ETV Bharat / entertainment

ব্ৰেকআপ হ’ল বিগ বছ ১৩ খ্যাত অসীম ৰিয়াজ-হিমাংশী খুৰানাৰ, হিমাংশীয়ে ক’লে বিচ্ছেদৰ কাৰণ

author img

By ANI

Published : Dec 7, 2023, 11:13 AM IST

Himanshi Khurana and Asim Riaz Break Up: ব্ৰেকআপ হ’ল বিগ বছ ১৩ খ্যাত অসীম ৰিয়াজ আৰু হিমাংশী খুৰানাৰ । এই তথ্য ছ’চিয়েল মিডিয়াত দিলে হিমাংশীয়ে ।

Himanshi Khurana announces break up with Asim Riaz, says "sacrificing love for different religious beliefs"
হিমাংশী খুৰানা আৰু অসীম ৰিয়াজৰ বিচ্ছেদ

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ : বিগ বছ ১৩ৰ পৰা খ্যাতি লাভ কৰা প্ৰেমিক-প্ৰেমিকা অসীম ৰিয়াজ আৰু হিমাংশী খুৰানাৰ বিষয়ে মনত আছে ? যদি আপুনি এগৰাকী বিগ বছ প্ৰেমী তেতিয়া হ’লে নিশ্চয় এই দুগৰাকীক চিনি পাব ৷ কিন্তু এতিয়া অসীম ৰিয়াজ আৰু হিমাংশী খুৰানাৰ বিষয়ে আহিছে এটা বেয়া খবৰ ৷ দৰাচলতে বহু বছৰে সম্পৰ্কত থকাৰ পাচত এতিয়া দুয়োগৰাকীৰ সম্পৰ্কত বিচ্ছেদ ঘটিছে । হয়, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই খবৰ নিশ্চিত কৰিছে খোদ হিমাংশীয়ে ।

বিচ্ছেদ ঘটিল হিমাংশী-অসীমৰ

হিমাংশীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে- হয়, আমি আৰু একেলগে নাই । আমি যিখিনি সময় একেলগে কটালো সেয়া বহুত ভাল আছিল, কিন্তু এতিয়া আৰু আমি একেলগে নাই । আমাৰ সম্পৰ্কৰ যাত্ৰা আছিল অসাধাৰণ, কিন্তু এতিয়া আমি নিজ নিজ ধৰ্মক সন্মান জনাই আমাৰ জীৱনত আগবাঢ়িছো । আমি আমাৰ ভিন্ন ধৰ্মীয় বিশ্বাসৰ বাবেই আমাৰ প্ৰেমক ত্যাগ কৰিবলগীয়া হৈছে । আমাৰ ইগৰাকীৰ সিগৰাকীৰ বিৰুদ্ধে কোনো অভিযোগ নাই । আমাৰ গোপনীয়তাক সন্মান কৰিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছো । আপোনালোকৰ হিমাংশী ।

অসীম-হিমাংশীৰ প্ৰেম কাহিনী

অনুৰাগীয়ে হিমাংশী আৰু অসীমক যথেষ্ট মৰম দিছিল । অনুৰাগীয়ে তেওঁলোকক 'Asimanshi' বুলি অভিহিত কৰিছিল । দুয়োৰে ফটো আৰু ভিডিঅ’বোৰৰ বাবে প্ৰায়ে অনুৰাগীয়ে অপেক্ষা কৰিছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে দুয়োৰে প্ৰেমৰ যাত্ৰা আৰম্ভ হৈছিল বিগ বছ ১৩ ৰ পৰা । শ্ব’টোত হিমাংশী আছিল ৱাইল্ড কাৰ্ড প্ৰতিযোগী । অসীমে হিমাংশীৰ প্ৰেমত পৰিছিল আৰু গোটেই ছিজনটোত হিমাংশীৰ লগত ফ্লাৰ্ট কৰা দেখা গৈছিল অসীমক । অৱশ্যে সেই সময়ত হিমাংশী আন কাৰোবাৰ সৈতে সম্পৰ্কত আছিল, কেৱল সম্পৰ্কতেই নহয়, হিমাংশীৰ এংগেজমেণ্টো হৈছিল । কিন্তু পিচত হিমাংশীয়ে নিজৰ এংগেজমেণ্ট ভাঙি অসীমৰ লগত সম্পৰ্কত অহাৰ সিদ্ধান্ত লয় । অসীমে হিমাংশীক বিগ বছ হাউচতে প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু শ্ব’টো এৰাৰ পূৰ্বে দুয়ো সম্পৰ্কত আহিছিল ৷ তাৰ পাচত শ্ব’টোৰ পৰা ওলোৱাৰ পিচতো চাৰি বছৰ একেলগে আছিল দুয়ো ৷ কিন্তু এতিয়া চাৰি বছৰ পাচত এই সিদ্ধান্ত লয় অসীম আৰু হিমাংশীয়ে ৷

লগতে পঢ়ক: ছানী দেওলৰ মদ্যপান কৰা ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.