ETV Bharat / entertainment

Pulwama Attack : পুলৱামা আক্ৰমণৰ ওপৰত নিৰ্মাণ হৈছে ৱেব-ছিৰিজ, এই ২ জন অভিনেতাক দেখা যাব ৱেব-ছিৰিজত

author img

By

Published : May 12, 2023, 7:15 PM IST

পুলৱামা আক্ৰমণৰ ওপৰত নিৰ্মাণ হ’ব ৱেব-ছিৰিজ । এই ধাৰাবাহিকখনৰ নাম হ’ব ‘গ্ৰে ৱাৰ্ছ’ Pulwama Attack ।

Grey Wars web series based on Pulwama Attack , Ashutosh Rana and Jimmy Shergill to lead
পুলৱামা আক্ৰমণৰ ওপৰত নিৰ্মাণ হ’ব ৱেব-ছিৰিজ

চিটাৰা ডেস্ক, 12 মে’: ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছিল এক ভয়ানক ঘটনা ৷ চিআৰপিএফৰ বিশাল কনভয়ত সন্ত্ৰাসবাদীয়ে চলাইছিল আক্ৰমণ ৷ এই ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৪০ জনকৈ বীৰ জোৱানে ৷ আনহাতে আহত হৈছিল প্ৰায় ৩৫ জন । পুলৱামা আক্ৰমণত প্ৰাণ হেৰুওৱা শ্বহীদসকলক স্মৰণ কৰি আজিও বুকু কঁপি উঠে ৷

এতিয়া এই পুলৱামা আক্ৰমণক এখন ৱেব-চিৰিজ প্ৰস্তুত কৰি দেশবাসীৰ সন্মুখত উপস্থাপন কৰা হ’ব (Grey Wars) । দেশত বহু সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে, প্ৰায় প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণক লৈ বলীউডে নিৰ্মাণ কৰিছে ছবি আৰু ছবিসমূহৰ জৰিয়তে আক্ৰমণৰ বাস্তৱতা ৰাইজৰ সন্মুখত দাঙি ধৰে (Pulwama Attack Grey Wars) ।

এতিয়া শেহতীয়া খবৰ অনুসৰি পুলৱামা আক্ৰমণৰ ওপৰত এখন ৱেব-ছিৰিজো প্ৰস্তুত কৰা হ’ব । এই ধাৰাবাহিকখনৰ নাম ‘গ্ৰে ৱাৰ্ছ’। এই ধাৰাবাহিকখনত বলীউডৰ দুই অভিনেতা আশুতোষ ৰানা আৰু জিমি শ্বাৰগিলক মুখ্য চৰিত্ৰত দেখা যাব । ইতিমধ্যে জিমিয়ে কেইবাখনো ৱেব-ছিৰিজত নিজৰ উৎকৃষ্ট অভিনয়েৰে হৃদয় জয় কৰিছিল । Sphere Origins Production য়ে এই ধাৰাবাহিকখন প্ৰযোজনা কৰিছে (Grey Wars web series) ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ধাৰাবাহিকখনৰ কাম বহুদিন ধৰি চলি আছে (Ashutosh Rana and Jimmy Shergill)। এই সন্দৰ্ভত নিৰ্মাতাসকলে বিশেষ তথ্য প্ৰকাশ কৰা নাই । এই ধাৰাবাহিকখনৰ কাহিনীভাগ প্ৰস্তুত কৰা হৈছে আৰু প্ৰি-প্ৰডাকচনৰ কাম চলি আছে (Ashutosh Rana and Jimmy Shergill Grey Wars) ।

এই ধাৰাবাহিকখন কেতিয়া মুক্তি লাভ কৰিব সেই সন্দৰ্ভত একো তথ্য পোৱা নাই ৷ উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত বোমাৰে আক্ৰমণ কৰিছিল, য’ত দেশৰ বহু জোৱান শ্বহীদ হৈছিল । একে সময়তে এই আক্ৰমণৰ ৪ বছৰ হ’ল । শেহতীয়াকৈ এজন প্ৰবীণ ৰাজনৈতিক নেতাই এই আক্ৰমণৰ সন্দৰ্ভত অতি আচৰিত ধৰণৰ কথা প্ৰকাশ কৰিছিল । এই আক্ৰমণৰ বাবে এই ৰাজনীতিবিদজনে বৰ্তমানৰ চৰকাৰক জগৰীয়া কৰিছিল ।

লগতে পঢ়ক: Bigg Boss OTT 2: এইবাৰ কোনে হোষ্ট কৰিব বিগ বছ অ’টিটি 2 ? কেতিয়াৰ পৰা আৰম্ভ হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.