ইণ্টাৰনেশ্যনেল ডেস্ক, 11 অক্টোবৰ : ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল Hawaii ৰ নালেহুৰ(Naalehu) দক্ষিণে থকা বিগ আইলেণ্ডৰ উপকূল(coast of the Big Island) ৷ নালেহুৰ পৰা ২৯ কিল’মিটাৰ দক্ষিণে জোকাৰি যোৱা ভূমিকম্পটোৰ জোকাৰণিৰ ফলত অঞ্চলটোৰ আৱাসীসকলৰ মাজত এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে চেল্ফৰ পৰা বিভিন্ন সামগ্ৰী সৰি পৰিছিল ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপে(US Geological Survey) দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ১৭ কিল’মিটাৰ ৷ অৱশ্যে ভূমিকম্পৰ ফলত ছুনামি(tsunami threat) অহাৰ কোনো আশংকা নাই ৷ Honolulu ৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই(National Weather Service) এই কথা জানিবলৈ দিছে ৷
Oahu ৰ বাসিন্দাসকলে তেওঁলোকে ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা বুলি জানিবলৈ দিছিল ৷ অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷
লগতে পঢ়ক : নিদ্ৰাৰত অৱস্থাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ পাঁচ সদস্যই