ETV Bharat / entertainment

Superstar Singer2 ৰ বিজয়ী খিতাপ যোধপুৰৰ মহম্মদ ফৈজলৈ

author img

By

Published : Sep 4, 2022, 2:10 PM IST

১৪ বছৰীয়া মহম্মদ ফৈজে শনিবাৰে নিশা চুপাৰষ্টাৰ চিংগাৰ ২ বিজয় খিতাপ দখল কৰিবলৈ সক্ষম হয় (Mohammad Faiz lifts Superstar Singer 2 trophy) । আনহাতে, মণি আৰু চৈশা গুপ্তাক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয় (Mani-Sayisha Gupta declared first-second runner up) । ২৩ এপ্ৰিলত অনুষ্ঠিত প্ৰিমিয়াৰ অনুষ্ঠানটোৰ বিচাৰকৰ দায়িত্বত আছিল অলকা য়াগনিক, হিমেশ ৰেশমিয়া আৰু জাভেদ আলী (Grand finale of Superstar Singer 2) ।

Mohammad Faiz lifts Superstar Singer 2 trophy
চুপাৰষ্টাৰ চিংগাৰ২ বিজয় খিতাপ যোধপুৰৰ মহম্মদ ফৈজলৈ

চিটাৰা ডেস্ক,৪ ছেপ্তেম্বৰ: ছয়জন ফাইনেলিষ্টৰ মাজত হোৱা এক কঠিন প্ৰতিযোগিতাৰ পিছত যোধপুৰৰ ১৪ বছৰীয়া মহম্মদ ফৈজে দখল কৰে চুপাৰষ্টাৰ চিংগাৰ ২ ৰ বিজয়ী খিতাপ আৰু লাভ কৰে ট্ৰফীসহ ১৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে । পেহলা নাছা, কেশৰিয়া আৰু কোই মিল গয়াৰ দৰে ৰোমাণ্টিক ট্ৰেকসমূহৰ তেওঁৰ প্ৰাণৱন্ত উপস্থাপনে কেৱল বিচাৰকসকলক প্ৰভাৱিত কৰাই নহয়, লগতে বিশেষ অতিথিসকলকো মন্ত্ৰমুগ্ধ কৰিছিল ।

আনহাতে মণি আৰু চৈশাক ক্ৰমান্বয়ে চুপাৰষ্টাৰ চিংগাৰ ২ ৰ প্ৰথম আৰু দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয় (Mani-Sayisha Gupta declared first-second runner up) । ২৩ এপ্ৰিলত প্ৰিমিয়াৰ হোৱা অনুষ্ঠানটোৰ বিচাৰকৰ দায়িত্বত আছিল অলকা য়াগনিক, হিমেশ ৰেশমিয়া আৰু জাভেদ আলী । সাতৰ পৰা ১৫ বছৰ বয়সৰ ১৫ জন প্ৰতিযোগীক তেওঁলোকৰ প্ৰতিভা দেখুৱাবলৈ এখন মঞ্চ প্ৰদান কৰিছিল চুপাৰষ্টাৰ চিংগাৰ ২য়ে ।

যুৱ প্ৰতিভাসকলক মেন্টৰ হিচাপে সহায় কৰিছিল ইণ্ডিয়ান আইডল ১০ ৰ বিজয়ী চলমান আলী (Indian Idol 10 winner Salman Ali), ইণ্ডিয়ান আইডল ১২ বিজয়ী পৱনদ্বীপ ৰাজন (Indian Idol 12 winner Pawandeep Rajan), ইণ্ডিয়ান আইডল ১২ প্ৰথম ৰানাৰ-আপ অৰুণিতা কাঞ্জিলাল (Indian Idol 12 first runner-up Arunita Kanjilal), ইণ্ডিয়ান আইডল ১২ দ্বিতীয় ৰানাৰ-আপ ছাইলি কাম্বলে আৰু ইণ্ডিয়ান আইডল ১২ তৃতীয় ৰানাৰ-আপ মহম্মদ ডেনিছে । লগতে সংগীত শিল্পী আনন্দেও গ্ৰেণ্ড ফিনালেৰ বাবে বিশেষ বিচাৰক হিচাপে অনুষ্ঠানটো অংশগ্ৰহণ কৰিছিল আৰু সন্ধিয়াটো সুৰেৰে সজাইছিল জনপ্ৰিয় গায়ক শব্বীৰ কুমাৰ, চনু কক্কৰ আৰু ভূমি ত্ৰিবেদীয়ে ।

প্ৰতিযোগীসকলৰ দ্বাৰা চিজলিং প্ৰদৰ্শনৰ উপৰিও, আদিত্য নাৰায়ণৰ সৈতে গ্ৰেণ্ড ফিনালেৰ সহ-সঞ্চালনা কৰি থকা ভাৰতী সিং আৰু হাৰ্শ লিম্বাচিয়াৰ ধেমেলীয়া ধেমালিয়ে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে (Grand finale of Superstar Singer 2) । লগতে অৰুণিতা কে আজুবে নামৰ অধিনায়ক অৰুণিতাৰ দলৰ পৰা অহা অনুষ্ঠানটোৰ বিজয়ী মহম্মদ ফৈজে নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, চুপাৰষ্টাৰ চিংগাৰ ২ ত থকাটোয়েই এক সাফল্য । লগেত তেওঁ উল্লেখ কৰে যে, যেতিয়া তেওঁ অডিচন দিছিল তেওঁ সপোনতো কল্পনা কৰা নাছিলো যে তেওঁ কেৱল শীৰ্ষ ৬ ত উপনীত হ'ব বা বহু প্ৰত্যাশিত বিজয়ী ট্ৰফীও জয় কৰিব পাৰিব ।

ফৈজে তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে । চুপাৰষ্টাৰ চিংগাৰ ২ ৰ বিজয়ী মহম্মদ ফৈজে কয় যে অনুষ্ঠানটোত তেঁওৰ যাত্ৰা বিশেষ কৰি তোলা সকলোকে বিশেষকৈ সকলো বিচাৰক আৰু তেওঁৰ অধিনায়ক অৰুণিতাক কৃত্জ্ঞতা জ্ঞাপন কৰে । ইফালে ফৈজৰ প্ৰদৰ্শন দেখি উৎফুল্লিত হৈ অৰুণিতাই কয় যে ৰকষ্টাৰ ফৈজে ট্ৰফী জয় কৰা আৰু চুপাৰষ্টাৰ চিংগাৰ ২ ৰ বিজয়ী হিচাপে মুকুট পিন্ধা দেখি তেঁও অত্যন্ত উৎফুল্লিত । লগতে যোধপুৰৰ ফৈজ, ধৰ্মকোটৰ মণি, পশ্চিম বংগৰ প্ৰাঞ্জল বিশ্বাস, মোহালিৰ চৈয়শা গুপ্তা, আৰিয়ানন্দা আৰ বাবু আৰু কেৰালাৰ ৰিতুৰাজৰ লগতে শীৰ্ষ ৬ জন প্ৰতিযোগীৰ প্ৰশংসা কৰে প্ৰতিষ্ঠিত কণ্ঠশিল্পী অলকা য়াগনিকে ।

জনপ্ৰিয় কণ্ঠশিল্পী হিমেশে বিজয়ী ফৈজক অভিনন্দন জনাই কয় যে, ফৈজ আৰম্ভণিৰ পৰাই সম্পূৰ্ণ ৰকষ্টাৰ হৈ আহিছে আৰু ধাৰাবাহিকভাৱে সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি আহিছে । তেওঁ ফৈজক লৈ বহু গৌৰৱান্বিত বুলিও উল্লেখ কৰে । লগতে জাভেদে প্ৰতিযোগী আৰু বিজয়ীসকলক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে তেওঁলৈ ব্যক্তিগতভাৱে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা শিশুসকলৰ প্ৰশংসা কৰি বহুতে বাৰ্তা প্ৰণ কৰিছে । তেওঁ সকলো প্ৰতিযোগীৰ বাবে অত্যন্ত গৌৰৱান্বিত বুলি উল্লেখ কৰে । উল্লেখযোগ্য যে চুপাৰষ্টাৰ চিংগাৰ ২ চনি এণ্টাৰটেইনমেণ্ট টেলিভিছনত সম্প্ৰচাৰিত হৈছিল ।

লগতে পঢ়ক: Rashmika Mandanna bollywood debut: গুডবাইৰে বলীউডত আত্মপ্ৰকাশ কৰিব ৰশ্মিকা মান্দানাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.