ETV Bharat / headlines

বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে কৰ্ণাতকৰ গদগ ডাকঘৰৰ কৰ্মচাৰীসকলে ডাকঘৰৰ চৌহদটো বাগিচা সদৃশ পাৰ্কলৈ ৰূপান্তৰিত কৰা পৰিলক্ষিত হয় । স্বচ্ছ ভাৰত অভিযানৰ অধীনত কৰ্মচাৰীসকলে পাৰ্কখনত বিভিন্ন প্ৰজাতিৰ ফুলৰ লগতে চৰাই-চিৰিকটিৰ বাবে বাঁহো সাজি দিছে ।

গদগ ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ
বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ
author img

By

Published : Jun 5, 2020, 3:43 PM IST

নেশ্যনেল ডেস্ক, ৫ জুন: কৰ্ণাটকৰ গদকস্থিত ডাকঘৰত শুকুৰবাৰে ডাকঘৰৰ কাৰ্যালয়ৰ চৌহদত বিভিন্ন প্ৰজাতিৰ ফুল ৰোপন কৰি এখন পাৰ্কৰ সৃষ্টি কৰে ডাকঘৰৰ কৰ্মচাৰীসকলে । বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত বনোৱা এই পাৰ্কখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । পাৰ্কখনত ফুলৰ গছৰ উপৰিও চৰাই-চিৰিকটিৰ বাবে বাহ সাজি দিছে কৰ্মচাৰীসকলে । সৰু সৰু মাছৰ পোৱালিসমূহ টেংকীত ৰখা হৈছে যিবোৰে পাৰ্কখনৰ আকৰ্ষণ দুগুণ বৃদ্ধি কৰিছে ।

বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ
বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ

ডাকঘৰটোৰ জ্যেষ্ঠ বিষয়া বচভৰাজৰ নেতৃত্বত এই মনোমোহা পাৰ্কখন গঢ়ি উঠিছে বুলি জানিব পৰা গৈছে । কৰ্মচাৰীসকলৰ উপৰিও ডাকঘৰলৈ যোৱা মানুহবোৰেও পাৰ্কখনত বহি নিজৰ ভাগৰ সামৰে । কামৰ ব্যস্ততাৰ মাজতে কৰ্মচাৰীসকলে পাৰ্কখন চিকুনাই ৰাখে ।

ডাকঘৰৰ কৰ্মচাৰীসকলে ব্যৱহাৰ কৰা Drip Irrigation Methodয়ে পাৰ্কখন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পাৰ্কখনত কমেও ২৫ টা প্ৰজাতিৰ ফুলৰ গছসহ নাৰিকলৰ গছো আছে । এই গছবোৰৰ দ্বাৰা পাৰ্কখনত লাহে লাহে পাৰ চৰাইৰ বাহো গঢ়ি উঠিছে । উল্লেখ্য যে,প্ৰত্যেক বৃহস্পতিবাৰে কাৰ্যালয়ৰ কাম শেষ কৰাৰ পিছত কৰ্মচাৰীসকলে দুঘণ্টা সময় পাৰ্কখনৰ কামত লগায় । তেওঁলোকে পাৰ্কতে জৈৱিক সাৰ উৎপন্ন কৰি গছপুলিবোৰত দিয়ে । ডাকঘৰটোৰ আশে-পাশে থকা আন আন ডাকঘৰৰ কৰ্মচাৰীসকলেও এই পাৰ্কখনৰ সেউজীয়া উপভোগ কৰি নিজ নিজ ডাকঘৰত গছপুলি ৰোপনৰ কাম আৰম্ভ কৰিছে ।

মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সময়ত চৰকাৰী কাৰ্যালয়ত গ্ৰহণ কৰা এই পদক্ষেপে সকলো কৰ্মচাৰীকে পৰিস্কাৰ হৈ থাকিবলৈ আৰু সেউজীয়া পৰিৱেশ উপভোগ কৰাত সহায় কৰে বুলি ডাকঘৰটোৰ জ্যেষ্ঠ ডাক অধীক্ষকগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক: 8 জুনৰ পৰা পুনৰ মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলীঃ উৎফুল্লিত ভক্তপ্ৰাণ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.