ETV Bharat / entertainment

Bigg Boss 17: বিগ বছৰ প্ৰতিটো খণ্ডৰ বাবে কিমান কোটি টকা লয় ছলমান খানে, জানিলে হতবাক হ’ব আপুনি

অতি সোনকালেই আহিবলগীয়া ‘বিগ বছ ১৭’ ক লৈ অতিশয় উৎসাহিত হৈ আছে অনুৰাগীসকল । এনে পৰিস্থিতিত ১৭ সংখ্যক ছিজনৰ বাবে ছলমানে কিমান পাৰিশ্ৰমিক ল’ব সেয়া জানিবলৈও উৎসুক হৈ পৰিছে দৰ্শক ৷

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:52 PM IST

Bigg Boss 17: How much is Salman Khan charging to host the new season of Bigg Boss?
ছলমান খানৰ বিগ বছৰ পাৰিশ্ৰমিক

চিটাৰা ডেস্ক, 12 অক্টোবৰ: ভাৰতীয় টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় আৰু বিতৰ্কিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৭’ৰ গ্ৰেণ্ড প্ৰিমিয়াৰৰ কাউণ্টডাউন আৰম্ভ হৈছে । ছুপাৰষ্টাৰ ছলমান খানৰ দ্বাৰা আঁত ধৰা এই শ্ব’টো ১৪ অক্টোবৰৰ পৰা কালাৰ্ছ টিভিত প্ৰচাৰ আৰম্ভ হ’ব ৷ এই শ্ব’টোৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে ৷ এতিয়া এই বছৰ কি নাটক আৰু মনোৰঞ্জন দেখিবলৈ পাব শ্ব’টোত, তাকে লৈ উৎসাহিত হৈ পৰিছে অনুৰাগী ৷ কিন্তু শ্ব’ আৰম্ভ হোৱাৰ আগতেই সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে ছলমান খানে বিগ বছ ১৭ সঞ্চালনা কৰাৰ বাবে কিমান পাৰিশ্ৰমিক লাভ কৰিছে ? হয়তো আপোনাৰো মনত উদয় হৈছে একে প্ৰশ্ন ৷ তেতিয়াহ'লে এই প্ৰতিবেদনত জানি লওক ইয়াৰ উত্তৰ ৷

এক সূত্ৰ অনুসৰি জানিব পৰা মতে ছলমান খানে এই শ্ব’টো সঞ্চালনাৰ বাবে প্ৰতি সপ্তাহত ১২ কোটি টকাৰ বিপুল ধন লাভ কৰিব, অৰ্থাৎ প্ৰতিটো খণ্ডৰ বাবে তেওঁ পাব ৬ কোটি টকা । যদিহে এই শ্ব’টো প্ৰায় চাৰি মাহৰ বাবে চলি থাকে তেন্তে ছলমান খানে গোটেই ছিজনটোৰ বাবে পাব ২০০ কোটি টকা ৷

অৱশ্যে অভিনেতাগৰাকীৰ পাৰিশ্ৰমিক সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি নিৰ্মাতাই বা স্বয়ং ছুপাৰষ্টাৰগৰাকীয়েও প্ৰকাশ কৰা নাই ৷ ২০১০ চনত বিগ বছৰ চতুৰ্থ ছিজনত যোগদান কৰা ছলমান খানে শ্ব’টোৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে । অভিনেতাগৰাকীৰ বাবেই শ্ব’টোৱে লাভ কৰিছে লাখ লাখ অনুৰাগী আৰু শ্ব’টোৰ ৰেটিঙো বৃদ্ধি পাইছে । নিঃসন্দেহে তেওঁ ভাৰতৰ ভিতৰতে সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টিভি সঞ্চালকৰ ভিতৰত অন্যতম, বছৰ বছৰ ধৰি তেওঁৰ পাৰিশ্ৰমিক ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগ বছৰ প্ৰতিটো খণ্ডৰ বাবে ছলমান খানে কিমান মাচুল লৈছে ইয়াৰ তালিকা তলত উল্লেখ কৰা হৈছে ৷

- ছিজন ৪ ৰ পৰা ৬ লৈকে : ২.৫ কোটি টকা

- ছিজন ৭ : ৫ কোটি টকা

- ছিজন ৮: ৫.৫ কোটি টকা

- ছিজন ৯: ৭-৮ কোটি টকা

- ছিজন ১০: ৮ কোটি টকা

- ছিজন ১১: ১১ কোটি টকা

- ছিজন ১২: ১২-১৪ কোটি টকা

- ছিজন ১৩: ১৫.৫০ কোটি টকা

- ছিজন ১৪: ২৫ কোটি টকা

লগতে পঢ়ক: Tiger 3: ছলমান খানৰ সৈতে অৰ্জুন কাপুৰৰ শীতল যুদ্ধৰ অন্ত পৰিল নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.