চিটাৰা ডেস্ক, 26 আগষ্ট : শুকুৰবাৰে গোৱা আৰক্ষীয়ে প্ৰকাশ কৰে এক ভয়ংকৰ তথ্য ৷ সোণালী ফোগাটৰ মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অভিযুক্তই জোৰকৈ ড্ৰাগছ খুৱাইছিল অভিনেত্ৰী তথা বিজেপি নেত্ৰী গৰাকীক (Sonali Phogat death case) ৷
সোণালীৰ মৃত্যু সন্দৰ্ভত হাৰিয়ানাস্থিত দুজন অভিনেতা সুধীৰ চাগৱান আৰু সুখৱিন্দৰ ৱাছিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোক সকলোৱে একেলগে এটা ক্লাবত পাৰ্টী কৰি আছিল ৷ তাৰ পৰা দেখা পোৱা এটা ভিডিঅ‘ই প্ৰমাণ কৰিছে যে তাৰে এজনে সোণালীক জোৰকৈ নিচাযুক্ত দ্ৰব্য খুৱাইছিল (Sonali Phogat was given drugs forcibly) ৷
দুই অভিযুক্তক জেৰা কৰোতে তেওঁলোকে সোণালীৰ পানীয়ত ড্ৰাগছ মিহলি কৰাৰ কথা স্বীকাৰ কৰে ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে যে সোণালীৰ মৃত্যুৰ আঁৰত কিবা অৰ্থনৈতিক কাৰণো থাকিব পাৰে ৷
সোণালীৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁৰ শৰীৰত কোনো লোকে বল প্ৰয়োগ কৰিছিল ৷ সেই চিন স্পষ্টকৈ প্ৰকাশ পাইছে মৰোণোত্তৰ পৰীক্ষাত ৷ উল্লেখয়োগ্য যে যোৱা 23 আগষ্টত গোৱাত 42 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল এই গৰাকী বিজেপি নেত্ৰীয়ে ৷ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে মাতৃ, ভগ্নী আৰু ভাতৃৰ সৈতে ফোনত কথা পাতিছিল সোণালীয়ে ৷
ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় বিতৰ্কিত টিভি ৰিয়েলিটী শ্ব’ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী আছিল বিজেপি নেত্ৰী সোণালী ফোগাট ৷ টিকটকতো সাংঘাতিক জনপ্ৰিয় আছিলসোণালী ৷ প্ৰথমাৱস্থাত হাৰ্ট এটেক হৈ মৃত্যুক আকোঁৱালি লৈছিল বুলি চিকিৎসকে প্ৰকাশ কৰিছিল যদিও মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই নতুন তথ্য সমূহ প্ৰকাশ পাইছে ৷
লগতে পঢ়ক : বলীউড বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগক লৈ হোৱা বিতৰ্কত মত দিলে অনুপম খেৰে