ETV Bharat / entertainment

কেবিচিক বিদায় দিলে অমিতাভ বচ্চনে - কৌন বনেগা ক্ৰোড়পতি ১৫

Kaun Banega Crorepati: কৌন বনেগা ক্ৰোড়পতি ১৫ৰ সঞ্চালক কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে শুকুৰবাৰৰ খণ্ডটোত অনুষ্ঠানটোৰ পৰা বিদায় লয় ৷ এই সময়চোৱাত আবেগিক হৈ পৰা দেখা গ’ল অভিনেতাগৰাকীৰ লগতে মঞ্চত উপস্থিত সকলো লোকক ।

Kaun Banega Crorepati 15: Amitabh Bachchan bids emotional goodbye
কৌন বনেগা ক্ৰোড়পতি ১৫
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 11:18 AM IST

চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: টেলিভিছনৰ অন্যতম জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ । এই শ্ব’টোৱে ২০০০ চনৰ পৰা প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত শাসন কৰি আছে । যোৱা ২৩ বছৰ ধৰি এই অনুষ্ঠানটোৰ আঁত ধৰোতাৰ ৰূপত আছে অমিতাভ বচ্চন । কিন্তু, এতিয়া ‘কৌন বনেগা ক্ৰোড়পতি’ শ্ব’টোৰ পৰা বিদায় লৈছে অভিনেতাগৰাকীয়ে ।

উল্লেখ্য যে, কৌন বনেগা ক্ৰোড়পতি ১৫ৰ সঞ্চালক অমিতাভ বচ্চনে শুকুৰবাৰৰ খণ্ডটোত অনুষ্ঠানটোৰ পৰা বিদায় লৈছে । শ্ব’টোৰ নিৰ্মাতাসকলে গ্ৰেণ্ড ফিনালে খণ্ডটোৰ এটা চুটি ক্লিপ শ্বেয়াৰ কৰিছে, য’ত বিগ বিয়ে এই ছিজনত শেষবাৰৰ বাবে নিজৰ ষ্টাইলত টেলিভিছন দৰ্শকক বিদায় দিয়া দেখা গৈছে ।

ক্লিপটোত বিগ বিয়ে কয়, "লেডিজ বা জেন্টলমেন, মই এতিয়া গুচি যাম, কাইলৈৰ পৰা এই মঞ্চলৈ মই নাহো । খোদ এই কথাটো কোৱা বৰ কঠিন হৈ পৰে যে মই কাইলৈৰ পৰা এই মঞ্চলৈ নাহো, কাইলৈৰ পৰা ইয়ালৈ নাহিম বুলি ক'বলৈ সাহস নহয় আৰু ক’বলৈ মনো নাযায় ৷ আনকি মই এনেকুৱা একো ক’বও নিবিচাৰো । যিয়েই নহওক, মই অমিতাভ বচ্চন, এই যুগৰ বাবে, এই পৰ্যায়ৰ পৰা, শেষবাৰৰ বাবে ক’বলৈ ওলাইছো, শুভৰাত্ৰি, শুভৰাত্ৰি, শুভৰাত্ৰি । "

কেবিচি ১৫ৰ বিষয়ে

কেবিচিৰ ১৫ ছিজনত নিৰ্মাতাই ‘ছুপাৰ ছাণ্ডুক’ নামৰ নতুন ছেগমেণ্ট এটা প্ৰৱৰ্তন কৰিছিল, য’ত প্ৰতিযোগীসকলে দ্বিতীয় সীমা অতিক্ৰম কৰাৰ পিচত ৰেপিড ফায়াৰ প্ৰশ্ন ৰাউণ্ড হয় । ইয়াৰ পিচত ৫০:৫০ লাইফলাইনৰ ঠাইত 'ডাবল ডিপ' দিয়া হয় । অৱসৰপ্ৰাপ্ত স্ক্ৱাড্ৰন নেত্ৰী সুষ্মিতা সহায় আছিল ১৫ সংখ্যক ছিজনৰ প্ৰথম প্ৰতিযোগী । আই এ এছ হোৱাৰ আকাংক্ষিত জস্কৰণ সিঙে ১৫ ছিজনত এক কোটি টকাৰ প্ৰথম বিজয়ী হিচাপে পৰিগণিত হয় ।

অমিতাভ বচ্চনৰ ৱৰ্ক ফ্ৰণ্ট

শেহতীয়াকৈ অমিতাভক টাইগাৰ শ্ৰফ আৰু কৃতি সেননৰ সৈতে একচন থ্ৰিলাৰ ছবি ‘গণপত’ত দেখা গৈছিল । ইয়াৰ পিচত তেওঁক দীপিকা পাডুকন আৰু প্ৰভাসৰ সৈতে দেখা যাব কল্পবিজ্ঞান একচন ছবি কল্কি AD ত । নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০২৪ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: ৰোহিত শৰ্মা-টিম ইণ্ডিয়ালৈ কেবিচিৰ সঞ্চালক অমিতাভ বচ্চনৰ বিশেষ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.