ETV Bharat / entertainment

Urfi Javed Arrested: মুম্বাই আৰক্ষীয়ে আটক কৰিছে উৰ্ফী জাভেদক, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 11:15 AM IST

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । য’ত দেখা গৈছে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী উৰ্ফী জাভেদক ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

WATCH Urfi Javed Arrested Urfi Javed As She Wear Bold clothes in public
আটক উৰ্ফী জাভেদ

চিটাৰা ডেস্ক, 3 নৱেম্বৰ: মুম্বাই আৰক্ষীয়ে আটক কৰিছে অদ্ভুত সাজ-পাৰ আৰু ব্যতিক্ৰমী ফেশ্বনৰ বাবে পৰিচিত অভিনেত্ৰী উৰ্ফী জাভেদক । আচলতে এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । য’ত মুম্বাই আৰক্ষীয়ে উৰ্ফীক গ্ৰেপ্তাৰ কৰা দেখা গৈছে । ভিডিঅ’টোত উৰ্ফীক পুৱা কফি ৰানত দেখা পোৱা হৈছিল । য’ত একাংশ আৰক্ষী বিষয়াই হাতত ধৰি আৰক্ষীৰ বাহনত বহাই লৈ যায় উৰ্ফীক।

উৰ্ফীক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ?

ভাইৰেল ভিডিঅ’টোত দুগৰাকী মহিলা আৰক্ষীয়ে উৰ্ফীক তেওঁলোকৰ সৈতে থানালৈ যাবলৈ কয় । উৰ্ফীয়ে ইয়াৰ কাৰণ সোধাত আৰক্ষী বিষয়াগৰাকীয়ে কয় – ইমান চুটি কাপোৰ পিন্ধি কোনে ঘূৰি ফুৰে ? উৰ্ফীয়ে যেতিয়া পুনৰ কাৰণ জানিব বিচাৰিলে, তেতিয়া মহিলা আৰক্ষী বিষয়াগৰাকীয়ে উৰ্ফীক হাতত ধৰি লৈ যায় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি চুটি আৰু অদ্ভুত কাপোৰ পৰিধান কৰাৰ অভিযোগত আৰক্ষীয়ে উৰ্ফীক গ্ৰেপ্তাৰ কৰিছে । এই ভিডিঅ’টোত উৰ্ফীয়ে পৰিধান কৰিছে ডেনিম পেণ্ট আৰু বেকলেছ ৰেড টপ ।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিলে এনে প্ৰতিক্ৰিয়া

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে ব্যৱহাৰকাৰীয়ে আগবঢ়াই নিজৰ মতামত । কিছুমানে ইয়াক ধেমালি কৰা বুলি বিবেচনা কৰিছে, কিছুমানে ইয়াক গুৰুত্বসহকাৰে লৈছে । ইফালে এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এইটো এটা প্ৰেংক যেন লাগে’ । এগৰাকীয়ে লিখিছে, ‘ভুৱা যেন লাগিছে, উৰ্ফীৰ মাতটো আৰক্ষীতকৈ বেছি ডাঙৰ’। এজনে লিখিছে, ‘এতিয়া আৰক্ষীয়েও ৰিল বনাবলৈ আৰম্ভ কৰিছে’। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই প্ৰেংকটো সঁচা হ’লে ভাল আছিল’।

ইয়াৰ পূৰ্বেও বহু অভিযোগ উত্থাপন হৈছিল উৰ্ফীৰ ওপৰত

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিছুদিনৰ পূৰ্বেও বান্দ্ৰা থানাত উৰ্ফীৰ বিৰুদ্ধে তেওঁৰ ফেশ্বন চেন্সৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছিল । এই সন্দৰ্ভত উৰ্ফীয়ে কৈছিল যে এই উদ্যোগটোত কেৱল তেওঁৱেই এনে কাপোৰ পৰিধান নকৰে । যিয়েই নহওক এয়া তেওঁলোকৰ ব্যক্তিগত পছন্দ ।

লগতে পঢ়ক: Urfi Javed : উৰ্ফীক কোনে প্ৰদান কৰিলে হত্যাৰ ভাবুকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.