ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ জুন : মেক্সিকোৰ হিংসাত্মক অপৰাধ কাণ্ড সম্পূৰ্ণৰূপে দৃষ্টিগোচৰ হৈছে, কিয়নো উত্তৰ-মধ্য ৰাজ্য জেকেটেকাচৰ ফ্ৰেস্নিকিলো চহৰত ১৪ টা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে বন্দুকধাৰীয়ে মেক্সিকো চিটী আৰক্ষীৰ বাহনতো গুলী নিক্ষেপ কৰিছিল ।
এই সন্দৰ্ভত জেকেটেকাচ ৰাজ্যিক আৰক্ষীয়ে কোনো মন্তব্য দিয়া নাই যদিও মৃতদেহ উদ্ধাৰ হোৱা পথটো কম্বলেৰে আৱৰি দিয়া পৰিলক্ষিত হয় । শুকুৰবাৰে দাখিল হোৱা প্ৰতিবেদন অনুসৰি, প্ৰায় ২৪ জন বন্দুকধাৰীয়ে ৰাজধানীৰ আটাইতকৈ সুপ্ৰতিষ্ঠিত বুলেবাৰ্ডত মেক্সিকো চিটী আৰক্ষীক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে । বন্দুকধাৰীকেইজনে .৫০ কেলিবাৰ স্নাইপাৰ ৰাইফল আৰু গ্ৰেনেডেৰে গুলীবৰ্ষণ কৰে ।
মুখিয়া ওমৰ গাৰ্চিয়া হাৰ্ফুছৰ দেহত তিনিটা গুলী লগাৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হয় । লগতে তেওঁৰ সৈতে থকা দুই সদস্যৰ মৃত্যু হয় । ইয়াৰ এদিন পূৰ্বে চিনালোৱা ৰাজ্যিক আৰক্ষীয়ে কুলীকিন চহৰৰ গাঁও অঞ্চলত ৭ টা মৃতদেহ উদ্ধাৰ কৰে । অন্য এক এলেকাত আৰক্ষীয়ে ৯ টা মৃতদেহ উদ্ধাৰ কৰে, যত এটা মৃতদেহৰ হাতত ৰাইফল আৰু সমীপত দুখন বুলেট ৰিডল্ড বাহন উদ্ধাৰ কৰে । এই ঘটনাত মুঠ ৩০ টা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ।