ETV Bharat / entertainment

Shivangi Joshi: হাস্পতালৰ বিচনাৰ পৰা ফটো শ্বেয়াৰ শিৱাংগী ওৰফে নাইৰাৰ, ক’লে বেমাৰৰ কথা - শিভাংগী যোশী ওৰফে নাইৰা

অভিনেত্ৰী শিভাংগী যোশী ওৰফে নাইৰা আক্ৰান্ত হৈছে বৃক্ক ৰোগত (Shivangi Joshi suffering from a kidney infection) ৷ ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অনুৰাগীক স্বাস্থ্যৰ বিষয়ে জনালে অভিনেত্ৰীগৰাকীয়ে ।

Shivangi Joshi suffering from a kidney infection; shares photo from hospital bed
শিভাংগী যোশী ওৰফে নাইৰা আক্ৰান্ত হৈছে বৃক্ক ৰোগত
author img

By

Published : Mar 16, 2023, 10:40 AM IST

চিটাৰা ডেস্ক, 16 মাৰ্চ: টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক "Yeh Rishta Kya Kehlata Hai" ৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে প্ৰিয় হৈ পৰা অভিনেত্ৰী শিভাংগী যোশী ওৰফে নাইৰাক হয়তো আপুনি চিনিয়েই পায় ৷ নাইৰাক নতুনকৈ পৰিচয় কৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই ৷

শিভাংগী যোশী ওৰফে নাইৰাৰ চৰিত্ৰক দৰ্শকে অভূতপূৰ্ব মৰম দিছিল শিভাংগীক ৷ যাৰ বাবে অতি কম সময়ত অধিক জনপ্ৰিয় হৈ পৰিছিল শিভাংগী ওৰফে নাইৰা (Shivangi Joshi suffering from kidney infection) ৷ অৱশ্যে শিভাংগী যোশী বৰ্তমান ধাৰাবাহিকখনৰ পৰা অব্যাহতি লৈছে যদিও শিভাংগীক বৰ্তমানেও নাইৰা বুলিয়ে জনা যায় (Shivangi Joshi shares pic from hospital) ৷

শেহতীয়াকৈ শিভাংগীয়ে নিজৰ ছ’চিয়েল মিডিয়াত একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত বিগত কেইবাদিনৰ পৰা বৃক্কৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ কথা প্ৰকাশ কৰে (Shivangi Joshi aka Naira hospitalised) । চিকিৎসালয়ৰ বিচনাৰ পৰা এখন ছবি শ্বেয়াৰ কৰি বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলক স্বাস্থ্যৰ যত্ন ল’বলৈ কয় অভিনেত্ৰীগৰাকীয়ে (Yeh Rishta Kya Kehlata Hai actress Shivangi Joshi) ।

শিভাংগীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত লিখিছে- "Hi Everyone , Been a rough couple of days, মোৰ কিডনীৰ সংক্ৰমণ হৈছে, কিন্তু আপোনালোকক জনাব বিচাৰিছো যে মোৰ পৰিয়াল, বন্ধু-বান্ধৱী, চিকিৎসক, চিকিৎসালয়ৰ কৰ্মচাৰী সহযোগত আৰু ভগৱানৰ কৃপাত মই কিছু সুস্থ হৈ উঠিছো । আপোনালোকেও শৰীৰ, মন আৰু আত্মাৰ যত্ন লওক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ শৰীৰটো হাইড্ৰেটেড কৰি ৰাখক (Shivangi Joshi aka Naira Health Condition) ৷ "

শিৱাংগীৰ এই পোষ্টৰ পিচতে বন্ধু-বান্ধৱী আৰু অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰে । টিভি অভিনেত্ৰী শ্ৰদ্ধা আৰ্য্যই লিখিছে, “অ’ ন.... সোনকালে ভাল হোৱা ৰাজকুমাৰী ! Lots of love and healing to you ৷ " অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে লিখিছে "Get well soon my love..."৷ ধীৰাজ ধূপৰে লিখিছে, “নিজৰ যত্ন লোৱা আৰু সোনকালেই সুস্থ হৈ উঠা ৷ তোমালৈ প্ৰেৰণ কৰিছো বহুত মৰম ৷ ” ৰুবিনা দিলাইকে লিখিছে, “ Heal faster...”৷ ইফালে প্ৰীত কামণি, চেতনা পাণ্ডে, শ্রেণু পাৰিখ আদিয়েও শিভাংগীৰ পোষ্টটোত মন্তব্য কৰে ।

উল্লেখ্য যে, পেছাদাৰী দিশত শিৱাংগীয়ে একতা কাপুৰৰ আগন্তুক শ্ব’ বিউটি এণ্ড বিষ্টত দুটা চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে । অভিনেত্ৰীগৰাকীক শেষবাৰৰ দেখা পোৱা গৈছিল বালিকা ভাধু ২ ধাৰাবাহিকখনত । ইফালে শালিন ভানোটৰ শ্ব’ বেকাবুতো কেমিঅ’ হিচাপে দেখা পোৱা যাব অভিনেত্ৰীগৰাকীক ।

লগত পঢ়ক: Sameer Khakhar passes away : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.