ETV Bharat / international

কৰ'ণা ভাইৰাছ ভয়ানক আৰু দীৰ্ঘম্যাদী : বিশ্ব স্বাস্থ্য সংস্থা - বিশ্ব স্বাস্থ্য সংস্থাৰ আন এটা সতৰ্কবাণী

সমগ্ৰ বিশ্বত ক্ৰমান্বয়ে ৩ মিলিয়নৰ দিশে অগ্ৰসৰ হৈছে কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্য়া । বৰ্তমানলৈ এই মহামাৰীত মৃত্য়ু হৈছে ২,০৭,০০০ জন লোকৰ । পুনৰ সৰ্তকবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ ।

Coronavirus far from over, WHO chief warns again

author img

By

Published : Apr 28, 2020, 5:09 PM IST

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা দূৰত থকা দেশসমূহক বিশ্ব স্বাস্থ্য সংস্থাৰ আন এটা সতৰ্কবাণী । সংস্থাটোৰ মহাপৰিচালক টেড্ৰ'ছ এধান'ম ঘেব্ৰয়েছুছে সোমবাৰে বিশ্বকে Covid-19 ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ আহ্বান জনায় ।

ভাৰ্চুৱেল নিউজ ব্ৰিফিঙত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধানগৰাকীয়ে, আফ্ৰিকা, পূব ইউৰোপ, লেটিন আমেৰিকা আৰু অন্যান্য এছিয়ান দেশত ক্ৰমবৰ্ধমান প্ৰৱণতাক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰে । এই অঞ্চল সমূহত অন্যান্য় দেশৰ তুলনাত আক্ৰান্ত বা মৃত্যু সংখ্যা কম কাৰণ পৰীক্ষা কৰাৰ ক্ষমতা কম বুলি উল্লেখ কৰে । আনহাতে যদি আমি ঐক্যবদ্ধ ভাৱে যুঁজ নিদিও তেন্তে এই ভাইৰাছক প্ৰতিহিত কৰিবলৈ সক্ষম নহ'ম বুলি কয় । ঐক্যবদ্ধ নহ'লে আমাৰ মাজত থকা মত-বিৰোধৰ মাজত এই ভাইৰাছে ধ্বংসস্তূপৰ সৃষ্টি কৰি যাব । এনেকৈ বহু লোকৰ প্ৰাণ যাব বুলি কয় ঘেব্ৰয়েছুছে ।

বিগত সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল কৰ'ণা ভাইৰাছ এতিয়াও বিপদজনক । লগতে এইটো দীৰ্ঘদিনলৈ চলিব বুলিও সতৰ্ক কৰিছিল । কোনেও যাতে ভুল নকৰে । আমি বহু দূৰলৈ বাট অতিক্ৰম কৰিব লাগিব । এই ভাইৰাছ দীৰ্ঘ সময়ৰ বাবে আমাৰ সৈতে থাকিব বুলি কৈছিল সংস্থাটোৰ মহাপৰিচালক ঘেব্ৰেয়েছুছে ।

শেহতীয়াকৈ জন হপকিন্স বিশ্ববিদ্যালয়ে জাৰী কৰা এক তথ্য় অনুসৰি বিশ্বব্যাপী এই ভাইৰাছৰ সংক্ৰমণৰ পৰিমাণ ৩ মিলিয়নৰ দিশে অগ্ৰসৰ হৈছে । বৰ্তমানলৈকে মৃত্যু হৈছে ২,০৭,০০০ জন লোকৰ ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালকে কয়, আমি আমাৰ আঞ্চলিক আৰু দেশীয় কাৰ্যালয়ৰ মাধ্যমেৰে বিমানৰ দ্বাৰা এই সমূহ দেশত প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ লগতে আমাৰ সমৰ্থন দি আহিছো । বিগত সপ্তাহত আফ্ৰিকা মহাদেশৰ ৪০ খন দেশলৈ সামগ্ৰী যোগান ধৰাৰ লগতে বহু পৰিকল্পনা বনোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.