ETV Bharat / international

এক নতুন এজেণ্ডা লৈ আগবাঢ়িছে আমেৰিকা

author img

By

Published : Apr 7, 2021, 10:46 PM IST

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ নিজৰ স্থিতি ঘূৰাই অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সংযুক্ত ৰাষ্ট্ৰই ৷ ৰাষ্ট্ৰখনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে একপক্ষীয়ভাৱে তেওঁৰ কেইবাটাও বিতৰ্ক নিচিহ্ন কৰি পেলোৱাৰ পৰিৱৰ্তে বিশ্বৰ সৈতে আকৌ এবাৰ জড়িত হৈ মিত্ৰতা শক্তিশালী কৰাৰ পণ লৈছে জ' বাইডেনে ৷

America on path of a new agenda
এক নতুন কাৰ্যসূচীৰ দিশে আমেৰিকা

ইন্টাৰনেচনেল ডেস্ক, 7 এপ্ৰিল: সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে একপক্ষীয়ভাৱে তেওঁৰ কেইবাটাও বিতৰ্ক নিচিহ্ন কৰি পেলোৱা পথ অনুসৰণ নকৰি ৰাষ্ট্ৰখনৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ' বাইডেনে মিত্ৰতা শক্তিশালী কৰাৰ লগতে সমগ্ৰ বিশ্বৰ সৈতে পুনৰ জড়িত হোৱাৰ কথা ঘোষণা কৰে ৷ বাইডেনে কয় যে, "আমি আমাৰ মিত্ৰতা শক্তিশালী কৰিম আৰু বিশ্বৰ সৈতে আকৌ এবাৰ জড়িত হ'ম, কালিৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ নহয় বৰঞ্চ আজি আৰু কাইলৈৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে ৷

সংযুক্ত ৰাষ্ট্ৰৰ সকলো বিভাগৰ বাবে এক নিৰ্দেশনা হিছাপে কাম কৰিব লগীয়া ৰাষ্ট্ৰখনৰ সুৰক্ষা ৰণনীতিৰ বিষয়ে ঘোষণা কৰাৰ সময়তো বাইডেনে তেওঁৰ লক্ষ্যৰ কথা উল্লেখ কৰে ৷ ডনাল্ড ট্ৰাম্পে 'আমেৰিকা ফাৰ্ষ্ট' ৰ দৰে আৱেগিক শ্ল'গানৰ ওপৰত অধিক মনোনিৱেশ কৰাৰ পৰিৱৰ্তে বাইডেনৰ দৃষ্টিভংগী সম্পূৰ্ণ সুকীয়া ৷ ট্ৰাম্পৰ আমেৰিকা ফাৰ্ষ্ট আদৰ্শৰ পৰিৱৰ্তে বাইডেনৰ দৃষ্টিভংগী অৰ্থনৈতিক সুৰক্ষাৰ ওপৰত আধাৰিত ৷ অৰ্থনৈতিক সুৰক্ষা হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা, এই প্ৰাৰম্ভিক দৃষ্টিভংগী লগত ৰাখিয়েই জ' বাইডেনে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে কাম কৰাৰ লক্ষ্য বান্ধিছে ৷

তেওঁলোকৰ সুৰক্ষা সন্দৰ্ভত যিকোনো কথা কোৱাৰ পূৰ্বে ইতিমধ্যে উচ্চাৰিত মূল্যবোধ কাৰ্যকৰী কৰাৰ বাবে সংযুক্ত ৰাষ্ট্ৰই লোৱা সংকল্পৰ পৰাই এই নতুন ধাৰাৰ কথা স্পষ্ট হৈ পৰিছে ৷ উল্লেখ্য যে, সংযুক্ত ৰাষ্ট্ৰই কূটনীতিক অগ্ৰাধিকাৰ দিয়াৰ সমান্তৰালকৈ ইয়াৰ সামৰিক বাহিনীৰ আধুনিকীকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুনৰ নিজৰ স্থিতি ঘূৰাই অনাৰ লগতে পৰম্পৰাগত মিত্ৰশক্তিৰ সৈতে অংশীদাৰীত্ব পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাষ্ট্ৰখনে গ্ৰহণ কৰা সিদ্ধান্তৰ পৰাও ৰাষ্ট্ৰখন এক নতুন ধাৰাৰ দিশে আগবঢ়াটো স্পষ্ট হৈ পৰিছে ৷

উত্তৰ কোৰিয়াৰ সৈতে লেনদেন কৰাৰ পদ্ধতিৰ পৰা ক'ভিড-19 চম্ভালাৰ ক্ষেত্ৰত আৰু ইৰাণৰ সৈতে বহুপাক্ষিক চুক্তি প্ৰত্যাহাৰ কৰা, পেৰিছ চুক্তিৰ পৰা বাহিৰ হোৱালৈকে সকলো ক্ষেত্ৰতে ট্ৰাম্পে একপক্ষীয় উপায় অনুসৰণ কৰিছিল ৷ তেওঁ তেওঁৰ বৰ্ণবাদী ৰাজনীতিৰে ৰাষ্ট্ৰখনত এক সামাজিক বিভেদৰো সৃষ্টি কৰিছিল ৷ কিন্তু, ইয়াৰ পৰিৱৰ্তে স্বাধীনতা, শান্তি, সমৃদ্ধি আৰু ব্যক্তিগত সন্মানৰ বাবে গণতন্ত্ৰক গুৰুত্বপূৰ্ণ হিছাপে অগ্ৰাধিকৰ দি বাইডেনে এক পৰিপক্ক পথ অনুসৰণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: হাবল স্পেছ টেলিস্কোপত পৰিস্ফূট হ'ল ডাবল কোৱাছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.