ETV Bharat / entertainment

Disha Parmar Baby Girl: কন্যাৰ কি নাম ৰাখিলে দিশা পৰমাৰ-ৰাহুল বৈদ্যই

শেহতীয়াকৈ দিশা পৰমাৰ আৰু ৰাহুল বৈদ্য এগৰাকী মৰমলগা কন্যাৰ পিতৃ-মাতৃ হৈছে । মঙলবাৰে এই দম্পতীয়ে নিজৰ কন্যাৰ নামাকৰণ অনুষ্ঠানৰ আয়োজন কৰে ৷ য’ত তেওঁলোকে প্ৰকাশ কৰে কন্যাৰ নাম ৷

author img

By ANI

Published : Nov 15, 2023, 3:33 PM IST

Rahul Vaidya, Disha Parmar name their daughter "Navya"
দিশা পৰমাৰ-ৰাহুল বৈদ্যৰ কন্যাৰ নামাকৰণ অনুষ্ঠান

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: শেহতীয়াকৈ টিভি অভিনেত্ৰী দিশা পৰমাৰ আৰু গায়ক ৰাহুল বৈদ্য এগৰাকী মৰমলগা কন্যাৰ পিতৃ-মাতৃ হৈছে । বৰ্তমান দুয়ো স্বামী-স্ত্ৰীয়ে নিজৰ কণমানিটিৰ সৈতে সময় উপভোগ কৰি আছে । কন্যাৰ সৈতে কটোৱা মুহূৰ্তবোৰ প্ৰায়ে এই দম্পতীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা যায় । এতিয়া দিশা আৰু ৰাহুলে শেহতীয়াকৈ প্ৰকাশ কৰিছে কন্যাৰ নাম ।

মঙলবাৰে দিশা পৰমাৰ আৰু ৰাহুল বৈদ্যই তেওঁলোকৰ কন্যাৰ নামকৰণ অনুষ্ঠানৰ আয়োজন কৰিছিল । এই অনুষ্ঠানত কেৱল ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যকহে আমন্ত্ৰণ জনোৱা হৈছিল ৷ এই অনুষ্ঠানৰ বহু ছবি আমন্ত্ৰিত অতিথিসকলে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে ।

দিশাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নামকৰণ অনুষ্ঠানৰ এখন ফটো শ্বেয়াৰ কৰিছে । এই ফটোখনত এখন বৰ্ড দেখা গৈছে য’ত লিখা আছে - 'বেবী বৈদ্যৰ নামকৰণ অনুষ্ঠানলৈ আপোনাক স্বাগতম'। অৱশেষত এই দম্পতীয়ে প্ৰকাশ কৰে কন্যাৰ নাম । ৰাহুল আৰু দিশাই নিজৰ কন্যাৰ নাম ৰাখিছে নব্য বৈদ্য ।

লুকৰ কথা ক’বলৈ গ’লে এই অনুষ্ঠানত দিশাই গোলাপী ৰঙৰ শাৰী পৰিধান কৰিছিল, যাৰ ব’ৰ্ডাৰ হালধীয়া আছিল । এই শাৰীৰ লগত সোণৰ গহনা যোৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । এই লুকটোত অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছিল । ইফালে অনুষ্ঠানৰ বাবে নেভি ব্লু কুৰ্তা পৰিধান কৰিছিল ৰাহুলে ।

২০ ছেপ্টেম্বৰত কন্যা সন্তান জন্ম দিছিল দিশাই

উল্লেখ্য যে, দিশা পৰমাৰে চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰত কন্যা সন্তান জন্ম দিছিল । অৱশ্যে কন্যাৰ মুখখন এতিয়াও প্ৰকাশ কৰা নাই এই দম্পতীয়ে । এতিয়া অনুৰাগীয়ে নব্যৰ মুখখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক: Deepika-Ranveer Anniversary: দীপিকাৰ বাবে ৰণবীৰ সিং মিষ্টাৰ পাৰফেক্ট, কেনেকৈ আৰম্ভ হৈছিল দুয়োৰে প্ৰেম কাহানী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.