ETV Bharat / entertainment

Uorfi Javed: পিতৃয়ে কৰা অত্যাচাৰৰ বিষয়ে মুকলিকৈ ক’লে উৰ্ফী জাভেদে

author img

By

Published : Apr 9, 2023, 6:52 PM IST

অদ্ভূত ফেশ্বনৰ বাবে জনপ্ৰিয় হোৱা উৰ্ফী জাভেদক আজি সকলোৱে চিনি পায় ৷ কিন্তু উৰ্ফীৰ কঠিন শৈশৱৰ বিষয়ে আপুনি জানেনে ? কেনেকৈ উৰ্ফীৰ পিতৃয়ে উৰ্ফীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল এই বিষয়ে আপুনি জানেনে ? শেহতীয়া এক সাক্ষাৎকাৰত এই বিষয়ে ক’লে উৰ্ফীয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

'My father once beat me till I lost consciousness,' says Uorfi Javed recalling not being raised in safe home
উৰ্ফী জাভেদে পিতৃৰ বিষয়ে কি ক’লে

চিটাৰা ডেস্ক, 9 এপ্ৰিল: নিজৰ অদ্ভূত ফেশ্বনৰ বাবে জনপ্ৰিয় হোৱা উৰ্ফী জাভেদে শেহতীয়াকৈ এক সাক্ষাৎকাৰত শ্বেয়াৰ কৰিছিল যে, মাত্ৰ ১৫ বছৰ বয়সতে কোনো অজ্ঞাত লোকে তেওঁৰ ছবি পৰ্ণ ৱেবছাইটত পোষ্ট কৰিছিল, যাৰ ফলত ঘৰত তেওঁক বহুত অত্যাচাৰ কৰা হৈছিল (Uorfi javed on abusive father) ।

উৰ্ফীয়ে এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে, উৰ্ফীৰ পিতৃয়ে উৰ্ফীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল, যাৰ ফলত কিশোৰী অৱস্থাতে ঘৰৰ পৰা পলাবলৈ বাধ্য হৈ পৰিছিল উৰ্ফী । উৰ্ফীয়ে লগতে পিতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়, "মোৰ পিতৃয়ে মোক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল আৰু এবাৰ মোক অজ্ঞান নোহোৱালৈকে প্ৰহাৰ কৰিছিল ।

উৰ্ফী জাভেদে কয়, "শিশু অৱস্থাত মোৰ কোনো নিৰাপদ ঘৰ নাছিল, যাৰ বাবে মোক নিজৰ বাবে ঘৰ ক্ৰয় কৰিবলৈ প্ৰেৰণা যোগাইছিল ।" উল্লেখ্য যে, বিগ বছ অ’টিটিৰ প্ৰাক্তন অংশগ্ৰহণকাৰী উৰ্ফী ১৭ বছৰ বয়সতে সপোন পূৰণৰ বাবে লক্ষ্ণৌৰ পৰা দিল্লীলৈ পলায়ন কৰিছিল । সাহসী আৰু অদ্ভূত ফেশ্বনৰ বাবে পৰিচিত অভিনেত্ৰী তথা ইনষ্টাগ্ৰাম ইনফ্লুঞ্চাৰ উৰ্ফীয়ে দাবী কৰে যে কিশোৰী অৱস্থাত তেওঁৰ পিতৃয়ে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল । সেয়াহে, দহ বছৰ ধৰি উৰ্ফীয়ে পিতৃৰ লগত যোগাযোগ কৰা নাই ।

উৰ্ফীয়ে সাক্ষাৎকাৰটোত কয়, ‘‘পাপাই গালি-গালাজ কৰিছিল ঘৰত । এবাৰ তেওঁ মোক অজ্ঞান নোহোৱালৈকে প্ৰহাৰ কৰিছিল, গতিকে মই ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিলো । মই ঘৰৰ পৰা পলায়ন কৰাৰ কেইদিন পিচত দেউতাই আমাৰ ঘৰখন এৰি থৈ গুচি যায় ৷ দেউতাকৰ সৈতে মোৰ বৰ্তমান কোনো যোগাযোগ নাই আৰু শেষবাৰৰ বাবে তেওঁৰ সৈতে কথা পাতিছিল এদশক পূৰ্বে ।"

উৰ্ফী জাভেদৰ বাবে নিৰাপদ ঘৰৰ অভাৱেই মুম্বাইত নিজৰ বাবে ঘৰ সাজিবলৈ অনুপ্ৰাণিত কৰিছিল । উৰ্ফীয়ে লগতে কয়, ‘‘মই নিৰাপদ পৰিৱেশত ডাঙৰ-দীঘল হোৱা নাই, গতিকে মই নিজৰ নিৰাপদ স্থান নিজেই গঢ়ি তুলিম ৷ ঘৰৰ পৰা পলায়ন কৰাটো মোৰ বাবে সৰ্বোত্তম সিদ্ধান্ত আছিল ।’’ ইয়াৰ পূৰ্বে উৰ্ফী জাভেদ মুম্বাইত ভাড়াত এপাৰ্টমেণ্ট বিচাৰি উলিওৱাটো এক বৃহৎ প্ৰত্যাহ্বান বুলি কয় ।

উৰ্ফীয়ে কয়, "হাউছিং ছ’চাইটিৰ মানুহবোৰে আপোনাৰ পিতৃ-মাতৃ আপোনাক বাধা আৰোপ কৰিব । ইয়াৰ উপৰি মই অবিবাহিত, যাৰ বাবে ঘৰ বিচাৰি পোৱাটো আৰু অধিক কঠিন হৈ পৰে । হিন্দু আৰু মুছলমান মালিকসকল মোৰ দ্বাৰা আমনি হয় । মই কেনেকৈ কাপোৰ পিন্ধিব লাগে সেই বিষয়ে মোক জ্ঞান দিয়ে । সেয়াহে মই নিজৰ বাবে ঘৰ এটা কিনিবলৈ সিদ্ধান্ত লৈছো । মই এতিয়া সঞ্চয় কৰাৰ সিদ্ধান্ত লৈছো আৰু তাৰ পিচত ঘৰ কিনিম’’ (Uorfi javed plans on buying house in Mumbai) ।

লগতে পঢ়ক: ডুবাইত আটক হ’ল উৰ্ফী জাভেদ, ক’লে কাপোৰৰ সৈতে আটক হোৱাৰ নাই কোনো সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.