ETV Bharat / entertainment

অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছে নেকি আদিত্য ৰয় কাপুৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 2:12 PM IST

Koffee With Karan 8: বৰ্তমান চৰ্চাত কৰণ জোহৰৰ টক শ্ব' ‘কফী উইথ কৰণ’ । প্ৰতি সপ্তাহত ডাঙৰ ডাঙৰ তাৰকাসকলে এই শ্ব’টোত অংশগ্ৰহণ কৰা দেখা যায় । এতিয়া এই সপ্তাহত আদিত্য ৰয় কাপুৰ আৰু অৰ্জুন কাপুৰ শ্ব’টোত অংশগ্ৰহণ কৰা দেখা যাব । শ্ব’টোৰ প্ৰ’ম’ মুকলি হৈছে, য’ত কৰণ জোহৰে দুয়োগৰাকীক বহু আমোদজনক প্ৰশ্ন কৰা দেখা গৈছে ।

Koffee With Karan 8: See how Aditya Roy Kapur reacts when Arjun Kapoor hints at possible 'Aashiqui' with Ananya Panday
কফী উইথ কৰণত আদিত্য ৰয় কাপুৰ আৰু অৰ্জুন কাপুৰ

চিটাৰা ডেস্ক, ১১ ডিচেম্বৰ: অন্যবাৰৰ দৰে কৰণ জোহৰৰ টক শ্ব’ কফী উইথ কৰণ’ৰ এইবাৰৰ ছিজনটোও যথেষ্ট জনপ্ৰিয় হৈছে ৷ এতিয়া ছিজনটোৰ শেহতীয়া অতিথি হৈছে আদিত্য ৰয় কাপুৰ আৰু অৰ্জুন কাপুৰ ৷ এই সপ্তাহত ডিজনী প্লাছ হটষ্টাৰত কৰণ জোহৰক দেখা যাব আদিত্য আৰু অৰ্জুনৰ সৈতে । আজি মুকলি হৈছে শ্ব’টোৰ প্ৰ’ম’, প্ৰ’ম’ত দেখুওৱা অনুসৰি এই খণ্ডটোতো এই দুগৰাকী চেলিব্ৰিটিৰ বহু গোপন কথা প্ৰকাশ পাব যেন লাগে ।

সোমবাৰে ডিজনী প্লাছ হটষ্টাৰে নতুন খণ্ডটোৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে । প্ৰ’ম’টোত আদিত্য আৰু অৰ্জুনে যথেষ্ট আনন্দ কৰা দেখা গৈছে । ইয়াৰ মাজতে কৰণ জোহৰে আদিত্যক পোনপটীয়াকৈ অনন্যা পাণ্ডেৰ সৈতে জড়িত প্ৰশ্ন কৰে, যাৰ উত্তৰ সম্প্ৰতি সকলোৱে জানিব বিচাৰে । অৱশ্যে কৰণ জোহৰৰ প্ৰশ্নত আদিত্যই কি উত্তৰ দিলে জানক এই প্ৰতিবেদনত ।

কৰণ জোহৰে প্ৰশ্ন কৰে, “উৰাবাতৰি ওলাইছে যে আপুনি অনন্যা পাণ্ডেৰ লগত ডেট কৰি আছে ? এই কথা সঁচা নেকি ?” এই সন্দৰ্ভত আদিত্য ৰয় কাপুৰে কয়, “আপুনি যদি মোক কোনো গোপন কথা নুসুধে মইও আপোনাক কোনো মিছা কথা নকওঁ ।” আদিত্যই ডেটিঙৰ প্ৰশ্নত প্ৰত্যক্ষভাৱে হয় বুলি কোৱা নাছিল যদিও তেওঁৰ উত্তৰত স্পষ্টকৈ কৈছে যে তেওঁ কোনো ব্যক্তিগত প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰে ।

ইফালে অৰ্জুন কাপুৰেও নিজৰ উত্তৰেৰে সকলোকে আচৰিত কৰি তুলে । কৰণ জোহৰে প্ৰশ্ন সোধে অনন্যা পাণ্ডে বা শ্ৰদ্ধা কাপুৰৰ লগত লিফ্টত আবদ্ধ হৈ পৰিলে কি কৰিব ? এই সন্দৰ্ভত অৰ্জুন কাপুৰে কয়, “মই নিশ্চিতভাৱে আশিকী কৰিম, এতিয়া কাৰ লগত কৰো সেয়া নাজানো ।” অৰ্জুনৰ এই উত্তৰক লৈ যেতিয়া আদিত্য ৰয় কাপুৰে আশ্চৰ্য প্ৰকাশ কৰে তেতিয়া অৰ্জুনে কয়, “মাত্ৰ ধেমালি কৰিছো ।”

উল্লেখ্য যে, যোৱা কেইমাহমানৰ পৰা অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰ সম্পৰ্কত আছে বুলি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা হৈছে ৷ আনকি দুয়োৰে একেলগে থকা বহু ছবিও ভাইৰেল হৈ পৰিছিল । কেৱল ইমানেই নহয়, দুয়োগৰাকী তাৰকাক ছুটী লৈ একেলগে সময় অতিবাহিত কৰাও দেখা গৈছিল । অৱশ্যে এই পৰ্যন্ত দুয়োৱে নিজৰ সম্পৰ্ক ৰাজহুৱাভাৱে নিশ্চিত কৰা নাই ।

লগতে পঢ়ক: মত বিৰোধৰ অন্ত পৰিল ! একেলগে পাৰ্টি কৰিলে কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.