ইন্টাৰনেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : ছোমালিয়াৰ ৰাজধানীৰ এখন আইছক্ৰীমৰ দোকানত আত্মঘাতী বোমা আক্ৰমণত নিহয় হয় সাতগৰাকী লোক ৷ এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছে অল কায়দাৰে জড়িত অল ছাদাব নামৰ উগ্ৰপন্থী সংগঠনে ৷
আমেৰিকাৰ কূটনীতিবিদ আৰু সৈন্য বাহিনীৰ জোৱানৰ সৈতে সাক্ষাতৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব ক্ৰিষ্টোফাৰ মিলাৰ মোগাদিশুত উপস্থিত হোৱাৰ কিছু ঘন্টা পাচতে সংঘটিত হয় এই আক্ৰমণ ৷
ছোমালিয়ান চৰকাৰৰ মুখপাত্ৰ ছালাহ ওমৰ হাছানে কয় যে, সাতজন লোক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় প্ৰায় আঠজন লোক ৷
লগতে পঢ়ক : ইৰাণত সেনাৰ পাৰমাণৱিক কাৰ্যত জড়িত এগৰাকী বিজ্ঞানীৰ মৃত্যু