ETV Bharat / international

Cyril Ramaphosa: দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ আশু আৰোগ্য কামনা নৰেন্দ্ৰ মোডীৰ

কৰ'ণাত আক্ৰান্ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা(South African President tests Covid positive) । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

South African President tests Covid positive
ক'ভিড-১৯ত আক্ৰান্ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি
author img

By

Published : Dec 13, 2021, 1:56 PM IST

Updated : Dec 13, 2021, 6:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(Cyril Ramaphosa tests Covid-19 positive) । ক'ভিড-১৯ ৰ লক্ষণ দেখা পোৱাৰ পাচতে তেওঁক চিকিৎসা প্ৰদান কৰা হৈছে । ক'ভিড প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই দেওবাৰে কেপটাউনত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লাৰ্কৰ সোঁৱৰণত আয়োজিত অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পিছৰে পৰা অসুস্থতা অনুভৱ কৰিবলৈ ধৰে ।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিৰিল ৰামাফোছাৰ দ্ৰুত আৰোগ্য কামনা কৰে (Modi wishes Cyril Ramaphosa's speedy recovery) । তেওঁ টুইটত উল্লেখ কৰে যে, চিৰিল ৰামাফোছা বৰ্তমান সুস্থিৰ অৱস্থাতে আছে আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ সামৰিক স্বাস্থ্য সেৱাৰ তত্বাৱধানত আছে ।

সম্প্ৰতি চিৰিল ৰামাফোছা কেপটাউনত ছেল্ফ আইছ'লেচনত আছে ৷ পৰৱৰ্তী সপ্তাহৰ বাবে উপ-ৰাষ্ট্ৰপতি ডেভিড মাবুজাক শাসনভাৰ অৰ্পণ কৰা হৈছে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে শেহতীয়াকৈ নাইজেৰিয়া, কোটে ডি' আইভ'ৰ, ঘানা আৰু ছেনেগালকে ধৰি পশ্চিম আফ্ৰিকাৰ চাৰিখনকৈ দেশ ভ্ৰমণ কৰিছিল ।

আটাইকেইখন দেশতে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধি দলৰ ক'ভিড পৰীক্ষা কৰোৱা হৈছিল । যোৱা ৮ ডিচেম্বৰত জোহান্সবাৰ্গলৈ উভতি অহাৰ পিছত ৰামাফোছাৰো ক'ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ তেতিয়া তেওঁৰ দেহত অৱশ্যে মহামাৰীৰ কোনো লক্ষণ দেখা পোৱা নগৈছিল ।

লগতে পঢ়ক: 4 new Omicron cases in Jaipur : জয়পুৰত পুনৰ চাৰিজন লোকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি

Last Updated : Dec 13, 2021, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.