্য পৰিৱৰ্তন আপুনি দেখিবলৈ পাইছে নেকি?

জ' বিডেন নেতৃত্বাধীন প্ৰশাসনৰ অধীনত ভাৰত আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু অধিক ভাল হ'ব ৷ ভাৰত আৰু সংযুক্ত ৰাষ্ট্ৰৰ মাজত অধিক শক্তিশালী সম্পৰ্ক স্থাপনৰ বাবে এক দ্বি-দলীয় সমৰ্থন বহু আগৰে পৰাই আছে ৷ ডেমক্ৰেটিক বা ৰিপাৱ্লিকান যি শক্তিয়েই নহওক বিগত 20 বছৰৰ পৰাই এই সমৰ্থন অব্যাহত আছে ৷ ভাৰত-মাৰ্কিন পাৰমানৱিক চুক্তি বা ভাৰতক মুখ্য প্ৰতিৰক্ষা সংগী হিচাপে গণ্য কৰাৰ ইত্যাদি সকলো ক্ষেত্ৰতে জ' বিডেনে সদায়েই ভাৰতৰ সৈতে এক শক্তিশালী সম্পৰ্ক স্থাপনৰ পক্ষত আছে ৷

বিডেনে তেওঁৰ সমৰ্থন অব্যাহত ৰাখিব ৷ প্ৰতিৰক্ষা সংগী হিচাপেও কব পাৰি যে এই সম্পৰ্ক আৰু অধিক গাঢ় হ'ব ৷ কৃষি, শক্তি, চাইবাৰ সুৰক্ষা, শিক্ষা ইত্যাদি 60 ৰো অধিক ক্ষেত্ৰৰ অধিক উন্নতি হোৱাৰ সম্ভাৱনীয়তা আছে ৷ প্ৰত্যক্ষ কৰিব লগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে আমেৰিকান সকলে পাকিস্তানৰ ক্ষেত্ৰত কেনে স্তিতি গ্ৰহণ কৰে ৷ ব্যৱসায়িক দিশটোৰ পৰা চাবলৈ গ'লে ভাৰতে কিছু সকাহ পাব বুলি অনুমান কৰিব পৰা যায় ৷

প্ৰবাসী ভিচাৰ ক্ষেত্ৰতো ট্ৰাম্পে প্ৰদান কৰাতকৈ ভাৰতে অধিক ভাল সিদ্ধান্ত লাভ কৰিব বুলি আশা কৰিব পৰা যায় ৷ চীনৰ নীতি তথা অন্যন্য গ্ল'ৱেল সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত সংযুক্ত ৰাষ্ট্ৰক ভাৰতৰ সিমানেই প্ৰয়োজন আছে যিমান প্ৰয়োজন ভাৰতক সংযুক্ত ৰাষ্ট্ৰৰ আছে ৷

লগতে পঢ়ক: বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফল 2020 : নেতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.