নিউজ ডেস্ক, ২৮ জুন : সম্প্ৰতি সমগ্ৰ দেশতে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । শনিবাৰে তেলেংগানাত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যাই মধ্য প্ৰদেশ আৰু হাৰিয়ানাৰ মাত্ৰাক চেৰ পেলাই ১৩,০০০ অতিক্ৰম কৰে । ১৩,৪৩৬ জনৰ সৈতে তেলেংগানা অধিকাংশ আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত ৮ নম্বৰ স্থানত আছে বুলি জানিব পৰা গৈছে ।
কোভিড-১৯ৰ প্ৰকোপৰ পিছত শনিবাৰে প্ৰথমবাৰৰ বাবে এদিনৰ মাত্ৰা ১০০০ লৈ বৃদ্ধি পায় । বিগত কিছুদিনৰ পৰা আক্ৰান্তৰ সংখ্যা উচ্চ হাৰত বৃদ্ধি হৈ শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯৮৫ জনলৈ বৃদ্ধি পায় । ইয়াৰ লগে লগে ৰাজ্যখনত শনিবাৰে মৃত্যুৰ সংখ্যা ২৪৩ জনলৈ বৃদ্ধি পায় ।
ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সদৰী কৰা মতে, বিগত ২৪ ঘণ্টাৰ ভিতৰত ৩,৯২৩ জন লোকে কোভিড-১৯ৰ পৰীক্ষা সম্পন্ন কৰিছে । সম্প্ৰতি ৰাজ্যখনত পৰীক্ষা সম্পন্ন কৰা লোকৰ সংখ্যা ৭৯,২৩১ জন । ইয়াৰোপৰি, ৪,৯২৮ জন ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ।
আনহাতে গ্ৰেটাৰ হায়দৰাবাদত শনিবাৰে ৮৮৮ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে । হায়দৰাবাদৰ সীমান্তৱৰ্তী ৰংগা ৰেড্ডী জিলা আৰু মেডচল অঞ্চলত ক্ৰমে ৭৪ আৰু ৩৭ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । নালগোণ্ডা আৰু চংগা ৰেড্ডী জিলাত ক্ৰমে ৩৫ আৰু ১১ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ।
উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰীক্ষাগাৰসমূহক দোষী সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে । ৪৮ ঘণ্টাৰ ভিতৰত সকলো ঠিক নহলে পৰীক্ষাগাৰৰ কৰ্মচাৰীক নিলম্বিত কৰাৰ ধমকি দিয়ে স্বাস্থ্য় বিভাগে । বিশেষজ্ঞসকলে চালি-জাৰি চাই কয় যে, কিছু সংখ্যক পৰীক্ষাগাৰত এতিয়াও ষ্টেণ্ডাৰ্ড অপাৰেটিং চিষ্টেম (SOPs) ব্যৱহাৰ হোৱা নাই ।
কোভিড-১৯ আক্ৰান্ত লোকসকলক চিনাক্ত কৰিবলৈ ঘৰে ঘৰে গৈ জৰীপ চলোৱা হ'ব বুলি স্বাস্থ্য মন্ত্ৰী ই. ৰাজেন্দৰে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত গ্ৰেটাৰ হায়দৰাবাদত প্ৰযোজনীয় ব্যৱস্থা গ্ৰহণৰ হেতু ইতিমধ্যে বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছে স্বাস্থ্য মন্ত্ৰীগৰাকী । কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতালৰ সহায় ল'ব লাগে বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : 'ধাৰৱী মিছন' য়ে কিদৰে এছিয়াৰ সৰ্ববৃহৎ বস্তি এলেকাক কৰ'ণাৰ বিৰুদ্ধে যুঁজত সহায় কৰিলে