নেশ্যনেল ডেস্ক, ১২ জুন: উত্তৰ প্ৰদেশৰ মেইনপুৰী জিলাৰ পৰা শুকুৰবাৰে আন এগৰাকী ভুৱা অনামিকা শুক্লাক আটক কৰে আম্বেদনগৰ আৰক্ষীয়ে । ভুৱা অনামিকা শুক্লাক অনিতা নামেৰে সৈতে বৃহস্পতিবাৰে মাজনিশা আটক কৰা হয় আৰু শুকুৰবাৰে আদালতত হাজিৰ কৰা হয় অনিতাক । তেওঁ কস্তুৰবা গান্ধী বিদ্যালয়ত পূৰ্ণকালীন শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল বুলি জানিব পৰা গৈছে ।
অনীতাই ই টিভি ভাৰতক জনোৱা মতে, এবছৰ পূৰ্বে তেওঁ পুষ্পেন্দ্ৰ নামৰ লোকজনক লগ পাইছিল । সেই সময়ত অনিতা চাকৰিৰ সন্ধানত আছিল । পুষ্পেন্দ্ৰই অনামিকা শুক্লা নামেৰে ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাত সহায় কৰিছিল । তেতিয়াৰে পৰাই অনিতাই অনামিকা শুক্লা হৈ কস্তুৰবা গান্ধী বিদ্যালয়ত শিক্ষকতা কৰি আছিল । কিছু বছৰ পূৰ্বে অনীতাৰ স্বামী ঢুকাইছে আৰু তেওঁৰ এটা ৪ বছৰীয়া সন্তানো আছে । এই সকলোবোৰ পৰিস্থিতিয়ে তেওঁক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাইছে বুলি অনিতাই জানিবলৈ দিয়ে । তেওঁ কয় যে,বিগত এমাহৰ পৰা তেওঁ দৰমহা পোৱা নাই । তেওঁৰ মাহিলী দৰমহা ১০ হাজাৰ টকা ।
উল্লেখ্য যে,অনামিকা শুক্লা নাম সংক্ৰান্তত এইটো হৈছে দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বেও ৭ জুনত আন এগৰাকী মহিলাক ভুৱা অনামিকা শুক্লা নাম লৈ ২৫ খন ভিন্ন ভিন্ন স্কুলত শিক্ষকতা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক: হত্যাকাৰীক আটকৰ দাবীৰে কৰিমগঞ্জৰ নিভিয়াত পথ অৱৰোধ