ETV Bharat / entertainment

Bigg Boss 17: বিগ বছ ১৭ত সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই পুনৰ আৱেগিক হৈ পৰিল অংকিতা লোখণ্ডে

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 11:40 AM IST

আকৌ এবাৰ বিগ বছ হাউচত প্ৰয়াত অভিনেতা সুশান্তৰ চৰ্চা । অভিষেক কুমাৰৰ লগত বহি সুশান্তৰ কথা পাতি থকা দেখা গ’ল অংকিতা লোখণ্ডেক ।

bigg-boss-17 Ankita Lokhande again remembered Sushant Singh Rajput in latest episode, watch video
বিগ বছ হাউচত প্ৰয়াত অভিনেতা সুশান্তৰ চৰ্চা

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: ‘বিগ বছ ছিজন ১৭’ আৰম্ভ হোৱাৰ তিনি সপ্তাহ পাৰ হৈ গ’ল । এই শ্ব’টো দিনক দিনে অধিক আকৰ্ষণীয় হৈ গৈ আছে । এই ছিজনত অংকিতা লোখণ্ডে তেওঁৰ মন্তব্যৰ বাবে বহুবাৰ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কেতিয়াবা যদি তেওঁৰ স্বামী বিকি জৈনৰ সৈতে তেওঁৰ কাজিয়াৰ বাবে শিৰোনাম দখল কৰিছে, আন কেতিয়াবা আকৌ প্ৰয়াত প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ বিষয়ে শ্ব’টোত উল্লেখ কৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । এই শ্ব’টোত অংকিতাই প্ৰায়ে সুশান্ত সিং ৰাজপুতৰ কথা কোৱা দেখা যায় । এইবাৰ আকৌ সুশান্তক মনত পেলাই শ্ব’টোত আৱেগিক হৈ পৰিল অংকিতা ।

সুশান্তক মনত পেলাই চকুলো বৈ আহিল অংকিতাৰ

Colors য়ে শ্বেয়াৰ কৰা শেহতীয়া প্ৰ’মোত অংকিতা আৰু অভিষেক কুমাৰক বাগিচাৰ এলেকাত বহি থকা দেখা গৈছে । য’ত অংকিতাই সুশান্তৰ বিষয়ে কৈছে যে তেওঁ (সুশান্ত) কঠোৰ পৰিশ্ৰমী আছিল আৰু সুশান্ততকৈ কঠোৰ পৰিশ্ৰমী মানুহ মই কেতিয়াও দেখা নাই । এই বিষয়ে অভিষেকে কয় যে যদি তেওঁৰ বিষয়ে কথা পাতিলে আপোনাৰ বেয়া লাগে তেন্তে তেওঁৰ বিষয়ে মই কোনো কথা নাপাতো আপোনাৰ লগত ৷ কিন্তু এই সন্দৰ্ভত অংকিতাই কয় যে তেওঁ সুশান্তক লৈ গৌৰৱ অনুভৱ কৰে আৰু এই কথা কোৱাৰ লগে লগে চকুলো বৈ আহে অংকিতাৰ ।

যমজ সন্তান জন্ম দিব নেকি অংকিতাই ?

ইয়াৰ উপৰিও আগন্তুক খণ্ডবোৰত অংকিতাৰ সন্তানৰ বিষয়ে এটা ভৱিষ্যদ্বাণী কৰা দেখা যাব শ্ব’টোৰ এগৰাকী প্ৰতিযোগীক । দৰাচলতে শেহতীয়া আন এটা প্ৰ’মোত ছানী আৰিয়া ওৰফে তহলকা ভাতৃয়ে অংকিতাৰ মুখখন পঢ়ি ভৱিষ্যদ্বাণী কৰা দেখা যায় । তেওঁ প্ৰথমে অংকিতাৰ স্বামী বিকিৰ মুখখন পঢ়ি কয় যে তেওঁৰ দুজন বিশেষ বন্ধু আছে যাৰ লগত তেওঁ সকলো কথা শ্বেয়াৰ কৰে । ইয়াৰ পিচত তহলকাই অংকিতাৰ বিষয়ে ক’লে যে অহা বছৰটো তেওঁৰ বাবে ভাল হ’ব, অংকিতাই লাভ কৰিব ডাঙৰ ডাঙৰ প্ৰজেক্টৰ প্ৰস্তাৱ আৰু অতি সোনকালে অংকিতাই জন্ম দিব এটি কন্যা সন্তান ।

জিগনা ভোৰাই ক’লে অংকিতাৰ যমজ সন্তান জন্ম হ’ব

এই সন্দৰ্ভত জ্যোতিষী জিগনা ভোৰাই অংকিতাৰ ভৱিষ্যদ্বাণী কৰে ৷ তেওঁ কয় যে তহলকাই মুখ পঢ়ে আৰু সংখ্যাৰ পৰা ভৱিষ্যত কয় । জিগনাই কয় যে ২০২৫ চনত অংকিতা মাতৃ হ’ব । ইয়াৰ পূৰ্বে এইটো সম্ভৱ নহয় আৰু একেলগে দুটা সন্তান জন্ম দিব অংকিতাই । এই বিষয়ে অংকিতাই কয় যে বহুতে মোক কৈছে যে মোৰ যমজ সন্তান হ’ব । ইয়াৰ লগতে অংকিতাই কয় যে মই মাত্ৰ এটি কন্যা সন্তান বিচাৰো ।

লগতে পঢ়ক: BB 17 Celebs Education: কোন কিমান শিক্ষিত ? কোনে পঞ্চম শ্ৰেণীৰ পিচত এৰিবলগীয়া হৈছিল বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.