ETV Bharat / headlines

ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ - গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ

বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত জোনাই ৰেঞ্জ ডিভিজনৰ ৰেঞ্জাৰ মাখন ইছলামক ধেমাজি-চিলাপথাৰ পথত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মাখন ইছলামে জোনাইৰ সন্দীপ দাসৰ পৰা ২ লাখ টকা ঘোচ লোৱাৰ সময়তে আৰক্ষী অধীক্ষক সুমীত শৰ্মাৰ নেতৃত্বত অসম এছিবি দলৰ দ্বাৰা মাখন ইছলামক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰজনক ।

ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ

author img

By

Published : Jun 18, 2020, 10:52 PM IST

নিউজ ডেস্ক, ১৮ জুন: বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত জোনাই ৰেঞ্জ ডিভিজনৰ ৰেঞ্জাৰ মাখন ইছলামক ধেমাজি-চিলাপথাৰ পথত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মাখন ইছলামে জোনাইৰ সন্দীপ দাসৰ পৰা ২ লাখ টকা ঘোচ লোৱাৰ সময়তে আৰক্ষী অধীক্ষক সুমীত শৰ্মাৰ নেতৃত্বত অসম এছিবি দলৰ দ্বাৰা মাখন ইছলামক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰজনক ।

ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ
ঘোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ ধেমাজিৰ ৰেঞ্জাৰ

সন্দীপ দাসে জোনাই চহৰত আচবাব নিৰ্মাণৰ ব্যৱসায় কৰে । আচবাব নিৰ্মাণ সংক্ৰান্তত সন্দীপ দাসে কেতিয়াবা অৰুণাচল প্ৰদেশলৈ যাবলগীয়া হয় আৰু পাচিঘাটৰ পৰা কাঠ লৈ আনে । ধেমাজি বন সংৰক্ষণ বিভাগে ট্ৰাকসমূহ নিজৰ জিম্মাত লয় । AS-07C-2996 নম্বৰৰ ট্ৰাকখনে কেতিয়াবা কেতিয়াবা সময়ে সময়ে উভতি যায় আৰু বাহন ধেমাজি ডিএফঅ কাৰ্যালয়লৈ লৈ যায় । ২২-০২-২০২০ত পাচিঘাটৰ পৰা চিলাপথাৰলৈ কাঠ লৈ যোৱা অৱস্থাত জোনাই বন বিভাগৰ ৰেঞ্জাৰ মাখন ইছলামে কাঠভৰ্তি ট্ৰাকখন নিজৰ জিম্মাত লয় যদিও অভিযোগকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

সন্দীপ দাসে নিজৰ ট্ৰাকখন ঘূৰাই লবলৈ মাখন ইছলামৰ সৈতে যোগাযোগ কৰাৰ পিছত মাখন ইছলামে ২ লাখ টকাৰ দাবী কৰে । এই সন্দৰ্ভত সন্দীপ দাসে ২৩-০৩-২০২০ত ধেমাজি জিলা ডিএফঅ চফিকুৰ ৰহমানক লগ ধৰি তেওঁক সকলো খুলি কয় । কিন্তু চফিকুৰ ৰহমানে উক্ত ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰি সন্দীপক মাখন ইছলামৰ সৈতে যোগাযোগ কৰিবলৈ ঘূৰাই পঠিয়ায় ।

সন্দীপ দাসে পুনৰ মাখন ইছলামৰ সৈতে যোগাযোগ স্থাপন কৰাত ৰেঞ্জাৰজনে পুনৰ সন্দীপৰ ২ লাখ টকাৰ দাবী কৰে । ২৪ মাৰ্চত লক ডাউন আৰম্ভ হোৱাৰ পিছত মাখন ইছলামে সন্দীপৰ পৰা জোনাইৰ বনপাল প্ৰদীপ দাসৰ মাধ্যমেৰে ১ লাখ ৬৫ হাজাৰ টকা ঘোচ লয় । জোনাইৰ সচেতন লোকে সন্দীপক এখন এজাহাৰ দাখিল কৰিবলৈ উপদেশ দিয়ে আৰু অপৰাধী নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কয় ।

৫ জুন তাৰিখে মাখন ইছলামে পুনৰ সন্দীপক ১ লাখ টকাৰ দাবী কৰে । কিন্তু সন্দীপে অমান্তি হৈ লক ডাউন ভংগ কৰি গুৱাহাটীলৈ যায় আৰু অপৰাধী নিয়ন্ত্ৰণ কাৰ্যালয়ত অপৰাধী নিয়ন্ত্ৰক আইন, ১৯৮৮ ৰ দ্বাৰা 06/2020 u/s 7/7(a)/13 গোচৰৰ ভিত্তিত এখন লিখিত এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে আৰক্ষী অধীক্ষক সুমীত শৰ্মাৰ নেতৃত্বত অসম এছিবি দলে ধেমাজিলৈ ৰাওনা হয় ।

ৰেঞ্জাৰ মাখনে সন্দীপৰ পৰা ৫৫ হাজাৰ টকাৰ দাবী কৰাৰ সময়তে আৰক্ষীৰ দলটোৱে গোপনে তদন্ত আৰম্ভ কৰে । বৃহস্পতিবাৰে ৰাতিপুৱা সন্দীপে মাখনৰ সৈতে যোগাযোগ কৰি তেওঁক ধন নিবলৈ লখিমপুৰলৈ আহিবলৈ কয় । তাৰপিছত ঠাই সলনি কৰি চিলাপথাৰলৈ আহিবলৈ কয় মাখনক । দিনৰ প্ৰায় ২ বজাত চিলাপথাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মাখন উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ দলটোৱে সন্দীপক ফোন কৰি মাখনৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ।

প্ৰায় ২.৩০ বজাত চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্দীপে মাখনক ধন দি থকাৰ সময়তে আৰক্ষীৰ দলে মাখনক হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয় । আৰক্ষীয়ে সন্দীপৰ সৈতে থকা ৰেঞ্জাৰ মাখনৰ গাড়ীৰ পিছ লৈ গ্ৰেপ্তাৰ কৰে মাখনক ।

ৰেঞ্জাৰ মাখন ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত চফিকুৰ ৰহমানৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে আৰু চফিকুৰক জেৰাৰ বাবে মাতি পঠিয়ায় । ইফালে ধেমাজিৰ বনপাল প্ৰদীপ দাসকো সোধ-পোচৰ বাবে জেৰা কৰে আৰক্ষীয়ে । লগতে স্থানীয় আৰক্ষীৰ দ্বাৰা লখিমপুৰ, ধেমাজি, জোনাই আৰু গুৱাহাটীত তদন্ত আৰম্ভ কৰা হয় । গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইজনক ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হয় আৰু শুকুৰবাৰে গুৱাহাটীৰ বিশেষ আদালতত ন্যায়াধীশৰ সন্মুখত গোচৰৰ তদন্ত আৰম্ভ কৰা হ'ব ।

লগতে পঢ়ক: চিৰকাললৈ নিঃশেষ হৈ যাব নেকি জৈৱ বৈচিত্ৰৰে ভৰা মাগুৰি মতাপুং বিল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.