মঙলদৈ, 2 জুন: মঙলদৈৰ চহৰৰ সমীপৱৰ্তী মহলিয়াপাৰা ৰামগাঁৱৰ ৰাজহুৱা পুখুৰীত মঙ্গলবাৰে পুৱা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । পুৱা অঞ্চলটো স্থানীয়লোকে পুখুৰীটোত মৃতদেহটো প্ৰত্যক্ষ কৰি ঘটনা সম্পৰ্কে আৰক্ষী প্ৰশাসনক অৱগত কৰে। ইতিমধ্যে আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
মৃতদেহটো উদ্ধাৰ হোৱা পুখুৰীৰ পাৰৰ পৰা এখন চাইকেলো উদ্ধাৰ কৰা হয়। মৃতদেহটো মহলিয়াপাৰাৰে হৰেন চহৰীয়াৰ পুত্ৰ ৰাজীৱ চহৰীয়াৰ (১৮) বুলি চিনাক্ত কৰা হৈছে । উদ্ধাৰ হোৱা চাইকেলখনো মৃত ৰাজীৱ চহৰীয়াৰ বুলি জানিব পৰা হৈছে ।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা হ'ব এয়া প্ৰকৃততে হত্যাকাণ্ড নে আত্মহত্যা ।
লগতে পঢ়কঃ নয়দাত নাটকীয় কায়দাৰে গ্ৰেপ্তাৰ "মষ্ট ৱান্টেড" মনু