ETV Bharat / headlines

জ’ৰ্জ ফ্লয়ডৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল লণ্ডন

author img

By

Published : Jun 7, 2020, 1:48 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰমে লণ্ডন, গ্ৰীছ, ইটালি, ডেনমাৰ্ক, জাৰ্মানী, ফ্ৰান্স, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, কানাডাৰ লগতে অন্যান্য দেশলৈ সম্প্ৰসাৰিত হৈছে এই গণ বিক্ষোভ ।

At least 23 police officers injured during protests in London

লণ্ডন, ৭ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিয়াপোলিছৰ এখন ৰেষ্টুৰেন্টত কৰ্মৰত জ’ৰ্জ ফ্লয়ড নামৰ কৃষ্ণাংগ লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি লণ্ডনত ব্যাপক ৰূপ লৈছে জনতাৰ প্ৰতিবাদে । এই গণ প্ৰতিবাদত বৰ্তমানলৈ লণ্ডনত আহত হৈছে প্ৰায় ২৩ জন আৰক্ষীৰ লোক । শনিবাৰে মধ্য লণ্ডনত সহস্ৰাধিক লোকে আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহে । আৰক্ষীৰ বাৰম্বাৰ সকীয়নি আৰু ক'ৰণা মহামাৰীৰ সংক্ৰমণকো আওকান কৰি প্ৰতিবাদকাৰী জনতাই উত্তাল কৰি তোলে মধ্য লণ্ডনৰ ৰাজপথ ।

এখন ৰেষ্টুৰেন্টত ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত জ’ৰ্জ ফ্লয়ডক ২৫ মে’ত কোনো ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই ঘটনাৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দেখা গৈছে যে, জ’ৰ্জক গ্ৰেপ্তাৰ কৰা সময়ত এজন আৰক্ষী বিষয়াই তেঁওৰ ডিঙিত আঁঠুৰে হেঁচা মাৰি ধৰিছিল । জ’ৰ্জে সেইসময়ত উশাহ নোপোৱা বুলি কৈ আছিল যদিও বিষয়াজনে তেওঁৰ কোনো কথাই নুশুনিলে । কিছু সময়ৰ পাছত জ’ৰ্জ অচেতন হৈ পৰে । আৰক্ষীয়ে জ’ৰ্জক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

জ’ৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাছতেই আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাক লৈ চহৰখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এই প্ৰতিবাদ ক্ৰমে লণ্ডন, গ্ৰীছ, ইটালি যুক্তৰাষ্ট্ৰ, ডেনমাৰ্ক, জাৰ্মানী, ফ্ৰান্স, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, কানাডাৰ লগতে অন্যান্য দেশলৈ এই গণ বিক্ষোভ সম্প্ৰসাৰিত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.