ETV Bharat / international

অপ্ৰত্যাশিতভাৱে আফগান সেনাৰ দ্ৰুত পতন ঘটিছিল : Top US General - আফগান সেনা

আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ পাচতে সমালোচনাৰ সন্মুখীন আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰপতি জ' বাইডেন ৷ তালিবানে অতি সহজে কাবুল অধিগ্ৰহণ কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰশিক্ষিত আফগান সেনা(US-trained Afghan army)ৰ দ্ৰুত পতনৰ পাচতে সমগ্ৰ বিষয়ক লৈ চৰ্চা অব্যাহত আছে ৷ ইফালে আফগান সেনাৰ এই পতন মুঠেও প্ৰত্যাশিত নাছিল বুলি মন্তব্য Joint Chiefs of Staffৰ অধ্যক্ষ জেনেৰেল Mark Milleyৰ ৷

Top US General Mark Milley
অপ্ৰত্যাশিতভাৱে আফগান সেনাৰ দ্ৰুত পতন ঘটিছিল : Top US General
author img

By

Published : Sep 5, 2021, 5:58 PM IST

ইণ্টাৰনেশ্যেনেল ডেস্ক , 5 ছেপ্তেম্বৰ : সুদীৰ্ঘ 20 বছৰীয়া সংঘৰ্ষৰ অন্ত পেলাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ পাচতে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন বিভিন্ন ফালৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে ৷ তালিবানে অতি সহজে কাবুল অধিগ্ৰহণ(Taliban's swift takeover of Kabul) কৰাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বাৰা প্ৰশিক্ষিত আফগান সেনা(US-trained Afghan army)ই অতি দ্ৰুতগতিত হাৰ মনাৰ পাচতে এই সমগ্ৰ ঘটনাত আমেৰিকা যুক্তৰাষ্ট্ৰ ভূমিকাক লৈ চৰ্চা অব্যাহত আছে ৷

আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ পাচত তালিবানৰ আক্ৰমণ সন্দৰ্ভত Joint Chiefs of Staffৰ অধ্যক্ষ জেনেৰেল Mark Milleyএ তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে ৷ Mark Milleyৰ মতে তালিবানৰ আক্ৰমণৰ সন্মুখত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশিক্ষিত আফগান সেনাৰ দ্ৰুত পতন(collapse of the Afghan army) ঘটিছিল ৷ আফগান সেনাৰ এনে পতন মুঠেও প্ৰত্যাশিত নাছিল বুলি Mark Milleyএ মন্তব্য কৰিছে ৷ আফগান সেনাৰ পতনৰ লগে লগে আফগান চৰকাৰৰো পতন ঘটা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক : পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী

আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাচতে Mark Milleyএ কয় যে, যুদ্ধবিধ্বস্ত দেশখনত বিগত 20 বছৰে যিসমূহ ঘটনা সংঘটিত হৈ আহিছে তাক লৈ তেওঁৰ মনত যথেষ্ট বেদনা আৰু খং পুঞ্জীভূত হৈ আছে ৷

তেওঁ কয় যে, যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰৰ পৰা শিকা এটা অন্যতম শিক্ষা হৈছে আফগান নিৰাপত্তা বাহিনীৰ ক্ষেত্ৰত উপলব্ধি কৰা অসুবিধা(pitfalls realised in the Afghan security forces) ৷ দেখাত পশ্চিমীয়া সেনা(Western forces)ৰ দৰে শক্তিৰ সৃষ্টি কৰা হৈছিল যদিও সম্ভৱতঃ সেই শক্তিসমূহ উপযুক্তভাৱে প্ৰস্তুত কৰা হোৱা নাছিল বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : পাকিস্তানত আত্মঘাতী বিস্ফোৰণ : 3জন নিহত, আহত 20জন

উল্লেখ্য যে, আফগানিস্তানৰ পৰা উলিয়াই অনা ২৫,০০০ তকৈও অধিক আফগান শৰণাৰ্থীক বিশ্বজুৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটিত ৰখা হৈছে ৷ সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰৰ সময়ত তেওঁ কাবুলত আত্মঘাতি বোমা বিস্ফোৰণৰ সময়ত নিহত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ 13 জন সেনাক সোঁৱৰণ কৰাৰ লগতে তেওঁলোকৰ ত্যাগক স্বীকাৰ কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ জেনেৰেলগৰাকীয়ে অদূৰ ভৱিষ্যতে আফগানিস্তানত গৃহযুদ্ধ(civil war in Afghanistan in near future)ৰ ভৱিষ্যতবাণী কৰিছে ৷

লগতে পঢ়ক : 9/11 ট্ৰেজেডীৰ 20 তম বাৰ্ষিকী উদযাপনৰ বাবে সাজু জ' বাইডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.