চিটাৰা ডেস্ক, 13 ফেব্ৰুৱাৰী : বিগ বছ 16 ৰ ঘৰৰ ভিতৰত ৰেপ্পাৰ এম চি ষ্টেনৰ যাত্ৰা উল্লেখযোগ্য আছিল । তেওঁৰ হাস্যৰসময়ী মন্তব্য আৰু সাহসী আচৰণে তেওঁক ঘৰৰ ভিতৰে বাহিৰে সকলোতে জনপ্ৰিয় কৰি তুলিছিল ৷ শিৱ ঠাকাৰে, নিমৃত কৌৰ আহ্লুৱালিয়া, চুম্বুল টৌকীৰ, ছাজিদ খান আৰু আব্দু ৰ'জিকৰ সৈতে তেওঁৰ সম্পৰ্কও বহুতে ভাল পাইছিল আৰু "মণ্ডলী" স্পষ্টভাৱে এইটো ছিজনৰ অন্যতম আকৰ্ষণীয় দিশ আছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
ঘৰটোত 130 দিন অতিবাহিত কৰাৰ পিছত ষ্টেনে গ্ৰেণ্ড ফিনালেত শিৱ ঠাকাৰে, অৰ্চনা গৌতম আৰু শালিন ভানোটক পৰাস্ত কৰে (MC Stan wins Bigg Boss16) । তেওঁ ঘৰলৈ লৈ যায় বিগ বছ ট্ৰফীৰ লগতে ৩১ লাখৰো অধিক টকাৰ পুৰস্কাৰ ধন । এম চি ষ্টেনৰ বিগ বছ 16 ৰ জয়ে নিশ্চিতভাৱে ৰেপ্পাৰজনকলৈ কৌতূহল বৃদ্ধি কৰিছে আৰু যিসকলে এইয়া জানিব বিচাৰিছে যে তেওঁ কি ব্ৰেণ্ডৰ প্ৰতি আকৰ্ষিত আৰু পুনেৰ পৰা বিগ বছলৈ তেওঁৰ যাত্ৰা কেনেকুৱা আছিল বা তেওঁৰ সৰ্বমুঠ সম্পত্তিৰ মূল্য কিমান, তেন্তে এই লেখাটি আপোনালোকৰ বাবেই (all about MC STAN) ।
- " class="align-text-top noRightClick twitterSection" data="
">
যিসকলে নাজানে, এমচি ষ্টেন এজন সুপৰিচিত ৰেপ্পাৰ (who is mc stan) । এমচি ষ্টেন নামটো হৈছে মঞ্চত ব্যৱহৃত নাম, তেওঁৰ প্ৰকৃত নামটো হৈছে আলতাফ শ্বেখ ৷ এই কথা তেওঁ বিগ বছত প্ৰকাশ কৰিছিল ৷ এম চি ষ্টেনৰ এমিৱে বানটাইৰ সৈতে ৰেপ যুদ্ধই ছ’চিয়েল মিডিয়াত তেওঁৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি কৰিছিল ৷ ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় 8.2 নিযুত অনুসৰণকাৰী আছে । 2019 চনত তেওঁৰ গান খুজা মাত মুক্তি পোৱাৰ পিছত তেওঁ জনপ্ৰিয় হৈ পৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
গহণা আৰু বিলাসী ব্ৰেণ্ডৰ প্ৰতি আকৰ্ষিত :
ৰেপ্পাৰজন তেওঁৰ আকৰ্ষণীয় গহণা আৰু বিলাসী লেবেল যুক্ত পোছাকৰ বাবেও জনাজাত । এমচি ষ্টেনে প্ৰায়ে বিগ বছ16-ৰ ঘৰত লুইছ ভিটন(Louis Vuitton), ভাৰ্চাচ(Versace), পাম এঞ্জেলছ(Palm Angels) আৰু প্ৰাডা(Prada) ৰ দৰে বিলাসী ব্ৰেণ্ডৰ কাপোৰ পিন্ধিছিল । এটা খণ্ডত, ষ্টেনে 4.5 লাখ টকাৰ লুইছ ভিটন জেকেট পিন্ধিছিল । সংবাদ মাধ্যমৰ লুইছ ভিটন প্ৰতিবেদন অনুসৰি, ষ্টেনে লুইছ ভিটনৰ পৰা এটা সেউজীয়া গ্ৰেডিয়েণ্ট জেকেট পিন্ধিছিল যাৰ মূল্য 8,600 ডলাৰ, ভাৰতত এই মূল্য প্ৰায় 8 লাখ টকা । তাৰ পিছত তেওঁক 40,000 টকাৰ টি-চাৰ্ট আৰু 2.5 লাখ টকা মূল্যৰ এলভি মনোগ্ৰাম্পেড অলিভ গ্ৰীণ ৰঙৰ চাৰ্ট পিন্ধা দেখা গৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
এম চি ষ্টেন নেট ৱৰ্থ :
ৰেপ্পাৰ জন ৰেপ্পাৰৰ লগতে একেধাৰে এজন সুৰকাৰ আৰু প্ৰযোজকো । খবৰ অনুসৰি এম চি ষ্টেনে প্ৰতিমাহে ইউটিউবৰ পৰা এক লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে তেওঁৰ গীত আৰু ইনষ্টাগ্ৰামেও এই উপাৰ্জনত সংযোগ কৰে ৷ 23 বছৰীয়া যুৱকজনৰ মুঠ সম্পত্তিৰ মূল্য 4-5 নিযুত টকাৰ ভিতৰত হ’ব বুলি জানিব পৰা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
পুনেৰ পৰা বিগ বছ 16 লৈকে যাত্ৰা :
এম চি ষ্টেনে পুনেৰ তাদিৱালা ৰোডৰ গলিবোৰৰ পৰা ওলাই জীৱনত বহুদূৰ আগবাঢ়ি আহিছে য'ত তেওঁ কাৱালী শুনি ডাঙৰ হৈছিল । ষ্টেনৰ বয়স মাত্ৰ 12 বছৰ আছিল যেতিয়া তেওঁ কাৱালী গান গাবলৈ আৰম্ভ কৰিছিল । তেওঁক ৰেপ সংগীতৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁৰ ভাতৃয়ে । ৰেপিঙত সোমোৱাৰ আগতে ষ্টেন বি-বয়িং আৰু বিটবক্সিঙৰ প্ৰতি আকৰ্ষিত আছিল ।
ষ্টেন, যি মুখ্যতঃ হিন্দী আৰু মাৰাঠীত ৰেপ কৰে, ইউটিউবত তেওঁৰ আছে নিষ্ঠাৱান অনুৰাগী । তেওঁৰ ইউটিউব চেনেলটোৰ ভিউ আৰু চাবস্ক্ৰাইবাৰ ৰেচিঅ’ আকৰ্ষণীয় । ষ্টেনে নিজৰ গীতিময় ক্ষমতাৰে নিজৰ বাবে সকলোৰে মনত এটা নিৰ্দিষ্ট স্থান খোদিত কৰি লৈছিল আৰু মাৰাঠী লিংগোৰ ওপৰত তেওঁৰ অবিশ্বাস্য আধিপত্যৰ বাবে তেওঁ নিজক ভালকৈ প্ৰকাশ কৰিব পাৰে ৷ ৰেপ্পাৰজনে তেওঁৰ অনুৰাগীসকলৰ সৈতে এক সুন্দৰ সম্পৰ্ক শ্বেয়াৰ কৰে যিয়ে আনকি তেওঁক বিগ বছ 16 জিকাত সহায় কৰিছিল (mc stan bigg boss winner)।
লগতে পঢ়ক : Urvashi Rautela latest updates:'কান্তাৰা 2 লোডিং' বুলি কিহৰ ইংগিত দিছে উৰ্ৱশী ৰৌতেলাই ?