ETV Bharat / entertainment

জীৱন-মৃত্যুৰে যুঁজিছে চিআইডিৰ খ্যাত ফ্ৰেডী ওৰফে দিনেশ ফাডনিছ, কেনে আছে এতিয়া ? জনালে দয়াই

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 12:00 PM IST

Updated : Dec 3, 2023, 12:33 PM IST

CIDs Fredericks Aka Dinesh Phadnis Suffers Heart Attack: চিআইডিত পৰিদৰ্শক ফ্ৰেডীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দীনেশ ফাডনিছৰ অনুৰাগীৰ বাবে আহি আছে এক বেয়া খবৰ । সম্প্ৰতি মুম্বাইৰ টুংগা হাস্পতালত ভৰ্তি হৈ আছে অভিনেতাগৰাকী । হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী ৷

CID fame Dinesh Phadnis aka Freddy suffered from heart attack
চিআইডি ফ্ৰেডেৰিকছ ওৰফে দীনেশ ফাডনিছ অসুস্থ

চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: এসময়ত জনপ্ৰিয় টেলিভিছন শ্ব’ CID প্ৰতি ঘৰে ঘৰে মানুহৰ প্ৰিয় আছিল । বছৰ বছৰ ধৰি দৰ্শকে এই শ্ব’টো অতি আগ্ৰহেৰে চাই আহিছে । শ্ব’টোৰ প্ৰতিটো চৰিত্ৰ মানুহৰ প্ৰিয় বুলি ক’ব পাৰি । শেহতীয়াকৈ চি আই ডিৰ ইন্সপেক্টৰ ফ্ৰেডেৰিকছ ওৰফে দীনেশ ফাডনিছক লৈ এক অতি দুখজনক খবৰ পোহৰলৈ আহিছে । সংবাদ মাধ্যমৰ অনুসৰি হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

তথ্য অনুসৰি দীনেশৰ অৱস্থা আগৰ তুলনাত ভাল যদিও এতিয়াও তেওঁ ভেন্টিলেটৰৰ সহায়ত আছে । জীৱন-মৃত্যুৰে যুঁজি আছে দিনেশ ৷ এতিয়া দিনেশৰ বাবে চিন্তিত হৈ পৰিছে অনুৰাগী । হৃদৰোগত আক্ৰান্ত হোৱাৰ পিচতে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই খবৰৰ তথ্য শ্বেয়াৰ কৰিছে দয়ানন্দ শেট্টীয়ে ।

চি আই ডিৰ দয়াই দিলে তথ্য

উল্লেখ্য যে, চি আই ডিত দয়াৰ চৰিত্ৰত অভিনয় কৰা দয়ানন্দ শেট্টী দীনেশ ফাডনিছৰ অতি ভাল বন্ধু । সেয়েহে, তেওঁৰ বন্ধুৰ স্বাস্থ্যৰ আপডেট অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে দয়াই । দয়াই কয়, ‘‘দীনেশ জীৰ অৱস্থা আগতকৈ অলপ ভাল হৈছে ৷ তেওঁৰ শৰীৰেও আগৰ তুলনাত ভাল সঁহাৰি দিছে । আমি সকলোৱে প্ৰাৰ্থনা কৰিছো যাতে তেওঁ অতি সোনকালে সুস্থ হৈ উঠে ।’’

এই শ্ব’বোৰত দেখা গৈছে দীনেশক

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে চিআইডি হৈছে মানুহৰ প্ৰিয় শ্ব’ যিটো ৯০ৰ দশকৰ পৰা চলি আহিছে । শ্ব’টোত দীনেশ ফাডনিছৰ ইন্সপেক্টৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰটোৱে মানুহক বহুত মনোৰঞ্জন দিছে । ইয়াৰ উপৰিও তেওঁ জনপ্ৰিয় শ্ব’ ‘তাৰক মেহতা কা উল্টা চশমা’ শ্ব’ত কাম কৰিছে । বৰ্তমান তেওঁ মাৰাঠী ছবিৰ চিত্ৰনাট্যৰ কাম কৰি আছে ।

লগতে পঢ়ক: বন্ধুৰ স্বাস্থ্যৰ বুজ ল’লে জনী লিভাৰে, চিকিৎসকে মেহমুদক দিলে ৪০ দিনৰ সময়সীমা

Last Updated : Dec 3, 2023, 12:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.